ভাৰতীয় নাৱিকৰ মৃত্যুক লৈ আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ ওচৰত তীব্ৰ প্ৰতিবাদ এছ জয়শংকৰৰ
আমেৰিকাৰ নৌসেনাৰ পৰাই আক্ৰমণ কৰা বুলি পুনৰ দাবী ভাৰতৰ ।

Published : June 13, 2026 at 2:23 PM IST
নতুন দিল্লী: ওমানৰ মাছিৰা দ্বীপৰ পৰা ১৫ নটিকেল মাইল দূৰৈত এখন ভাৰতীয় জাহাজত আমেৰিকাৰ ক্ষেপণাস্ত্ৰই আঘাত কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । উপসাগৰত আমেৰিকাৰ নৌসেনাৰ আক্ৰমণত তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যু হোৱাক লৈ মন্ত্ৰী জয়শংকৰে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ ওচৰত তীব্ৰ প্ৰতিবাদ জনাইছে ।
বৈদেশিক মন্ত্ৰী জয়শংকৰে বাণিজ্যিক জাহাজৰ বিৰুদ্ধে এনে কাৰ্যক অযুক্তিকৰ বুলি মন্তব্য় কৰে । এক্সৰত এটা পোষ্টত বৈদেশিক মন্ত্ৰী জয়শংকৰে কয়, "আজি সন্ধিয়া আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে কথোপকথন হ'ল । উপসাগৰত আমেৰিকাৰ নৌসেনাৰ আক্ৰমণত তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যু হোৱাত ভাৰতৰ তীব্ৰ প্ৰতিবাদ পুনৰ উল্লেখ কৰিলো ।"
Spoke to US Secretary of State Marco Rubio this evening. I reiterated India’s strong protest at the attacks by the US Navy in the Gulf that killed three Indian mariners. Such lethal actions against commercial shipping are not justified.
— Dr. S. Jaishankar (@DrSJaishankar) June 12, 2026
মন্ত্ৰী জয়শংকৰে কয়, "এই আক্ৰমণটো তাত নিয়োজিত আমেৰিকাৰ নৌসেনাৰ পৰা কৰা হৈছে । বিভিন্ন প্ৰতিবেদনত আপুনি দেখাৰ দৰে, লগতে আমাৰ বক্তব্যৰ জৰিয়তে আৰু এই মঞ্চৰ পৰা যিবোৰ স্পষ্ট কৰা হৈছে, সেইবোৰতো দেখা গ'লহেঁতেন যে এই কাণ্ডৰ সৈতে জড়িত তিনিখন জাহাজ বিদেশী পতাকাযুক্ত ।"
ওমান উপসাগৰত এখন বাণিজ্যিক টেংকাৰত আমেৰিকাৰ সামৰিক আক্ৰমণত তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যুৰ হোৱাৰ পিছতে এইদৰে মন্তব্য কৰে বৈদেশিক মন্ত্ৰী জয়শংকৰে । ইৰাণৰ বন্দৰত চলি থকা নৌসেনাৰ অৱৰোধ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত বুধবাৰে এমটি ছেটেবেলো নামৰ জাহাজখনলৈ ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিছিল ।
উল্লেখ্য় যে উক্ত আক্ৰমণত জাহাজত থকা ২৪ জন ভাৰতীয় ক্ৰু মেম্বাৰৰ ভিতৰত ২১ জনক উদ্ধাৰ কৰা হৈছে । ইয়াৰ বিপৰীতে আন তিনিজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হয় । ইফালে, শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ওমানৰ উপকূলত বাণিজ্যিক জাহাজত চলি থকা আক্ৰমণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমেৰিকাৰ চাৰ্জ ডি এফেয়াৰ্ছ জেছন মিক্সক মাতি আনে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰা মতে, এমটি ছেটেবেলো জাহাজখনত হোৱা আক্ৰমণত প্ৰাণ হেৰুওৱা তিনি ভাৰতীয় নাৱিকক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ মৃতদেহ অতি সোনকালে ভাৰতলৈ অনাৰ প্ৰচেষ্টা চলি আছে ।
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণে হৰমুজ প্ৰণালীৰ পৰা ওলাই অহা ভাৰতীয় জাহাজসমূহৰ বিৰুদ্ধে ড্ৰ’ন আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইছলামিক ৰিপাব্লিকে কৰা অভিযোগ সম্পূৰ্ণ অগ্ৰাহ্যযোগ্য, ভিত্তিহীন বুলি মন্তব্য় কৰিছে ।
ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে কয়, "যোৱা নিশা হৰমুজ প্ৰণালী এৰি যোৱা ভাৰতীয় জাহাজৰ বিৰুদ্ধে তেওঁলোকৰ (ইৰাণৰ) ড্ৰ'ন আক্ৰমণ সম্পূৰ্ণৰূপে অগ্ৰাহ্যযোগ্য । "
The U.S. president's accusation against Iran regarding an Indian vessel in the Strait of Hormuz is simply baseless. It is an attempt to divert public attention from the brutal fact that the U.S. has attacked 3 Indian vessels in less than a week and killed 3 innocent Indian… https://t.co/2UiXWAMulM
— Iran in India (@Iran_in_India) June 12, 2026
এক্স'ত এটা পোষ্টত ভাৰতত থকা ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ দূতাবাসৰ অফিচিয়েল একাউণ্টে শ্বেয়াৰ কৰিছে, "হৰমুজ প্ৰণালীত ভাৰতীয় জাহাজ সন্দৰ্ভত ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৰা অভিযোগ কেৱল ভিত্তিহীন । এসপ্তাহ নৌহওঁতেই আমেৰিকাই তিনিখন ভাৰতীয় জাহাজ আক্ৰমণ কৰি ৩ জন নিৰীহ ভাৰতীয় নাৱিকক হত্যা কৰা এই নিষ্ঠুৰ সত্যৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই নিয়াৰ প্ৰয়াস ।"
লগতে পঢ়ক:ওমানৰ ওচৰত বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, ৩ ভাৰতীয় নাৱিকৰ মৃত্যু

