পাহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫৯৭ পৃষ্ঠাৰ অভিযোগনামা দাখিল NIA-ৰ
১৫৯৭ পৃষ্ঠাৰ অভিযোগনামাত পাকিস্তানৰ ষড়যন্ত্ৰ, অভিযুক্তৰ ভূমিকা আৰু গোচৰটোৰ সমৰ্থনকাৰী প্ৰমাণৰ বিষয়ে বিতংভাৱে উল্লেখ আছে ।

Published : December 15, 2025 at 9:50 PM IST
নতুন দিল্লী : আঠ মাহৰ কঠোৰ তদন্তৰ অন্তত সোমবাৰে পাকিস্তানস্থিত লস্কৰ-ই-তৈবা (LeT) আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF) সন্ত্ৰাসবাদী সংগঠনকে ধৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰৰ ৭ অভিযুক্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (NIA) অভিযোগনামা দাখিল কৰে ।
জম্মুৰ NIAৰ বিশেষ আদালতত দাখিল কৰা ১৫৯৭ পৃষ্ঠাৰ অভিযোগনামাত পাকিস্তানৰ ষড়যন্ত্ৰ, অভিযুক্তৰ ভূমিকা আৰু গোচৰটোৰ সমৰ্থনকাৰী প্ৰমাণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে ।
পাকিস্তানৰ পৃষ্ঠপোষকতাত থকা সন্ত্ৰাসবাদীয়ে ধৰ্ম ভিত্তিক লক্ষ্য কৰি হত্যা কৰা এই আক্ৰমণত ২৫ জন পৰ্যটক আৰু এজন স্থানীয় সাধাৰণ নাগৰিকৰ মৃত্যু হয় । পাকিস্তানী হেণ্ডলাৰ সন্ত্ৰাসবাদী ছাজিদ জাটৰ নামো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে ।
ইয়াত সন্ত্ৰাসবাদী আক্ৰমণৰ কেইসপ্তাহমানৰ পিছত জুলাই মাহত শ্ৰীনগৰৰ ডাচিগামত অপাৰেশ্যন মহাদেৱৰ সময়ত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে নিহত হোৱা তিনি পাকিস্তানী সন্ত্ৰাসবাদীৰ নাম উল্লেখ কৰা হৈছে । ফৈছাল জাট ওৰফে চুলেমান শ্বাহ, হাবীব তাহিৰ ওৰফে জিব্ৰান, হামজা আফগানী বুলি চিনাক্ত কৰা হৈছে ।
ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩, অস্ত্ৰ আইন, ১৯৫৯ আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ প্ৰাসংগিক বিধানৰ অধীনত LeT আৰু TRF-ৰ লগতে চাৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে ।
NIA-ৰ এগৰাকী মুখপাত্ৰই কয় যে NIA-এ বিগত প্ৰায় আঠ মাহ ধৰি চলি থকা এক নিখুঁত তদন্তৰ জৰিয়তে আৰ চি-০২/২০২৫/এন আই এ/জে এম ইউ (RC-02/2025/NIA/JMU) গোচৰৰ ষড়যন্ত্ৰৰ সন্ধান পাকিস্তানৰ পৰা উলিয়াইছিল, যিয়ে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ অবিৰতভাৱে পৃষ্ঠপোষকতা কৰি আহিছে ।
সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত NIA-এ যোৱা ২২ জুনত গ্ৰেপ্তাৰ কৰা পৰ্বৈজ আহমেদ আৰু বছিৰ আহমদ জোথাটদকে ধৰি দুই অভিযুক্তৰ নামো অভিযোগনামাত উল্লেখ কৰা হৈছে । মুখপাত্ৰগৰাকীয়ে কয় যে জেৰাৰ সময়ত দুই অভিযুক্তই আক্ৰমণৰ সৈতে জড়িত তিনি অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ পৰিচয় প্ৰকাশ কৰিছিল আৰু লগতে নিশ্চিত কৰিছিল যে তেওঁলোক নিষিদ্ধ LeT সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত পাকিস্তানী নাগৰিক ।
ইতিমধ্যে সকলোৰে জ্ঞাত যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামৰ বৈছাৰন উপত্যকাত পৰ্যটকক লক্ষ্য কৰি সংঘটিত হৈছিল এক ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ । এই নিৰ্বিচাৰ গুলীচালনাত ২৫ জন পৰ্যটকৰ লগতে এজন পনি আৰোহীৰ (pony riders) মৃত্যু হয় । তদন্তৰ সময়ছোৱাত NIA-এ পৰ্যটক, পনি ৰাইডাৰ, ফটোগ্ৰাফাৰ, দোকানীকে ধৰি ১০০০ৰো অধিক ব্যক্তিক সোধা-পোছা কৰে ।

