দিল্লী বিস্ফোৰণৰ তদন্তৰ দায়িত্ব 'নিয়া'ক: ক্ষিপ্ৰতাৰে আৰম্ভ অনুসন্ধান
এম’নিয়াম-নাইট্ৰেট ইন্ধন তেল আৰু এটা ডিট'নেটৰৰ সহায়ত এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল । প্ৰাৰম্ভিক তদন্তত প্ৰকাশ এই কথা ৷

Published : November 11, 2025 at 8:22 PM IST
নতুন দিল্লী: ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া)ৰ ওপৰত ন্যস্ত কৰা হৈছে দিল্লী বিস্ফোৰণৰ তদন্তৰ দায়িত্ব ৷ দায়িত্ব লাভৰ কিছু সময়ৰ পিছতে বিস্ফোৰণৰ কাৰণ আৰু ঘটনাৰ সৈতে জড়িত সংগঠনকে ধৰি বিস্ফোৰণৰ দুটা প্ৰধান কাৰক সন্দৰ্ভত পুংখানুপুংখ অনুসন্ধান আৰম্ভ কৰে সংস্থাটোৱে ।
দেশৰ ৰাজধানীত সংঘটিত হোৱা বিস্ফোৰণত এতিয়ালৈকে কমেও ১২ জন লোকৰ মৃত্যু ঘটিছে ৷ মঙলবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই গোচৰটোৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক অৰ্পণ কৰে ৷
প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে এম’নিয়াম-নাইট্ৰেট ইন্ধন-তেল(ANFO) আৰু এটা ডিট'নেটৰৰ সহায়ত এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল ।
'নিয়া'ৰ প্ৰাক্তন সঞ্চালক প্ৰধান ৱাই চি মোদীয়ে কয়, ‘‘এম’নিয়াম নাইট্ৰেট (NH4NO3) হৈছে বগা স্ফটিকীয় ৰাসায়নিক পদাৰ্থ, যিটো সাধাৰণতে কৃষিক্ষেত্ৰত নাইট্ৰজেন সমৃদ্ধ সাৰ হিচাপে ব্যৱহাৰ কৰা হয় । কিন্তু ইন্ধন তেলৰ দৰে ইন্ধনৰ উৎসৰ লগত মিহলি হ’লে, যি এক পেট্ৰ’লিয়াম ভিত্তিক পদাৰ্থ, তেতিয়া ই এমোনিয়াম নাইট্ৰেট ইন্ধন তেল বা এ এন এফ অ’ নামৰ এক শক্তিশালী ঔদ্যোগিক বিস্ফোৰকত পৰিণত হয় ৷’’
মোদীয়ে কয় যে বিষয়টোৰ সঠিক তদন্ত কৰিলেহে বিস্ফোৰণত এ এন এফ অ’ ব্যৱহাৰ কৰা হৈছে নে নাই, সেই কথা পোহৰলৈ আহিব ।
এ এন এফ অ’ সাধাৰণতে প্ৰায় ৯৪ শতাংশ এম’নিয়াম নাইট্ৰেট আৰু ৬ শতাংশ ইন্ধন তেলেৰে গঠিত । এম’নিয়াম-নাইট্ৰেটে অক্সিডাইজিং এজেণ্ট হিচাপে কাম কৰাৰ বিপৰীতে ইন্ধন তেলে জ্বলনশীল পদাৰ্থ হিচাপে কাম কৰে ।
বিশেষজ্ঞসকলে জনোৱা মতে, ইন্ধন তেল ছিদ্ৰযুক্ত এম’নিয়াম-নাইট্ৰেট কণাত শোষিত হয়, যাৰ ফলত ইয়াক চম্ভালিব পৰা আৰু পৰিবহণ কৰাটো তুলনামূলকভাৱে সহজ হৈ পৰে ৷
কেন্দ্ৰীয় নিৰাপত্তা সংস্থাৰ বোমা বিশেষজ্ঞ দলৰ সদস্য সতীশ কুমাৰে কয়, ‘‘বিস্ফোৰণৰ বাবে প্ৰাৰম্ভিক উচ্চ শক্তিৰ উদ্দীপকৰ প্ৰয়োজন ৷ সাধাৰণতে ডিটনেটৰ বা বুষ্টাৰ বিস্ফোৰক, কাৰণ এ এন এফ অ' সাধাৰণ প্ৰজ্বলনৰ উৎসৰ প্ৰতি যথেষ্ট অসংবেদনশীল । এ এন এফ অ' বিস্ফোৰণৰ তীব্ৰতা এম’নিয়াম নাইট্ৰেট আৰু ইন্ধন তেলৰ প্ৰজ্বলনৰ সময়ত হোৱা তীব্ৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত হয় ।’’
এ এন এফ অ’ হৈছে কম খৰচী বিস্ফোৰক পদাৰ্থ, যাৰ বাবে সহজে সন্ত্ৰাসবাদীবোৰে ইয়াক ব্য়ৱহাৰ কৰিব পাৰে ৷
কুমাৰে কয়, ‘‘লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণটোত একাংশ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ ইংগিত পোৱা গৈছে ৷ অৱশ্যে ফৰেনছিকৰ তদন্ততহে কেনে ধৰণৰ ৰাসায়নিক পদাৰ্থ বিস্ফোৰণত ব্যৱহাৰ কৰা হৈছিল, সেয়া পোহৰলৈ আহিব ।’’
ইয়াৰ পূৰ্বে ২০১২ চনত পুনেৰ জংঘলী মহাৰাজ পথত সংঘটিত হোৱা কম তীব্ৰতাসম্পন্ন বিস্ফোৰণত ব্যৱহৃত এক বিস্ফোৰণত এম’নিয়াম নাইট্ৰেট ইন্ধন তেল ব্যৱহাৰ কৰা হৈছিল ৷
লগতে পঢ়ক: ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল ৰাজধানী চহৰ দিল্লী; ৯ জনৰ মৃত্যু, ২০ ৰো অধিক আহত

