ETV Bharat / bharat

১২ হাজাৰ গছৰ এজোপাও কাটিব নোৱাৰিব : উন্নয়ন আৰু পৰিৱেশৰ মাজৰ যুঁজখনত অৱশেষত সেউজীয়াই জয়ী হ'ল

ভূপালৰ অযোধ্যা বাইপাছত ১০ লেনযুক্ত পথ প্ৰকল্পৰ বাবে হাজাৰ হাজাৰ গছ কটাৰ বিষয়টো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ পাইছিলগৈ ৷ অৱশেষত স্থগিতাদেশ জাৰি সেউজ ন্যায়াধীকৰণৰ ।

Bhopal Ayodhya bypass road
জীৱন ঘূৰাই পালে প্ৰকৃতিয়ে... (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 8:34 AM IST

3 Min Read
Choose ETV Bharat

ভূপাল (মধ্য প্ৰদেশ): উন্নয়ন আৰু পৰিৱেশৰ মাজৰ যুদ্ধখনত অৱশেষত সেউজীয়াই জয়ী হ'ল ! ভূপালৰ ১০ লেনযুক্ত অযোধ্যা বাইপাছ পথ নিৰ্মাণৰ নামত প্ৰায় ৮ৰ পৰা ১২ হাজাৰ গছ কাটি পেলোৱাৰ যি সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্তত নিষেধাজ্ঞা জাৰি কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ অৰ্থাৎ গ্ৰীণ ট্ৰিবিউনেল (এন জি টি) এ ৷ এই বিষয়টো কেৱল ভূপালতে সীমাবদ্ধ কৰি ৰখাতকৈ উন্নয়নমূলক প্ৰকল্পৰ নামত নিৰ্বিচাৰে গছ-গছনি কটা কাৰ্য ৰোধ কৰি সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ এক একেধৰণৰ নীতি স্থাপনৰ দিশত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে এন জি টিয়ে ।

উন্নয়ন আৰু পৰিৱেশৰ ভাৰসাম্য প্ৰয়োজনীয়:

নীতিন ছাক্সেনা বনাম ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী (এন এইচ এ আই) গোচৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ন্যায়াধীশ শিৱ কুমাৰ সিং আৰু বিশেষজ্ঞ সদস্য সুধীৰ কুমাৰ চতুৰ্বেদীৰে গঠিত বিচাৰপীঠখনে কয় যে সমগ্ৰ দেশতে পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনি প্ৰকল্পৰ বাবে গছ কটাৰ সন্দৰ্ভত একেধৰণৰ এক কঠোৰ নীতি অতি প্ৰয়োজনীয় । ইয়াৰ দ্বাৰা অৰ্থনৈতিক প্ৰগতি আৰু পৰিৱেশ সুৰক্ষাৰ মাজত ভাৰসাম্যতা নিশ্চিত হ’ব । লগতে এই গোচৰটো নতুন দিল্লীৰ এন জি টিৰ প্ৰধান বিচাৰপীঠলৈ হস্তান্তৰ কৰাৰো নিৰ্দেশ দিয়া হয় ।

Bhopal Ayodhya bypass road
স্বস্তিৰ উশাহ লৈছে গছ আৰু প্ৰকৃতিপ্ৰেমী উভয়েই (ETV Bharat)

অযোধ্যা বাইপাছ ৰোডৰ বাবে কটাৰ কথা আছিল হাজাৰ হাজাৰ গছ:

পথ সম্প্ৰসাৰণ আৰু চহৰৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তাৰ মাজতে এতিয়া পৰিৱেশ সুৰক্ষাৰ বিষয়টো এটা ৰাষ্ট্ৰীয় বিষয় হৈ পৰিছে । ভূপালৰ অযোধ্যা বাইপাছত প্ৰস্তাৱিত ১০ লেনযুক্ত পথ প্ৰকল্পৰ বাবে হাজাৰ হাজাৰ গছ কটাৰ বিষয়টো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ পাইছিলগৈ, অৱশেষত উন্নয়নৰ নামত গছ কটাৰ ওপৰত স্থগিতাদেশ জাৰি কৰা হয় । উন্নয়নমূলক কাম কৰাটো প্ৰয়োজনীয় বুলি এন জি টিয়ে স্পষ্ট কৰি দিছে যদিও ইয়াৰ নামত প্ৰকৃতিক ত্যাগ কৰাটো গ্ৰহণযোগ্য নহয় ।

এইবোৰ গছ নহয়, ভূপালৰ উশাহ:

শুনানিৰ সময়ত আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তাই যুক্তি আগবঢ়াযই যে এই গছবোৰ কেৱল কাঠ নহয়, বৰঞ্চ ভূপালৰ নাগৰিকৰ উশাহ । আনহাতে এন এইচ এ আইয়ে প্ৰকল্পটোৰ প্ৰয়োজনীয়তা আৰু সময়োপযোগিতাৰ উদাহৰণ দাঙি ধৰে । ইফালে, পূৰ্বৰ স্থগিতাদেশৰ আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰা বুলিও পোহৰলৈ আহিছে । কিন্তু কোনো চৰকাৰী নথি দাখিল নকৰাৰ ফলত এন জি টিয়ে স্পষ্ট কৰি দিলে যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন আবেদনৰ স্থিতি স্পষ্ট নোহোৱালৈকে ন্যায়াধীকৰণে গোচৰটোৰ আৰু শুনানি গ্ৰহণ নকৰে আৰু গছসমূহ কাটি পেলোৱাৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকিব ।

এই সিদ্ধান্তই সমগ্ৰ দেশৰ বাবে এক নজিৰ গঢ়িব:

এন জি টিয়ে ভূপালত কটাবলগীয়া ৮ৰ পৰা ১২ হাজাৰ গছক মহানগৰীৰ হাওঁফাওঁ বুলি অভিহিত কৰে । আছাৰাম তিৰাহাৰ পৰা কাৰোণ্ড হৈ ৰত্নাগিৰি তিৰাহালৈ প্ৰস্তাৱিত ১৬ কিলোমিটাৰ পথৰ বাবেও একেসংখ্যক গছ কটাৰ পৰিকল্পনা কৰা হৈছিল । এন জি টিয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশকো পুনৰবাৰ উল্লেখ কৰে ।

লগতে পঢ়ক: গাঁওখনত এঘৰেই মানুহ, ১৫ বিঘা মাটিত খেতি কৰি চলি আছে পৰিয়ালটো