বাংলাদেশলৈ পলোৱাৰ যো-জা কৰোতেই 'নিয়া'ই ধৰিলে প্ৰাক্তন বিধায়কক
ভাংগাৰৰ দক্ষিণ বামুণিয়া গাঁৱত সংঘটিত বোমা বিস্ফোৰণৰ অন্য়তম অভিযুক্ত তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক চৌকত মোল্লা ।

Published : June 6, 2026 at 2:20 PM IST
ভাংগাৰ (দক্ষিণ ২৪ পৰগনা): অৱশেষত এনআইএই গ্ৰেপ্তাৰ কৰিলে পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ পৰা পলাতক হৈ থকা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক চৌকত মোল্লাক । শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এনআইএ)ই তেওঁক গ্ৰেপ্তাৰ কৰে । কমলকাজ অঞ্চলৰ পৰা এনআইএই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
এনআইএই উল্লেখ কৰা মতে,তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন বিধায়কজনে বাংলাদেশলৈ পলায়নৰ বাবে যো-জা কৰাৰ সময়তেই গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য় যে তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন বিধায়কজন হৈছে ২০২৬ চনৰ ১৯ মাৰ্চত ভাংগাৰৰ দক্ষিণ বামুণিয়া গাঁৱত সংঘটিত বোমা বিস্ফোৰণৰ গোচৰৰ প্ৰধান সন্দেহযুক্ত । এনআইএই ইতিমধ্য়ে তেওঁক পলাতক বুলি ঘোষণা কৰিছিল । অৱশ্য়ে পলাতক ঘোষণাৰ কেইঘণ্টামান পিছতে গ্ৰেপ্তাৰ কৰা হয় মোল্লাক।
পলাতক অৱস্থাত থকা প্ৰাক্তন বিধায়কজনক এনআইএই চলাই থকা তালাচীৰ অন্তত গ্ৰেপ্তাৰ কৰে । এই গোচৰত গ্ৰেপ্তাৰ হোৱা চতুৰ্থজন অভিযুক্ত হৈছে মোল্লা । এনআইএৰ মতে, মোল্লা এই গোচৰৰ মূল ষড়যন্ত্ৰকাৰী আছিল । তেওঁ আন অভিযুক্তক ক্ৰুড বোমা নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল । সংস্থাটোৱে পুনৰ দাবী কৰে যে বিস্ফোৰণৰ পিছত বিস্ফোৰণস্থলীত প্ৰমাণ নষ্ট কৰিবলৈ সহযোগীসকলক নিৰ্দেশ দিছিল ।
উল্লেখ্য় যে বিস্ফোৰণস্থলীৰ পৰা স্ক’ৰপিঅ’ বাহনত মৃত আৰু আহত লোকক কঢ়িয়াই নিয়াৰ লগত জড়িত আন এজন অভিযুক্তক জিম্মাত লোৱাৰ কিছু সময়ৰ পিছতে মোল্লাক গ্ৰেপ্তাৰ কৰে এনআইএই । ইয়াৰ সৈতে গভীৰ ষড়যন্ত্ৰ জড়িত আছিল নেকি সেইবিষয়ে তদন্তকাৰীয়ে অভিযুক্তক জেৰা কৰি আছে । পশ্চিম বংগ আৰক্ষীয়ে প্রথমে তদন্ত কৰাৰ পাছতে গৃহ মন্ত্রালয়ে এনআইএক গতাই দিয়ে ।
উল্লেখ্য যে যোৱা ১৯ মাৰ্চত দক্ষিণ ২৪ পৰগনা জিলাৰ দক্ষিণ বামুণিয়া গাঁৱত সংঘটিত বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হৈছিল । এই সন্দৰ্ভত এগৰাকী এনআইএ বিষয়াই কয়, "ভাংগাৰাত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ অংশ হিচাপে চৌকত মোল্লাক গ্ৰেপ্তাৰ কৰিছো । তেওঁক কাইলৈ আদালতত হাজিৰ কৰোৱাৰ পিচত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
মোল্লাৰ সৈতে এই ঘটনাত জড়িতৰ সংখ্য়া চাৰিজনলৈ বৃদ্ধি পালে । মোল্লাক গ্ৰেপ্তাৰৰ পিছত তেওঁক সোধা-পোচা কৰিবলৈ এনআইএৰ কাৰ্যালয়লৈ নিয়া হয় । তেওঁৰ সৈতে বাইকত যোৱা আৰোহীজনকো আটক কৰা হৈছে ।
এন আই এৰ দলে দক্ষিণ ২৪ পৰগনাত মোল্লাৰ বাসগৃহ আৰু তেওঁৰ সৈতে জড়িত কেইবাটাও স্থানত তালাচী চলোৱাৰ এদিন পিছতে গ্ৰেপ্তাৰ হয় । তদন্তৰ অংশ হিচাপে মৌখালী, বাৰুইপুৰ, আৰু সোণাৰপুৰত অভিযান চলাইছিল। ইপিনে, মোল্লাৰ পৰিয়ালে দাবী কৰা মতে, তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই, আত্মসমৰ্পণহে কৰিছে । তেওঁৰ কন্যাই সাংবাদিকৰ আগত কয়, "মোৰ দেউতা ঘৰত নাছিল । তেওঁ ব্যক্তিগত কামৰ বাবে ওলাই গৈছিল । তেওঁ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিছে । আমি (আমাৰ পৰিয়ালৰ সদস্য আৰু দেউতা) চিংৰিঘাটাৰ ওচৰৰ এখন হোটেলত আছিলো আৰু কমলগাজৰ ওচৰৰ ক'তো নাছিল ।" বৃহস্পতিবাৰে সংস্থাটোৱে বোমা নিৰ্মাতাসকলক আনিবলৈ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰা বাহনখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছিল ।
লগতে পঢ়ক:দিল্লী অগ্নিকাণ্ড: বিগত ৬ বছৰত অগ্নিকাণ্ডজনিত দুৰ্ঘটনাত ৫৪৩ জন লোকৰ প্ৰাণহানি
দুই বিদেশী মহিলাক বিতাড়ন : ১৬ জুলাইৰ ভিতৰত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ

