শুভ নৱবৰ্ষ ২০২৬ : ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী মোদীৰ লগতে আন আন ৰাজনীতিবিদসকলৰ দেশবাসীলৈ শুভেচ্ছা
২০২৬বৰ্ষই সকলোৰে বাবে শান্তি, সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে শক্তিশালী আৰু জাকত জিলিকা ভাৰত গঢ়াৰ সংকল্পক পুনৰ সজীৱ কৰি তোলাৰ আশা ৰাষ্ট্ৰপতি মুৰ্মুৰ ৷

Published : January 1, 2026 at 5:11 PM IST
নতুন দিল্লী: বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমাজত শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।
ৰাষ্ট্ৰপতি মুৰ্মুৱে ইয়াক নতুন শক্তি, ইতিবাচক পৰিৱৰ্তন আৰু জাতি গঠনৰ প্ৰতি সামূহিক দায়বদ্ধতাৰ সময় বুলি অভিহিত কৰে । তেওঁ কয় যে নতুন বছৰে নতুন আৰম্ভণিৰ লগতে আত্মনিৰীক্ষণ আৰু নতুন সংকল্প গ্ৰহণৰ সুযোগ প্ৰদান কৰে । তেওঁ নাগৰিকসকলক ৰাষ্ট্ৰীয় উন্নয়ন, সামাজিক সম্প্ৰীতি, পৰিৱেশ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰিবলৈ আহ্বান জনায় ।
এক্সত প্ৰকাশিত এক পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘‘নৱবৰ্ষৰ শুভক্ষণত দেশ-বিদেশৰ সকলো ভাৰতীয়লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো । নতুন বছৰটো নতুন শক্তি আৰু ইতিবাচক পৰিৱৰ্তনৰ প্ৰতীক । আত্মনিৰীক্ষণ আৰু নতুন সংকল্পৰ সুযোগো । এই নতুন বছৰত আহক আমি ৰাষ্ট্ৰীয় উন্নয়ন, সামাজিক সম্প্ৰীতি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰো । ২০২৬ চনে আপোনালোক সকলোৰে বাবে শান্তি, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক আৰু শক্তিশালী আৰু জাকতজিলিকা ভাৰত গঢ়াৰ সংকল্প শক্তিশালী কৰক ।’’
On the joyous occasion of New Year, I extend my heartiest greetings and best wishes to all Indians in the country and abroad. pic.twitter.com/CRc2B9epT9
— President of India (@rashtrapatibhvn) January 1, 2026
নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘২০২৬ চনৰ বাবে সকলোকে আন্তৰিক শুভেচ্ছা ! এই বছৰে আপোনালোকৰ বাবে সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে আপোনালোকৰ প্ৰচেষ্টাত সফলতা আৰু সকলো কামতে পূৰ্ণতা লাভ কৰক । আমাৰ সমাজত শান্তি আৰু সুখৰ বাবে প্ৰাৰ্থনা কৰিছো ।’’
2026 की आप सभी को बहुत-बहुत शुभकामनाएं। कामना करते हैं कि यह वर्ष हर किसी के लिए नई आशाएं, नए संकल्प और एक नया आत्मविश्वास लेकर आए। सभी को जीवन में आगे बढ़ने की प्रेरणा दे।
— Narendra Modi (@narendramodi) January 1, 2026
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ pic.twitter.com/vMhlHe3fGR
লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও ছ’চিয়েল মিডিয়াৰ জৰিয়তে জ্ঞাপন কৰে শুভেচ্ছা । তেওঁ লিখিছে, ‘‘আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো । নতুন বছৰে আপোনালোকৰ বাবে অপৰিসীম সুখ, সুস্বাস্থ্য, আৰু সফলতা কঢ়িয়াই আনক ।’’
आप सभी को नववर्ष की हार्दिक शुभकामनाएं। नया साल आपके जीवन में ढेर सारी खुशियां, अच्छा स्वास्थ्य और सफलताएं लेकर आए।
— Rahul Gandhi (@RahulGandhi) December 31, 2025
Wishing everyone a very Happy New Year 2026! pic.twitter.com/DqJYctGyM6
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ সেৱা, সু-শাসন আৰু সংবেদনশীলতাৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক বাৰ্তা শ্বেয়াৰ কৰে । মুখ্যমন্ত্রী ধামীয়ে কয়, ‘‘দুর্গম পাহাৰীয়া গাঁৱত বা সীমান্ত অঞ্চলত বাস কৰাই হওক, প্রতিজন নাগৰিকে ২০২৬ চনৰ ভিতৰত উন্নয়নৰ সুবিধা প্রসাৰণৰ সংকল্প আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডবল ইঞ্জিনৰ চৰকাৰখনে কাম কৰিছে ৷’’
তেওঁ যুৱ সবলীকৰণ, মহিলাৰ আত্মনিৰ্ভৰশীলতা, পৰিৱেশ সুৰক্ষা আৰু পৰ্যটন, কৃষি আৰু উদ্যোগৰ সুষম উন্নয়নকে ধৰি মূল অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰে ।
মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে এই লক্ষ্যসমূহ পূৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে ৷ যিয়ে সমগ্ৰ ৰাজ্যতে সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ প্ৰতি চৰকাৰে মনোনিৱেশ কৰাটোক প্ৰতিফলিত কৰিছে ।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে জনসাধাৰণক উদ্দেশ্যি তেওঁলোকৰ মৌলিক অধিকাৰৰ বাবে যুঁজিবলৈ আৰু সাংবিধানিক মূল্যবোধ ৰক্ষা কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, ‘‘আহক আমি এই বছৰটোক দুৰ্বল লোকৰ অধিকাৰ, কৰ্মৰ অধিকাৰ, ভোটাধিকাৰ আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ অধিকাৰ ৰক্ষাৰ বাবে এক গণ আন্দোলন হিচাপে গঢ়ি তোলোঁ । আহক আমি একেলগে আমাৰ সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধক সুৰক্ষা দিওঁ, নাগৰিকৰ সবলীকৰণ কৰোঁ আৰু সমাজত সম্প্ৰীতি শক্তিশালী কৰোঁ ।’’
‘‘আমাৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন, মহিলাসকলৰ সুৰক্ষা, কৃষকৰ বাবে সমৃদ্ধি, প্ৰান্তীয় লোকৰ বাবে মৰ্যাদা আৰু সকলোৰে বাবে উন্নত জীৱন ধাৰণৰ মানদণ্ড, এইবোৰ আমাৰ সকলোৰে সংকল্প হোৱা উচিত ৷ আশা কৰোঁ আগন্তুক বছৰটোৱে আপোনালোক সকলোৰে বাবে সুখ, সমৃদ্ধি আৰু প্ৰগতি কঢ়িয়াই আনিব’’ - খাৰ্গে লগতে কয় ।
লগতে পঢ়ক: উভতি চাওঁ ২০২৫ : জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত ভাৰতে লাভ কৰিলে নতুন উপ-ৰাষ্ট্ৰপতি

