ETV Bharat / bharat

কোনো বিমান সংস্থাকে যাত্ৰীক কষ্ট দিবলৈ দিয়া নহ’ব: কেন্দ্ৰৰ সকীয়নি

ইণ্ডিগ’ৰ বিমান সেৱাৰ খামখেয়ালি সন্দৰ্ভত লোকসভাত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ মন্তব্য ৷

INDIGO FLIGHT
প্ৰতীকি ফটো (AFP)
author img

By PTI

Published : December 9, 2025 at 2:56 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : চাৰিওফালে কেৱল ইণ্ডিগ’ৰ বিমান সেৱাৰ চৰ্চা ৷ বিগত কেবাদিন ধৰি ইণ্ডিগ’ৰ বিমান সেৱাত কিছু খামখেয়ালিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ ফলত বিপাঙত পৰিছে দেশ-বিদেশৰ যাত্ৰীসকল ৷

ইণ্ডিগ’ৰ বিমান সেৱাৰ সময়সূচীত ব্যাঘাত ঘটা সন্দৰ্ভত মঙলবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে কয়, ‘‘যিকোনো বিমান সেৱা, যিমানেই ডাঙৰ বিমান সংস্থা নহওক কিয়, কোনো বিমান সংস্থাৰ পৰিকল্পনাৰ অভাৱ আৰু নিয়ম অমান্য কৰাৰ বাবে যাত্ৰীসকলক অসুবিধাৰ সৃষ্টি কৰিবলৈ দিয়া নহ’ব ।’’

লোকসভাত এক বিবৃতি দি নাইডুৱে কয়, ‘‘সমগ্ৰ দেশতে যাত্ৰীসকলক প্ৰভাৱিত কৰাৰ বাবে ইণ্ডিগ’ৰ বিৰুদ্ধে কঠোৰ আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । সমগ্ৰ দেশতে যাত্ৰীসকলক প্ৰভাৱিত কৰা বিমানত বিঘিনিৰ বাবে ইণ্ডিগ’ৰ বিৰুদ্ধে কঠোৰ আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’

ইতিমধ্যে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগ’ক জাননী জাৰি কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিমান সংস্থাটোৰ আভ্যন্তৰীণ ক্ৰু-ৰষ্টাৰিং বিকল হোৱাৰ বাবে সৃষ্টি হোৱা বিশৃংখলতাৰ ফলত বিমান সংস্থাটোক সম্পূৰ্ণৰূপে জবাবদিহি কৰা হৈছে ।

নাইডুৱে কয় যে বৰ্তমান ইণ্ডিগ’ৰ বিমান সেৱাৰ সময়সূচী সুস্থিৰ হৈ পৰিছে আৰু সমগ্ৰ দেশতে আন সকলো বিমান সংস্থাৰ বিমান সুকলমে চলাচল কৰি আছে । ‘‘সকলো যাত্ৰীকে শীঘ্ৰে ধন ঘূৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছিল ইণ্ডিগ’ক আৰু ইতিমধ্যে ৭৫০ কোটিতকৈ অধিক টকা যাত্ৰীসকলৰ হাতলৈ গৈছে ।’’ মন্ত্ৰীগৰাকীয়ে কয় ।

তেওঁ কয় যে সমগ্ৰ দেশৰ বিমানবন্দৰসমূহত স্বাভাৱিক অৱস্থা হৈছে ৷ কোনো ধৰণৰ ভিৰ বা যাত্ৰীৰ কোনো দুখ-কষ্ট হোৱা নাই । নাইডুৱে কয়, "ৰিফাণ্ড, বেগেজ ট্ৰেচিং আৰু যাত্ৰী সহায়ৰ ব্যৱস্থা মন্ত্ৰালয়ৰ তত্বাৱধানত আছে । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগ'ৰ জ্যেষ্ঠ নেতৃত্বক কাৰণ দেখুৱাই জাননী জাৰি কৰি বিশদ তদন্ত আৰম্ভ কৰিছে ।"

তেওঁ লগতে কয়, ‘‘প্ৰতিবেদনৰ আধাৰত, কঠোৰ আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’ নাইডুৱে কয় যে চৰকাৰে এক শক্তিশালী আৰু প্ৰতিযোগিতামূলক বিমান পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ । তেওঁ আৰু কয়, ‘‘আমাৰ নীতিৰ জৰিয়তে আমি অধিক নতুন বিমান সংস্থাক ভাৰতত আৰম্ভ আৰু চলাচল কৰিবলৈ উৎসাহিত কৰিছো ।’’

ইফালে লোকসভাত মন্ত্ৰীগৰাকীয়ে কৰা এই বক্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷ লগতে বিৰোধী দলসমূহে লোকসভাত ৱাকআউট কৰে ।

লগতে পঢ়ক : ইণ্ডিগ‘ৰ বিমান সেৱা ৫ শতাংশ হ্ৰাস ডি জি চি এৰ

লগতে পঢ়ক : পুনৰ কাৰ্যক্ষম ইণ্ডিগ’ৰ নেটৱৰ্ক, সময়মতে চলাচল ৯১ শতাংশ বিমানৰ