ETV Bharat / bharat

অনলাইন উগ্ৰবাদৰ গোচৰত 'নিয়া': ৰাজ্যিক আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ বহুজন

গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে 'নিয়া' ই ৰাজ্যিক আৰক্ষীয়ে অনলাইন উগ্ৰবাদীকৰণৰ গোচৰৰ তদন্ত সক্ৰিয়ভাৱে চলাই আহিছে ৷

NIA, State Police Making Substantial Arrests In Online Radicalisation Cases; MHA Cites AI-Enabled Surveillance
প্ৰতীকী ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 6:31 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী : কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মঙলবাৰে কয় যে ৰাষ্ট্ৰীয় তদন্ত সংস্থা (NIA) আৰু ৰাজ্যিক আৰক্ষীয়ে অনলাইন উগ্ৰবাদৰ গোচৰ সক্ৰিয়ভাৱে চলাই আহিছে, যাৰ ফলত বহু লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযোগনামা দাখিল আৰু দোষীও সাব্যস্ত কৰা হৈছে ।

সংসদত গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, “এন আই এ আৰু ৰাজ্যিক সন্ত্ৰাসবাদী বিৰোধী দল (anti terrorist squad চমুকৈ ATSs)ৰ মাজত নিৰাপদ তথ্য বিনিময়ৰ সুবিধাৰ বাবে NATGRID ৰ আই টি প্লেটফৰ্মত এটা সংগঠিত অপৰাধ নেটৱৰ্ক ডাটাবেছ (Organized Crime Network Database চমুকৈ OCND) প্ৰস্তুত কৰা হৈছে, আনহাতে উন্নীতকৃত NATGRID ৰ সঁজুলি বিশেষকৈ ‘GANDIVA’ই বহু উৎসৰ তথ্য সংগ্ৰহ আৰু বিশ্লেষণত সহায় কৰিছে ।”

লোকসভাত কংগ্ৰেছৰ সাংসদ ই টুকাৰমে উত্থাপন কৰা এক তাৰকাহীন প্ৰশ্নৰ উত্তৰত ৰায়ে কয় যে কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্যিক আৰক্ষীৰ মাজত আন্তঃসংস্থা সমন্বয়ৰ ফলত সন্ত্ৰাসবাদৰ নিযুক্তি, বিত্তীয় সাহায্যৰ সৈতে জড়িত সন্ত্ৰাসবাদী মডিউলৰ বিৰুদ্ধে সফল যৌথ অভিযান সম্ভৱ হৈছে ।

ৰায়ে কয়, “যোৱা দুবছৰৰ ভিতৰত চৰকাৰে বিভিন্ন বৃহৎ সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ চোৰাংচোৱা তথ্য বৃদ্ধি, আন্তঃসংস্থা সমন্বয়, অনলাইন উগ্ৰবাদ আৰু এনক্ৰিপ্টেড ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে উদীয়মান ভাবুকিৰ মোকাবিলা আৰু সীমান্ত সুৰক্ষা শক্তিশালী কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিয়ে সন্ত্ৰাসবাদৰ বিপদ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ ক্ষমতা যথেষ্ট শক্তিশালী কৰিছে ।”

তেওঁ কয় যে NIA-এ অগ্ৰাধিকাৰপ্ৰাপ্ত ফৰেনছিক বিশ্লেষণ আৰু বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ বাবে ফৰেনছিক বিজ্ঞান সেৱা সঞ্চালকালয় (DFSS)ৰ সৈতে উন্নত সমন্বয়ৰ দ্বাৰা সমৰ্থিত বিগ-ডাটা বিশ্লেষণ ক্ষমতাৰে ৰাষ্ট্ৰীয় সন্ত্ৰাস তথ্যকোষ সংযোজন আৰু বিশ্লেষণ কেন্দ্ৰ (NTDFAC)ও স্থাপন কৰিছে ।

জিলা পৰ্যায়লৈকে বহু সংস্থা কেন্দ্ৰ (MAC)ৰ সংযোগ বৃদ্ধিৰ জৰিয়তে সমন্বয় শক্তিশালী কৰা হৈছে, যাৰ ফলত বিভিন্ন MAC ফ’কাচ গ্ৰুপৰ বিশ্লেষণাত্মক আৰু ভৱিষ্যদ্বাণীমূলক কাম-কাজ উন্নত হৈছে- হিংসাত্মক উগ্ৰবাদ, উদীয়মান নিৰাপত্তা প্ৰত্যাহ্বান, ক্ৰিপ্টোকাৰেন্সী, ড্ৰাগছ সৰবৰাহৰ, সন্ত্ৰাসবাদী বিত্তীয় সাহায্য, জৈৱ সন্ত্ৰাসবাদ, ভুৱা ভাৰতীয় মুদ্ৰা নোট (FICN), চাইবাৰ সমন্বয় ইত্যাদি ৷ এই কথা সদৰী কৰে ৰায়ে ।

মন্ত্ৰীগৰাকীয়ে কয়, “হাৰ্ডৱেৰ আৰু নেটৱৰ্কৰ গতি বৃদ্ধিৰ লক্ষ্যৰে মেক টু ছাবচিডিয়াৰী-মেক (SMAC) নেটৱৰ্ক উন্নীত কৰা হৈছে । ইয়াৰ উপৰিও ইনপুটৰ ৰিয়েল টাইম বিশ্লেষণৰ বাবে AI (কৃত্ৰিম বুদ্ধিমত্তা) আৰু ML (মেচিন লাৰ্নিং) সক্ষম চফ্টৱেৰৰ সুবিধা প্ৰদান কৰা হৈছে ।”

