ETV Bharat / bharat

পঞ্চায়ত সভাপতিৰ ঘৰত এনআইএৰ অভিযান, উদ্ধাৰ AK-47সহ সজীৱ গুলী

বিহাৰৰ চাৰণ জিলাৰ পাৰ্ছা নগৰত এনআইএৰ অভিযান ৷ নাগালেণ্ডৰ পৰা সৰবৰাহ হোৱা অত্যাধুনিক মাৰণাস্ত্ৰসহ পিত-পুত্ৰক আটক ৷

NIA raid in Saran
পঞ্চায়ত সভাপতিৰ ঘৰত এনআইএৰ অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 25, 2026 at 6:35 PM IST

2 Min Read
Choose ETV Bharat

চাৰণ(বিহাৰ) : নাগালেণ্ডৰ পৰা ভাৰতৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈছে নেকি অত্যাধুনিক AK-47ৰ দৰে মাৰণাস্ত্ৰ ৷ মাৰণাস্ত্ৰ অবৈধ সৰবৰাহৰ এটা গোচৰৰ ভিত্তি বিহাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা চুমকৈ এনআইয়ে অভিযান চলায় ৷

দেওবাৰে বিহাৰৰ চাৰণ জিলাৰ পাৰ্ছা নগৰত এনআইয়ে চলোৱা অভিযানত অত্যাধুনিক AK-47 সহ সজীৱ গুলী উদ্ধাৰ কৰা হৈছিল পাৰ্ছা নগৰ পঞ্চায়তৰ সভাপতিৰ ঘৰত ৷

উদ্ধাৰ কৰা অত্যাধুনিক মাৰণাস্ত্ৰটো নাগালেণ্ডৰ পৰা অনা হৈছিল বুলি মহম্মদ কাৰ্মুল্লা আনছাৰীয়ে বিস্ফোৰক স্বীকাৰক্তি দিছে ৷ ইয়াৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে আন্তঃৰাষ্ট্ৰীয় চোৰাং মাৰণাস্ত্ৰ সৰবৰাহৰ মূল কেন্দ্ৰলৈ পৰিণত হৈছে নেকি নাগালেণ্ড ?

ঘটনা অনুসৰি,পাৰ্ছা নগৰ পঞ্চায়তৰ সভাপতি আয়েশা খাতুনৰ বাসগৃহত এনআইএৰ দলে চলোৱা অভিযানৰ সময়তে AK-47 সহ সজীৱ গুলী উদ্ধাৰ কৰিছিল ৷ যাৰ বাবে পাৰ্ছা নগৰ পঞ্চায়তৰ সভাপতি আয়েশা খাতুন আৰু তেওঁ পুত্ৰ মহম্মদ কাৰ্মুল্লা আনছাৰীক আটক কৰে ৷

এনআইএৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি অস্ত্ৰ সৰবৰাহৰ মূল নায়ক মহম্মদ কাৰ্মুল্লা আনছাৰী, যি দেশৰ পৰিৱেশ বিনষ্ট কৰাৰ পৰিকল্পনা কৰিছিল ৷

উল্লেখ্য যে, মুজাফ্ফৰপুৰৰ মুৰ্গেটীয়া দলঙৰ পৰা এটা AK-47 ৰাইফল, মেগজিন আৰু সজীৱ গুলী উদ্ধাৰ আৰু চাৰিজন অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ সৈতে জড়িত এটা গোচৰৰ বাবে দেওবাৰে চলিছিল অভিযান । এই ঘটনা সন্দৰ্ভত মুজাফ্ফৰপুৰৰ ফাকুলী থানাত গোচৰ ৰুজু হৈ আছে ।

এনআইএৰ মতে, ২০২৫ চনৰ ৮ মে’ত সংস্থাটোৱে আইপিচিৰ ১২০বি ধাৰা আৰু ইউএ(পি) আইনৰ ১৩ আৰু ১৮ নং ধাৰাত অভিযুক্ত বিকাশ কুমাৰ, সত্যম কুমাৰ, দেৱমণি ৰায়, আহমদ আনছাৰীৰ বিৰুদ্ধে প্ৰথমখন পৰিপূৰক অভিযোগনামা অদালত দাখিল কৰা হৈছিল ।

আনহাতে,২০২৬ চনৰ ২০ ফেব্ৰুৱাৰীত অভিযুক্ত মনজুৰ খানৰ বিৰুদ্ধে আইপিচিৰ ১২০বি, অস্ত্ৰ আইনৰ ২৫(১এএ), ২৬, আৰু ৩৫ ধাৰা, ইউএ(পি) আইনৰ ১৩ আৰু ১৮ নং ধাৰাত দ্বিতীয়খন পৰিপূৰক অভিযোগনামা দাখিল কৰা হৈছিল । ২০২৬ চনৰ ১৫ এপ্ৰিলত অভিযুক্ত কুন্দন কুমাৰ ওৰফে কুন্দন ভগতৰ বিৰুদ্ধে তৃতীয়খন পৰিপূৰক অভিযোগনামা দাখিল কৰা হৈছিল ।

লগতে পঢ়ক: তেজপালক দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