আল কায়দা গুজৰাটৰ সন্ত্ৰাসবাদী ষড়যন্ত্ৰ গোচৰত উত্তৰ-পূৰ্বাঞ্চলসহ ৫ ৰাজ্যত NIAৰ অভিযান
তালাচীৰ সময়ত কেইবাটাও ডিজিটেল ডিভাইচ আৰু সন্দেহজনক নথি-পত্ৰ জব্দ কৰা হৈছে । জব্দ কৰা সামগ্ৰীখিনি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

By PTI
Published : November 13, 2025 at 9:50 AM IST
নতুন দিল্লী : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত আল কায়দা গুজৰাটৰ সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই উত্তৰ পূৰ্বাঞ্চলৰ দুই ৰাজ্যসহ পাঁচখন ৰাজ্যৰ ১০টা স্থানত তালাচী চলাইছে ৷ বিষয়াসকলে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে ।
নিয়াৰ দলে বুধবাৰে পশ্চিমবংগ, ত্ৰিপুৰা, মেঘালয়, হাৰিয়ানা আৰু গুজৰাটৰ বিভিন্ন সন্দেহযুক্ত লোক আৰু তেওঁলোকৰ সহযোগীসকলৰ সৈতে জড়িত চৌহদত তালাচী চলায় বুলি সংস্থাটোৰ মুখপাত্ৰই এক বিবৃতিত প্ৰকাশ কৰে ।
বিষয়াগৰাকীয়ে কয় যে কেইবাটাও ডিজিটেল ডিভাইচ আৰু নথি-পত্ৰ জব্দ কৰি ফৰেনছিক বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
এই গোচৰটো প্ৰথমে ২০২৩ চনৰ জুন মাহত নিয়াই অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ভাৰতীয় দণ্ডবিধি আৰু বিদেশী আইন আদিৰ বিভিন্ন ধাৰাত ৰুজু কৰিছিল ।
২০২৩ চনত ৰুজু হোৱা এই গোচৰটোৰ কেন্দ্ৰবিন্দু হৈছে চাৰিজন বাংলাদেশী নাগৰিক -- মহম্মদ সোজিবমিয়ান, মুন্না খালিদ আনছাৰী, আজাৰুল ইছলাম আৰু আব্দুল লতিফে -- বাংলাদেশৰ পৰা জাল ভাৰতীয় পৰিচয় পত্ৰ ব্যৱহাৰ কৰি ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল বুলি নিয়াই অভিযোগ কৰে ।
বিবৃতিটোত কোৱা হৈছে, "তেওঁলোক নিষিদ্ধ আল কায়দা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত বুলি ধৰা পৰিছে । লোককেইজন বাংলাদেশৰ আল কায়দাৰ কৰ্মীসকললৈ ধন সংগ্ৰহ আৰু হস্তান্তৰৰ কামত জড়িত আছিল, আৰু মুছলমান যুৱক-যুৱতীসকলকো সক্ৰিয়ভাৱে প্ৰেৰণা যোগোৱা দেখা গৈছে ।"
২০২৩ চনৰ ১০ নৱেম্বৰত এন আই এয়ে আহমেদাবাদৰ এন আই এৰ বিশেষ আদালতত পাঁচজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ।
সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে আৰু কয় যে ভাৰত আৰু সীমান্তৰ সিপাৰে সক্ৰিয় সন্ত্ৰাসবাদী নেটৱৰ্কৰ উপস্থিতি, সংযোগ, আৰু বিত্তীয় চেনেলসমূহ উন্মোচন কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই গোচৰৰ তদন্ত অব্যাহত আছে ।

