নৱবৰ্ষ উদযাপনৰ সময়ত সাৱধান; দেশজুৰি হাই এলাৰ্ট আৰক্ষীৰ
নৱবৰ্ষক আদৰিবলৈ সাজু সকলো । আৰক্ষীও সষ্টম । সুৰাপায়ী চালকৰ বিৰুদ্ধে তালাচী আৰক্ষীৰ ।

Published : December 31, 2025 at 5:00 PM IST
নতুন দিল্লী: নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে দেশবাসী । বিভিন্ন ক্লাব, ৰাজহুৱা স্থান আদিত পাৰ্টিৰ আয়োজন চলিছে । মুঠতে নিশা উদযাপন কৰি পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰিবলৈ সকলো ফালে প্ৰস্তুতি চলিছে । কিন্তু উদযাপনৰ সময়ত সাৱধান হ'ব । কাৰণ আইন উলংঘা কৰিলেই ৰাজপথত ৰৈ থাকিব আৰক্ষী তথা নিৰাপত্তা সংস্থাসকলোৱে নতুন বছৰক আদৰিবলৈ সাজু হোৱাৰ সময়তে ডাঙৰ ডাঙৰ চহৰসমূহত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ।
দুৰ্ঘটনা প্ৰতিৰোধ, ভিৰ নিয়ন্ত্ৰণকে ধৰি আইন উংলঘনকাৰীৰ বিৰুদ্ধে সষ্টম হৈ আছে আৰক্ষী ৷ বিশেষকৈ সুৰাপায়ী চালক, অত্যধিক হুলস্থুলীয়া পৰিৱেশ, সুৰাৰ অবৈধ বেহা, শব্দ প্ৰদূষণ আদিৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আৰক্ষীক সহযোগ কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে আৰক্ষীয়ে । ইতিমধ্যে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ বাবে বিভিন্ন ৰাজ্যত পৰামৰ্শ জাৰি কৰিছে আৰক্ষীয়ে ।
দিল্লী
দেশৰ ৰাজধানী দিল্লীত আৰক্ষীয়ে নৱবৰ্ষৰ পূৰ্বে সকলো জিলাতে নিৰাপত্তা আৰু যান-বাহন আইন কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে । দুৰ্ঘটনা, সুৰাপান কৰি গাড়ী চলোৱা, অবৈধ সুৰাৰ সৰবৰাহ আৰু আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চহৰত সুৰক্ষা আৰু সতৰ্কতা পৰিকল্পনা ৰূপায়ণ কৰিছে ।
দিল্লীৰ নিকটৱৰ্তী অঞ্চল, সীমান্ত অঞ্চল, পাৰ্টি হটস্পট, ব্যস্ত বজাৰ, মেট্ৰ' ষ্টেচন, ডাঙৰ চাৰিআলি আৰু দুৰ্ঘটনা প্ৰৱণ অঞ্চলত বিশেষ গুৰুত্ব দিয়া হৈছে । আৰক্ষীয়ে নিশাৰ সময়ত বেৰিকেডিং, বাহনৰ তালাচী আৰু সংহত চেকপইণ্ট বৃদ্ধি কৰিছে । এয়াই নহয় দুৰ্ঘটনা প্ৰতিৰোধ আৰু সুৰাপায়ী চালকক নিয়ন্ত্ৰণৰ বাবে ব্ৰেথ এনালাইজাৰ আৰু আধুনিক সঁজুলিৰ ব্যাপক ব্যৱহাৰ কৰিছে ।
Ahead of the New Year celebrations, East District Police has stepped up preventive policing and security arrangements across the district.
