অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ ঘটনাক লৈ সৰৱ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, চি বি আইক দিয়ক তদন্তৰ দায়িত্ব
বনকৰা কিশোৰীৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইক অৰ্পণৰ নিৰ্দেশ আয়োগৰ ৷

Published : March 16, 2026 at 3:45 PM IST
গুৱাহাটী: অৰুণাচল প্ৰদেশৰ ৰয়িঙত সংঘটিত বন কৰা কিশোৰীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কঠোৰ পদক্ষেপ ৷ ৰয়িঙত চাকমা জনগোষ্ঠীৰ এগৰাকী কিশোৰীৰ মৃত্যুৰ পাছতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ দ্বাৰা সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনাক আদৰণি জনাইছে সৰ্বভাৰতী চাকমা ছাত্ৰ সংগঠনে ৷
উল্লেখ্য যে ৰয়িঙৰ ঘটনা সন্দৰ্ভত সৰ্বভাৰতীয় চাকমা ছাত্ৰ সন্থাই এক অভিযোগ দাখিল কৰিছিল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত ৷ সেই অভিযোগৰ ভিত্তিতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কঠোৰ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰক ৷ উল্লেখ্য যে, ৰাজ্যখনত অবৈধ শিশু শ্ৰমিক, মানৱ অধিকাৰ উলংঘাৰ সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে চলোৱা তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হোৱা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি সৰ্বভাৰতীয় চাকমা ছাত্ৰ সংগঠন চমুকৈ এ আই চি এছ ইউৱে আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷
ইতিমধ্যে, সমগ্ৰ তদন্ত প্ৰক্ৰিয়া তন্ন তন্নকৈ পৰীক্ষা কৰি আছে এন এইচ আৰ চিয়ে ৷ অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ ঘটনাটোৰ ভুক্তভোগী শিশুক শিশু আৰু কিশোৰ-কিশোৰী শ্ৰমিক (নিষেধাজ্ঞা আৰু নিয়ন্ত্ৰণ) আইন ১৯৮৬, কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন ২০১৫ উলংঘা কৰি অবৈধভাৱে ঘৰুৱা শ্ৰমিক হিচাপে নিয়োজিত কৰা হৈছিল ৷
ইফালে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে সমগ্ৰ ঘটনাৰ তদন্ত ভাৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ নিৰ্দেশ দিছে ৷ আনহাতে, ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ হিচাপে কিয় ১০ লাখ আৰ্থিক সাহায্য প্ৰদান কৰা নহ'ল বুলি অৰুণাচল প্ৰদেশ চৰকাৰৰ মুখ্য সচিবক প্ৰশ্ন কৰিছে আয়োগে ৷ লগতে ৰাজ্য চৰকাৰলৈ আয়োগে ৰাজ্যখনত চলি থকা শিশু শ্ৰমিক, ঘৰুৱা বন কৰা শিশু আৰু অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰক ৷

