ক্ষুধাতুৰৰ বাবে সম্প্ৰসাৰিত হাত : চৰকাৰী চিকিৎসালয়ত ৰোগীক খুৱাবলৈ একত্ৰিত স্বেচ্ছাসেৱী সংগঠন
"আমাৰ লক্ষ্য- সাধাৰণ, কোনো ৰোগী বা আত্মীয়ই দৰিদ্ৰতাৰ বাবে যাতে ভোকত থাকিব নালাগে । খাদ্য পৰিৱেশনে মনত অনাবিল শান্তি দিয়ে ।" এগৰাকী স্বেচ্ছাসেৱকে কয় ।

Published : February 27, 2026 at 2:48 PM IST
ধৰ্মাৱৰাম (অন্ধ্ৰপ্ৰদেশ) : এখন চৰকাৰী চিকিৎসালয়ত এক ব্যতিক্ৰমী কৰ্ম । মানৱ সেৱাৰ এক অপূৰ্ব নিদৰ্শন । ৰোগীৰ চিকিৎসাৰ সমান্তৰালকৈ এটা স্বেচ্ছাসেৱী দলে ৰাখিছে খোৱাৰ যতন । অন্ধ্ৰপ্ৰদেশৰ ধৰ্মাৱৰামৰ এটা দলৰ এই মানৱীয় কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।
যিসময়ত কোনো এজন ব্যক্তিৰ অসুস্থতাই এটা পৰিয়ালৰ ওপৰত ইতিমধ্যে বোজা জাপি দিয়ে, সেই সময়ত ভোকত থাকি তেওঁলোকৰ দুখ-কষ্ট বৃদ্ধি কৰা উচিত নহয় । তেনেক্ষেত্ৰত মমতাৰ এক উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি ধৰ্মাৱৰামৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে একত্ৰিত হৈ চৰকাৰী চিকিৎসালয়লৈ অহা ৰোগী আৰু তেওঁলোকৰ পৰিচাৰকসকল যাতে ভোকত থাকিবলগা নহয় তাৰ ব্যৱস্থা কৰিছে ।
বিভিন্ন দাতাৰ সহায়ত এই সংস্থাসমূহে প্ৰতিদিনে খাদ্য, জলপান, ৰুটি, গাখীৰ, ফল-মূল বিতৰণ কৰি চিকিৎসালয়ৰ চৌহদটোক এক মানৱীয় যত্ন আৰু কৰ্মৰ স্থানলৈ নীৰৱে ৰূপান্তৰিত কৰিছে । তেওঁলোকৰ এই সেৱাই কৰ্মত মানৱতাৰ এক উজ্জীৱিত নিদৰ্শন হিচাপে দেখা দিছে ।
ব্যক্তিগত ত্যাগৰ সৈতে সেৱা
ৰজনী ট্ৰাষ্টৰ তত্ত্বাৱধানত দৈনিক প্ৰায় ১০০ জন লোকৰ বাবে খাদ্য আৰু জলপানৰ ব্যৱস্থা কৰা হৈছে । স্থানীয় কাউন্সিলাৰ কেথা লোকেশে দহজন স্বেচ্ছাসেৱকৰ সৈতে এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । এই প্ৰচেষ্টাক বিশেষ কৰি তোলা কথাটো হ’ল স্বেচ্ছাসেৱকসকলে এই সেৱাৰ বাবে নিজৰ উপাৰ্জনৰ এটা অংশ ইয়াত অৱদান হিচাপে আগবঢ়ায় ।
“আমাৰ লক্ষ্য অতি সাধাৰণ, কোনো ৰোগী বা আত্মীয়ই দৰিদ্ৰতাৰ বাবে যাতে ভোকাতুৰ হৈ থাকিব নালাগে ।” এজন স্বেচ্ছাসেৱকে কয় । লগতে খাদ্য পৰিবেশনে তেওঁলোকৰ মনত অনাবিল শান্তি আৰু ইয়াৰ উদ্দেশ্যৰ অনুভৱ অনুধাৱন কৰায় বুলি কয় ।
নাৰায়ণ সেৱাৰ এটা দশক
গান্ধীনগৰৰ সত্য সাই সেৱা সমিতিয়ে বিগত দহ বছৰ ধৰি নাৰায়ণ সেৱা অনুষ্ঠিত কৰি আহিছে । প্ৰতি শুকুৰবাৰে সংগঠনটোৰ সদস্যসকলে চৰকাৰী চিকিৎসালয়ত খাদ্যৰ পেকেট, পুষ্টিকৰ খাদ্য, গাখীৰ আৰু ফল-মূল বিতৰণ কৰে । ইাৰ বাবে দাতাসকলে নিয়মিতভাৱে আগবাঢ়ি আহি এই পদক্ষেপক সমৰ্থন কৰে ।
সংস্থাটোৰ আহ্বায়ক নমা প্ৰসাদে কয়, "আমি বিশ্বাস কৰোঁ যে ভোকাতুৰক সেৱা কৰাটো ঈশ্বৰৰ সেৱা কৰাৰ সমান । ইয়ালৈ অহা লোকসকলে ইতিমধ্যে কষ্ট পাইছে;তেওঁলোকে ভোকতো কষ্ট পোৱা উচিত নহয় ।"
একেদৰে ধৰ্মাৱৰাম পি আৰ টি সত্য সাই সেৱা সমিতি দ্বিতীয়ই বিগত পাঁচ বছৰ ধৰি প্ৰতি বৃহস্পতিবাৰে খাদ্য যোগান ধৰি আহিছে আৰু নিৰৱচ্ছিন্নভাৱে নিজৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে ।
খাদ্যৰ লগতে আশাক সজীৱ কৰা
বিগত ছবছৰ ধৰি এই ফাউণ্ডেচনটোৱে প্ৰতি বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫০০ লোকক সুস্বাদু আহাৰ প্ৰদান কৰি আহিছে । বহু ৰোগী আৰু তেওঁলোকৰ আত্মীয়ই খাদ্যৰ খৰচৰ বাবে সংগ্ৰাম কৰাটো পৰ্যবেক্ষণ কৰি ফাউণ্ডেচনে তাৰ সমাধান কৰাৰ সিদ্ধান্ত লয় ।
ফাউণ্ডেচনৰ সভাপতি নগেন্দ্ৰ আৰু মুখপাত্ৰ শ্ৰীনিবাসুলুৱে কয়, “যেতিয়া এটা পৰিয়াল চিকিৎসাৰ খৰচৰ বাবে চিন্তিত হয়, তেতিয়া এসাঁজ আহাৰো বোজা হৈ পৰে । দাতাৰ সহায়ত আমি অন্ততঃ সেই চিন্তা দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ ।”
এক নীৰৱ প্ৰেৰণা
চিকিৎসকে ৰোগৰ চিকিৎসা কৰাৰ বিপৰীতে এই স্বেচ্ছাসেৱকসকলে দয়া আৰু মমতা প্ৰদৰ্শন কৰি ক্ষুধা নিৰাময় কৰে । তেওঁলোকৰ অবিৰত সেৱাই আমাক এই কথা সোঁৱৰাই দিয়ে যে সমাজত এতিয়াও বহুতো এনে অখ্যাত নায়ক আছে, যিয়ে কেৱল স্বীকৃতিৰ বাবে নহয় কোনোৱে যাতে কোনো চিকিৎসালয়ৰ পৰা ভোকাতুৰ হৈ ওলাই নাযায় তাৰ বাবে হাতে হাত হয় ।

