মাৰাঠী ভাষা ক'ব নোৱাৰিলে চলাব নোৱাৰিব অ'টৰিক্সা আৰু টেক্সি, মহাৰাষ্ট্ৰ পৰিবহন বিভাগ কঠোৰ
বৃহস্পতিবাৰৰ পৰা মাৰাঠী ভাষা ক'ব নোৱাৰা অ'টৰিক্সা আৰু টেক্সি চালকৰ বিৰুদ্ধে চলিব অভিযান ৷

Published : August 19, 2026 at 5:44 PM IST
মুম্বাই : মহাৰাষ্ট্ৰৰ পৰিবহন বিভাগে ৰাজ্যখনৰ মাতৃভাষা মাৰাঠী সন্দৰ্ভত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মহাৰাষ্ট্ৰৰ বাটে-পথে,অলিয়ে-গলিয়ে যিসকলে অ'টৰিক্সা আৰু টেক্সি চলায় অৰ্থাৎ অ'টৰিক্সা চালক আৰু টেক্সি ড্ৰাইভাৰে জানিব লাগিব মাৰাঠী ভাষা, অন্যথা অনুজ্ঞাপত্ৰ বাতিল কৰিব মহাৰাষ্ট্ৰৰ পৰিবহন বিভাগে ৷
পৰিবহণ বিভাগে ২০২৬ চনৰ ১২ আগষ্টত লোৱা সিদ্ধান্ত মৰ্মে এই নিৰ্দেশনা জাৰি কৰিছে অ'টৰিক্সা চালক আৰু টেক্সি ড্ৰাইভাৰলৈ ৷ মাৰাঠী ভাষাৰ প্ৰচাৰ বৃদ্ধি কৰা, দৈনন্দিন জীৱনত মাৰাঠী ভাষাৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু পৰিবহণ খণ্ডৰ চালকসকলক মাৰাঠীত যাত্ৰীসকলৰ সৈতে যোগাযোগ কৰা উদ্দেশ্যে এই নিয়ম ৷
২০ আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা কাৰ্যকাৰী কৰিব পৰিবহন বিভাগে ৷ ইতিমধ্যে ৰাজ্যজুৰি মাৰাঠী ভাষা নজনা টেক্সি আৰু অ'টৰিক্সা চালকৰ বিৰুদ্ধে এমাহজোৰা অভিযান আৰম্ভ হ'ব ৷ এই অভিযানৰ নেতৃত্ব দিব অতিৰিক্ত পৰিবহণ আয়ুক্ত ৰবি গাইকৱাদে ।
পৰিবহণ মন্ত্ৰী প্ৰতাপ সাৰ্নাইকে কয়,"অ'টৰিক্সা আৰু টেক্সি চালকে মাৰাঠী ভাষা ক'ব জনাটো বাধ্যতামূলক ৷ মাৰাঠী ভাষা নজনা চালকসকলক প্ৰথমে জাননী দিয়া হ’ব আৰু মাৰাঠী শিকিবলৈ এমাহৰ সময়সীমা বান্ধি দিয়া হ’ব ৷ উক্ত সময়ছোৱাত মাৰাঠী জ্ঞান বা ছদ্মনামৰ সৈতে জড়িত চালকৰ বেজ আৰু অনুজ্ঞাপত্ৰ তিনিমাহৰ বাবে স্থগিত ৰখা হ’ব ৷ যদিহে চালকজনে এমাহৰ ভিতৰত মাৰাঠী ভাষা ক’ব নোৱাৰে তেন্তে নিয়ম অনুসৰি তেওঁৰ বেজ আৰু অনুজ্ঞাপত্ৰ তিনিমাহৰ বাবে নিলম্বিত হ’ব ৷"
মন্ত্ৰীগৰাকীয়ে লগতে কয়,"আঞ্চলিক পৰিবহণ কাৰ্যালয়ৰ ফ্লাইং স্কোয়াডক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে পৰীক্ষা কৰি সংশোধিত নিয়ম কাৰ্যকৰী কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । পৰীক্ষণ প্ৰক্ৰিয়াৰ ভিডিঅ’ ৰেকৰ্ডি কৰা হ’ব ৷ ৰাজ্যজুৰি অ'টৰিক্সা আৰু টেক্সি চালকসকলক তেওঁলোকৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱাৰ পূৰ্বে মাৰাঠী শিকিবলৈ সুযোগ দিয়া হ’ব ।"
ইফালে মহাৰাষ্ট্ৰত বিশেষকৈ মুম্বাই মহানগৰত চলি থকা প্ৰায় ছয় লাখ অ'টৰিক্সা আৰু টেক্সি চালকক মাৰাঠী ভাষা শিক্ষণৰ পদক্ষেপৰ অধীনলৈ অনা হ’ব বুলি মঙলবাৰে মন্ত্ৰী সাৰ্নাইকে উল্লেখ কৰিছিল ৷
লগতে পঢ়ক: ১৯৫১ ভিত্তিবর্ষৰ বিৰোধিতা কুকি গোটৰ: মণিপুৰত এনআৰচি-লোকপিয়লৰ বিবাদ তুংগত