ৰায়ে কয় যে নিৰৱচ্ছিন্ন তথ্য বিনিময় আৰু বিশ্লেষণৰ বাবে কেন্দ্ৰীয় সংস্থা যেনে - এন আই এ, নেশ্যনেল ইনটেলিজেন্স গ্ৰীড (NATGRID), চোৰাংচোৱা ব্যুৰো (IB) আৰু ষ্টেট এণ্টি-টেৰৰিজম স্কোয়াড (ATS), মাল্টি এজেন্সী চেণ্টাৰ (MAC) প্লেটফৰ্মৰ দ্বাৰা সমৰ্থিত, ক্ৰমান্বয়ে ডিজিটেল সঁজুলিৰ সহায় লৈছে ।

ৰায়ে আৰু কয় যে অনলাইন ৰেডিকেলাইজেচন আৰু এনক্ৰিপ্ট কৰা ডিজিটেল প্লেটফৰ্মৰ অপব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ তথ্য প্ৰযুক্তি আইন, ২০০০ৰ অধীনত বৃহৎ সংখ্যক URL ব্লক কৰা হৈছে, লগতে তীব্ৰতৰ চাইবাৰ-টহল আৰু ডিজিটেল চোৱাচিতাৰ ব্যৱস্থাও কৰা হৈছে ।

তেওঁ লগতে কয়, ‘‘সীমান্তৰ নিৰাপত্তা শক্তিশালী কৰাৰ বাবে ড্ৰোণ, থাৰ্মেল ইমেজাৰ, নাইট-ভিজন ডিভাইচ, চেন্সৰ আৰু মূল সীমান্তত ৰিয়েল টাইম ৰাডাৰ আৰু অপটিকেল চিষ্টেমকে ধৰি উন্নত চোৱাচিতা প্ৰযুক্তিৰে সজ্জিত কৰা হৈছে ।’’

সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ ভাৰতে অংশীদাৰ দেশসমূহৰ সৈতে চোৰাংচোৱাৰ ভাগ-বতৰা বৃদ্ধি কৰা বুলি উল্লেখ কৰি ৰায়ে কয়, ‘‘কম্প্ৰেহেন্সিভ ইণ্টিগ্ৰেটেড বৰ্ডাৰ মেনেজমেণ্ট চিষ্টেম (CIBMS)ৰ অধীনত ইলেক্ট্ৰনিক চোৱাচিতা, উন্নত ফেন্সিং, তীব্ৰতৰ টহল আৰু ড্ৰোণ আৰু চেন্সৰৰ ব্যৱহাৰ বৃদ্ধিয়ে স্পৰ্শকাতৰ সীমান্তত নিৰাপত্তা অধিক শক্তিশালী কৰিছে । এই ব্যৱস্থাসমূহৰ ফলত অনুপ্ৰৱেশৰ প্ৰচেষ্টা হ্ৰাস পাইছে, ড্ৰোণ অধিক হৈছে ইণ্টাৰচেপশ্যন আৰু অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু নিচাযুক্ত দ্ৰব্যৰ বৃহৎ উদ্ধাৰক সমন্বিত অভিযানৰ জৰিয়তে একাধিক সন্ত্ৰাসবাদী নেটৱৰ্ক নিষ্ক্ৰিয় কৰা হৈছে ।”

ৰায়ে কয় যে দক্ষ ফৰেনছিক মানৱ সম্পদ বিকাশ আৰু পৰীক্ষাগাৰৰ আন্তঃগাঁথনি উন্নীতকৰণক অগ্ৰাধিকাৰ দিয়া হৈছে, যাৰ ফলত ফলপ্ৰসূ তদন্তৰ বাবে প্ৰয়োজনীয় কাৰিকৰী আৰু বিশ্লেষণাত্মক ক্ষমতা বহু পৰিমাণে বৃদ্ধি পাইছে ।

“যোৱা কেইবছৰমানৰ পৰা দেশত ফৰেনছিকৰ আধুনিকীকৰণৰ বাবে এক কেন্দ্ৰীভূত অভিযান গ্ৰহণ কৰা হৈছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োটা আঁচনিৰ বাবে, যাৰ মূল্য ৪৮০০ কোটিতকৈও অধিক । ৰাজ্যিক ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ (SFSLs)ৰ আধুনিকীকৰণ আৰু উন্নীতকৰণৰ বাবে ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে প্ৰায় ২৩৩ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনোৱা হৈছে । এই পদক্ষেপসমূহে ৰাজ্যসমূহক উন্নত DNA পৰীক্ষা মেচিন, আধুনিক ফৰেনছিক সঁজুলি আৰু ভ্ৰাম্যমাণ ফৰেনছিক ভ্যান ক্ৰয় কৰিবলৈ সক্ষম কৰিছে ৷ যাতে দ্ৰুত, স্থানীয়ভাৱে তদন্তৰ সুবিধা হয় আৰু ফৰেনছিক সঁহাৰি ব্যৱস্থাৰ কাৰ্যক্ষমতা বৃদ্ধি পায় ৷’’

লগতে পঢ়ক : নাগৰিকত্ব পোৱাৰ পূৰ্বেই ভোটাৰ তালিকাত নাম কেনেকৈ সোমাল ? ছোনিয়া গান্ধীলৈ আদালতৰ জাননী