ETV Bharat / bharat

২০ নৱেম্বৰত দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে

পাটনা জিলা প্ৰশাসনে গংগাৰ সমীপত অৱস্থিত ৬২ একৰ বিস্তৃত স্থানত বিশাল শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।

NITISH KUMAR OATH TAKING
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টীৰ সভাপতি চিৰাগ পাছোৱানৰ সৈতে হাতত হাত ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (IANS)
author img

By ETV Bharat Assamese Team

Published : November 17, 2025 at 2:18 PM IST

5 Min Read
Choose ETV Bharat

পাটনা : সদ্য সমাপ্ত বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চমুকৈ এন ডি য়ে ঐতিহাসিক ফলাফল লাভ কৰিছে । দুই শতাধিক আসন লাভ কৰি এন ডি এ মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে । এইবাৰো বিহাৰৰ এন ডি চৰকাৰক নেতৃত্ব দিব যোৱাবাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । অহা ২০ নৱেম্বৰত ৰাজ্যৰ ৰাজধানী পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিহাৰৰ বিদায়ী মুখ্যমন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ সভাপতি নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত গ্ৰহণ কৰিব ।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাজনো সদস্য, এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, সাংসদ তথা মিত্ৰ দলৰ শীৰ্ষ নেতা আদিয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে শেহতীয়াকৈ সমাপ্ত হোৱা ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ নিৰ্বাচনত ইণ্ডিয়াৰ মহাজোঁট বন্ধনৰ ৩৫ খন আসনৰ বিপৰীতে এন ডি এয়ে ২০২ খন আসন লাভ কৰে ।

NITISH KUMAR OATH TAKING
বিহাৰত ৰাজহুৱা সমাবেশত এন ডি এৰ নেতাসকলৰ হাতত ধৰি উল্লাস ফাইল ফটো (IANS)

উল্লেখ্য যে ২০ বছৰৰ ভিতৰত এইটো হ’ব নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হিচাপে দশমটো শপত । ২০০৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহিছিল আৰু তেতিয়াৰে পৰাই ২০১৪-১৫ চনৰ এক চমু বিৰতিৰ বাহিৰে তেওঁ অবিৰতভাৱে এই পদত অধিষ্ঠিত হৈ আহিছে । ২০১৪-১৫ চনত লোকসভা নিৰ্বাচনত জে ডি ইউৰ ফলাফল বেয়া হোৱাৰ পিছত জিতন ৰাম মাঝিক মুখ্যমন্ত্ৰী হিচাপে অভিষিক্ত কৰিছিল ।

পাটনা জিলা প্ৰশাসনে গংগাৰ ওচৰত অৱস্থিত ৬২ একৰ বিস্তৃত স্থানত শপত গ্ৰহণ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালিত কৰা, গণ্য-মান্য ব্যক্তিৰ আগমন আৰু প্ৰস্থান আৰু অনুষ্ঠানত অতিথিসকলক আতিথ্য প্ৰদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ।

এই সন্দৰ্ভত পাটনা জিলা জনসংযোগ বিষয়া (পি আৰ অ’) লোকেশ কুমাৰ ঝাই কয়, "১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চাৰি দিনৰ বাবে গান্ধী ময়দান বন্ধ থাকিব । এই সময়ছোৱাত সাধাৰণ মানুহৰ প্ৰৱেশত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হ’ব ।"

NITISH KUMAR OATH TAKING
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ফাইল ফটো (IANS)

ইফালে সোমবাৰে বিদায়ী মন্ত্ৰীসভাৰ অন্তিমখন বৈঠকত সভাপতিত্ব কৰিবলৈ ওলাইছে নীতিশ কুমাৰে । তাৰ পিছত তেওঁ বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খানৰ হাতত পদত্যাগ-পত্ৰ দাখিল কৰিব । আনহাতে, তেওঁক অন্তৰ্ৱৰ্তীকালীন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব অব্যাহত ৰখাৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে এন ডি এৰ পাঁচটা অংশীদাৰ দল ভাৰতীয় জনতা পাৰ্টী (বিজেপি), জে ডি ইউ, লোক জনশক্তি পাৰ্টী (ৰাম বিলাস) বা এল জে পি (আৰ), হিন্দুস্তানী আৱাম মৰ্চা (চেকুলাৰ) বা হাম (এছ) আৰু ৰাষ্ট্ৰীয় লোক মৰ্চা (আৰ এল এম) একেলগে বিহাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । এতিয়া পাঁচোটা দলৰ নেতৃত্ব দিল্লীলৈ গৈছে যাতে নতুন ৰাজ্যিক মন্ত্ৰীসভাত অংশীদাৰিত্ব সন্দৰ্ভত এক সূত্ৰ উদ্ভাৱন কৰিব পৰা যায় ।

