প্ৰথমে অশ্লীল ইংগিত, তাৰ পাছত মাৰ-ধৰ: ৰাজধানী দিল্লীত অসম-নাগালেণ্ডৰ যুৱতীক নিৰ্যাতন
পুনৰ উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে দিল্লীত ৷ নেহৰু প্লেচ অঞ্চলত অসম আৰু নাগালেণ্ডৰ যুৱতীক মাৰ-ধৰ কৰাৰ লগতে শ্লীলতা হানিৰ চেষ্টা ৷

Published : May 11, 2026 at 1:43 PM IST
নতুন দিল্লী: দেশৰ ৰাজধানী দিল্লীত পূৰ্বোত্তৰৰ যুৱক-যুৱতী নিৰ্যাতনৰ বলি হোৱা সমস্যাটো দীৰ্ঘদিনীয়া । প্ৰায়ে এই বিষয়ে বিভিন্ন খবৰ ওলাই থাকে । কেতিয়াবা নিৰ্যাতন, কেতিয়া তুচ্চ-তাচ্ছিল্যৰ সন্মুখীন হয় উত্তৰ-পূবৰ পৰা যোৱা যুৱক-যুৱতীসকল । সঁচাকৈয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ বাবে সুৰক্ষিত নহয় নেকি ৰাজধানী দিল্লী ? এই প্ৰশ্ন সঘনাই উত্থাপিত হৈ আহিছে ৷
এইবাৰ পুনৰ উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে দিল্লীত ৷ নেহৰু প্লেচ অঞ্চলত অসম আৰু নাগালেণ্ডৰ যুৱতীক মাৰ-ধৰ কৰাৰ লগতে শ্লীলতা হানিৰ চেষ্টা ৷ অভিযোগ অনুসৰি কেইজনমান যুৱকে প্ৰথমে যুৱতী কেইগৰাকীক অশ্লীল ইংগিত দিয়ে আৰু তাৰ পাছত পথৰ মাজতেই তেওঁলোকৰ সৈতে মাৰ-পিটত লিপ্ত হয় ৷ এই ঘটনাৰ পাছতেই আৰক্ষীয়ে তদন্তৰ বাবে উপস্থিত হয় ।
তথ্য অনুসৰি ভুক্তভোগীয়ে কয়, ‘‘যোৱা দেওবাৰে সন্ধিয়া নিজৰ বান্ধবীৰ সৈতে মই নেহৰু প্লেছলৈ গৈছিলোঁ । তেতিয়াই সেই স্থানত বহি থকা কেইজনমান যুৱকে মোক উদ্দেশ্যি অশ্লীল মন্তব্য কৰে আৰু মোৰ সৈতে দুৰ্ব্যৱহাৰ কৰে ৷ যেতিয়া মই মোৰ ফোনেৰে ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ ল’লোঁ, তেতিয়া তেওঁলোকে মোক ঘেৰি ধৰি অশ্ৰাব্য গালি-গালাজ কৰে ৷ মোৰ বান্ধৱীকো তেওঁলোকে গালি দিয়ে ৷ লগতে মোৰ কাপোৰ-কানি ফালি পেলায় ৷ তাৰ পাছত যেতিয়া মই আৰক্ষীক ফোন কৰোঁ, তেতিয়া যুৱককেইজন পলায় যায় ৷ তেওঁলোকে কিয় এনে কৰিলে মই বুজি নাপালোঁ ৷ এতিয়া আৰক্ষীয়ে আমাৰ সৈতে সহযোগিতা কৰিছে ৷ অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সন্ধান অব্যাহত ৰাখিছে ৷’’
এই ঘটনা সন্দৰ্ভত দিল্লীৰ দক্ষিণ-পূব মণ্ডলৰ ডিচিপি ড৹ হেমন্ত তিৱাৰীয়ে কয় যে আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছত অভিযুক্তৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে ৷ ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰা হৈছে আৰু অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব ৷ ইয়াৰ পূৰ্বে মালব্য নগৰ অঞ্চলতো উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱা ঘটনা সংঘটিত হৈছিল ৷ অশালীন মন্তব্য কৰাৰ লগতে যুৱতী কেইগৰাকীক নিৰ্যাতন চলাইছিল একাংশ যুৱকে ৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি যুৱককেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতত হাজিৰ কৰে ৷
লগতে পঢ়ক: বিজেপি-তৃণমূল কংগ্ৰেছ কৰ্মীৰ সংঘাতৰ চৰম পৰ্যায় ; দুগৰাকীকৈ আৰক্ষী গুৰুতৰভাৱে আহত

