পূৰ্বৰ ভুলৰ পৰা কোনো শিক্ষা নল’লে ! NEET-UG ৰ কাকত ফাদিল সন্দৰ্ভত কেন্দ্ৰৰ উত্তৰ বিচাৰিলে সৰ্বোচ্চ ন্য়ায়ালয়ে
চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এক সুকীয়া শক্তিশালী তথা স্বায়ত্তশাসিত সংস্থা স্থাপনৰ দাবী তুলি সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰা হৈছিল ৷

Published : May 25, 2026 at 2:49 PM IST
নতুন দিল্লী: চলিত মাহৰ পহিলাতেই অনুষ্ঠিত হোৱা চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা (NEET-UG)ৰ কাকত ফাদিলৰ ঘটনাই জোঁকাৰি গৈছিল সমগ্ৰ দেশক ৷ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (NTA) ই অনুষ্ঠিত কৰা এই পৰীক্ষাৰ কাকত ফাদিলৰ ঘটনা পোহৰলৈ আহে পৰীক্ষা ফাদিলৰ পাছত ৷ যাৰ ফলত পৰীক্ষা বাতিল কৰিব লগীয়া হয় ৷ এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয় চিবিআইক ৷ ইতিমধ্যে তদন্তকাৰী সংস্থাটোৱে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে ৷
ইফালে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পৰিৱৰ্তে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এক সুকীয়া শক্তিশালী তথা স্বায়ত্তশাসিত সংস্থা স্থাপনৰ দাবী তুলি সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰা হৈছিল ৷ এই আবেদনৰ শুনানি গ্ৰহণ কৰি সোমবাৰে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰ, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ পৰা উত্তৰ বিচাৰে ৷ পূৰ্বৰ NEET পৰীক্ষাত কাকত ফাদিল হোৱা ঘটনাৰ পৰা NTA ই কোনো শিক্ষা নল’লে বুলিও তীক্ষ্ণ সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে ৷
STORY | NEET paper leak: NTA has not learnt lessons, says SC; issues notices on pleas
— Press Trust of India (@PTI_News) May 25, 2026
The Supreme Court on Monday said it was sad that NTA had not learnt lessons from the earlier NEET paper leak as it sought a response from the Centre, NTA and CBI on pleas for replacement of the… pic.twitter.com/JuHtcoIo0e
ন্যায়াধীশ পি এছ নৰসিংহ আৰু আলোক আৰাধেৰে গঠিত বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন হয় । বিচাৰপীঠে আন পক্ষৰ উপৰিও আবেদনৰ প্ৰতিলিপি ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে আৰু NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা NTA ক ২০২৪ চনত আদালতে জাৰি কৰা নিৰ্দেশনা মানি চলি বৃহস্পতিবাৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কয় ।
‘‘দুখৰ কথা যে তেওঁলোকে (NTA) নিজৰ পূৰ্বৰ বিফলতাৰ পৰা শিক্ষা লোৱা নাই । বিষয়টো ইয়াৰ পূৰ্বেও এই আদালতলৈ আহিছিল । এখন কমিটী, এখন নিৰীক্ষণ সমিতি আছিল যিয়ে কিছুমান পৰামৰ্শ দিছিল আৰু সেইবোৰ গ্ৰহণ কৰা হৈছিল । আমি বিচাৰোঁ যে NTAই সেই কমিটীয়ে পৰামৰ্শ দিয়া পৰামৰ্শসমূহ মানি চলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত শপতনামা দাখিল কৰক৷’’ বিচাৰপীঠে কয় ।
অধিবক্তা তনভি ডুবেৰ জৰিয়তে ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ’চিয়েশ্যনে দাখিল কৰা আবেদনৰ ওপৰত বিচাৰপীঠে জাননী জাৰি কৰে । উচ্চতম ন্যায়ালয়ে কয় যে তেওঁলোকে একেধৰণৰ সকলো বিষয় একেলগে নিৰীক্ষণ কৰি আছে ।
চিকিৎসা সংস্থাটোৱে পুনৰাবৃত্তিমূলক কাকত ফাদিলৰ বাবে ২২.৭ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ মৌলিক অধিকাৰৰ ওপৰত “প্ৰত্যক্ষ আক্ৰমণ”ৰ উল্লেখ কৰি NTA ৰ পুনৰ্গঠন বা ইয়াক সলনি কৰি NEET-UG চলাবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনায় । চিকিৎসা বিজ্ঞানত নামভৰ্তিৰ বাবে NTA ৰ দ্বাৰা যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা স্নাতক পৰ্যায়ৰ ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা (NEET)ৰ কাকত ফাদিলৰ অভিযোগৰ মাজতে ১২ মে’ত বাতিল কৰা হৈছিল ৷ সেই গোচৰত এতিয়া চিবিআইয়ে তদন্ত কৰি আছে ।
উল্লেখ্য যে NEET-UG পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে ৷ সেই অনুসৰি অহা ২১ জুন দেওবাৰে NEET UG পৰীক্ষা পুনৰ অনুষ্ঠিত হ’ব । এক বিবৃতিত NTA-ই এই কথা স্পষ্ট কৰি দিয়ে যে পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহাৰ বাবে পুনৰ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই ৷ লগতে কোনো অতিৰিক্ত মাচুল দিব নালাগে বুলিও উক্ত বিবৃতিত উল্লেখ কৰে ৷
লগতে পঢ়ক: NEET UG 2026: ২১ জুনত অনুষ্ঠিত হ’ব পুনৰ পৰীক্ষা, NTA ৰ ঘোষণা