এইবাৰৰ নিৰ্বাচনত ৮৯ খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে বিজেপিয়ে । আনহাতে, জে ডি ইউয়ে ৮৫ খন, কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ এল জে পি (আৰ) ১৯ খন, কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝিৰ হাম (এছ) ৫ খন আসন লাভ কৰাৰ বিপৰীতে ৰাজ্যসভাৰ সদস্য উপেন্দ্ৰ কুশ্বৱাহাৰ আৰ এল এমে চাৰিখন আসন লাভ কৰে ।

NITISH KUMAR OATH TAKING
বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত এন ডি এয়ে সংখ্যাগৰিষ্ঠতা লাভৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অভিনন্দন জনাইছে এল জে পিৰ নেতা চিৰাগ পাছোৱানে (IANS)

পাঁচোটা দলৰ নেতাই সৌজন্যমূলক ভ্ৰমণ হিচাপে নীতিশ কুমাৰৰ ১নং অনেয় মাৰ্গৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰাৰ লগতে নতুন চৰকাৰ গঠন সন্দৰ্ভতো আলোচনা কৰে । সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, নতুন মন্ত্ৰীসভাত মিত্ৰশক্তিৰ প্ৰতিটো দলৰে প্ৰতিনিধিত্ব প্ৰদানৰ প্ৰচেষ্টা চলি আছে ।

সাংবিধানিক নিয়ম অনুসৰি কোনো এখন কেবিনেট বিধানসভাৰ আকাৰৰ ১৫ শতাংশ হ'ব লাগে । সেই অনুসৰি ২৪৩ জনীয়া বিহাৰৰ মন্ত্ৰীসভাত সৰ্বাধিক ৩৬ জন মন্ত্ৰী থাকিব পাৰে । বিদায়ী কেবিনেটত বিজেপিৰ ২১ জন কেবিনেট মন্ত্ৰী থকাৰ বিপৰীতে জে ডি ইউৰ নীতিশকে ধৰি ১৩ জন, হাম (এছ)ৰ এজন মন্ত্ৰী থকাৰ বিপৰীতে এজন নিৰ্দলীয় বিধায়ক সুমিত কুমাৰ সিঙো মন্ত্ৰী আছিল ।

আনহাতে, এন ডি এৰ ভিতৰুৱা সূত্ৰ মতে, জে ডি ইউৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং আৰু ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি সঞ্জয় ঝায়ে শনিবাৰে দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি কেবিনেটৰ বিষয়বাব বিতৰণ সন্দৰ্ভত আলোচনা কৰে । প্ৰতি ছয়জন বিধায়কৰ বাবে এটাকৈ মন্ত্ৰিত্বপদৰ সূত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । অৱশ্যে কম সংখ্যক আসন থকাৰ পিছতো মিত্ৰ দল হাম (এছ) আৰু আৰ এম এলকো মন্ত্ৰীসভাত স্থান দিয়া হ’ব ।

অৱশ্যে ২০ নৱেম্বৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি মাত্ৰ কেইজনমান মন্ত্ৰীয়েহে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । পৰৱৰ্তী সময়ত মন্ত্ৰীসভাৰ অধিক সম্প্ৰসাৰণ কৰা হ'ব । বিজেপিৰ মুখপাত্ৰ প্ৰেম ৰঞ্জন পেটেলে ইটিভি ভাৰতক কয়, "মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে অগ্ৰাধিকাৰ দিব যে চৰকাৰে যাতে জনসাধাৰণে দিয়া জনমতক সন্তুষ্ট কৰিবৰ বাবে মন্ত্ৰীসভা গঠন কৰিব পাৰে । মই মোৰ নিজৰ দলটোৰ কথা ক’বলৈ হ’লে কেবিনেট গঠনৰ সিদ্ধান্ত আৰু কোন মন্ত্ৰী হ’ব সেই সিদ্ধান্ত আমাৰ কেন্দ্ৰীয় নেতৃত্বই ল’ব ।"

লগতে পঢ়ক :লালুৰ কন্যা ৰোহিনী আচাৰ্যৰ ৰাজনীতি ত্যাগ, পৰিয়ালৰ সৈতেও বিচ্ছিন্ন কৰিলে সম্পৰ্ক
লগতে পঢ়ক :অশোক সিংহলৰ 'কবি খেতি' সম্পৰ্কীয় পোষ্টক লৈ শশী থাৰুৰৰ প্ৰতিক্ৰিয়া