— DCP East Delhi (@DCPEastDelhi) December 31, 2025
Focused picket checking, vehicle inspections, and continuous surveillance are being conducted at identified and sensitive points to… pic.twitter.com/BWfNC9dpMa
এই সন্দৰ্ভত এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে নৱবৰ্ষ উদযাপনৰ সময়ত সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । মটৰ চাইকেলৰ ষ্টাণ্ট, তীব্ৰবেগী বাহনৰ চলাচল ৰোধৰ বাবে বিশেষ দল নিয়োগ কৰা হৈছে বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে কয়, ‘‘জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা, দুৰ্ঘটনা প্ৰতিৰোধ কৰা আৰু জীৱন বিপন্ন কৰিব পৰা আইন উলংঘাক বাধা দিয়াৰ বাবে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰা হৈছে ।’’
সুৰাপান কৰি গাড়ী চলোৱা আৰু সুৰাৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধেও দিল্লী আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গঢ়ি তুলিছে, সন্দেহজনক বাহন আৰু ব্যক্তিক ভালদৰে পৰীক্ষা কৰা হৈছে । কেইবাটাও স্থানত অবিৰতভাৱে নিশা টহল দি থকা হৈছে । চি চি টিভি কেমেৰা আৰু নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে ২৪ ঘণ্টাই যান-বাহনৰ চলাচল নিৰীক্ষণ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ।
VIDEO | Delhi: Police are on high alert ahead of New Year celebrations at Saket Mall.
— Press Trust of India (@PTI_News) December 30, 2025
Joint CP Sanjay Kumar Jain says, " delhi police have made strong security arrangements for everyone for the new year. speaking about the southern range, we have deployed around 120 extra… pic.twitter.com/kzoQsp5NFp
এই সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত শচীন শৰ্মাই কয়, "একাধিক স্থানত বেৰিকেড স্থাপন কৰা হৈছে আৰু যান-বাহন আৰক্ষী মোতায়েন কৰা হৈছে । সুৰাপান কৰি গাড়ী চলোৱা আৰু উদ্ভণ্ডালি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । পি চি আৰ দল আৰু জৰুৰীকালীন সেৱা সক্ৰিয় হৈ থাকিব ।"
আন এগৰাকী শীৰ্ষ বিষয়াই কয় যে শীৰ্ষ বিষয়াসকলে ব্যক্তিগতভাৱে ব্যৱস্থাৰ তদাৰক কৰি আছে আৰু যিকোনো জৰুৰীকালীন অৱস্থাৰ প্ৰতি ক্ষিপ্ৰ সঁহাৰি নিশ্চিত কৰিবলৈ যান-বাহন আৰক্ষী, জিলা আৰক্ষী ইউনিট আৰু পি চি আৰ দলৰ মাজত সমন্বয় শক্তিশালী কৰা হৈছে । বিষয়াগৰাকীয়ে কয়, "কেৱল আইন বলবৎ কৰা নহয় প্ৰতিৰোধহে প্ৰধান উদ্দেশ্য । আইন উলংঘন ৰোধ কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দলসমূহক পথত সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।’’
#WATCH | Delhi: Security forces review security arrangements in view of the New Year celebrations. pic.twitter.com/1bwFZZ1hmL
— ANI (@ANI) December 30, 2025
গভীৰ নিশাৰ উদযাপনৰ সময়ত দুৰ্ঘটনা, চিকিৎসা জৰুৰীকালীন বা যিকোনো আইন-শৃংখলা পৰিস্থিতি চম্ভালিবলৈ পি চি আৰ বাহন আৰু চিকিৎসা সহায়কে ধৰি জৰুৰীকালীন সঁহাৰি ব্যৱস্থাসমূহ শক্তিশালী কৰা হৈছে ।
নিৰাপদ আৰু শান্তিপূৰ্ণ নৱবৰ্ষ উদযাপন নিশ্চিত কৰাৰ বাবে ৰাইজৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি জোৰ দি দিল্লী আৰক্ষীয়ে নাগৰিকসকলক যান-বাহন নিয়ম মানি চলিবলৈ, সুৰাপান কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকিবলৈ আৰু সন্দেহজনক কাৰ্যকলাপৰ খবৰ দিবলৈ আহ্বান জনাইছে ।
মুম্বাই আৰু থানে (মহাৰাষ্ট্ৰ)
মুম্বাই আৰক্ষীয়ে মেৰিন ড্ৰাইভ, গেটৱে অৱ ইণ্ডিয়া, গীৰগাঁও চৌপাটী, বান্দ্ৰা বেণ্ডষ্টেণ্ড আৰু জুহুৰ দৰে ডাঙৰ হটস্পটত শীৰ্ষ বিষয়া, কুইক ৰেচপন্স টীম (কিউ আৰ টি), বোমা বিশেষজ্ঞ স্কোৱাড আৰু ষ্টেট ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ (এছ আৰ পি এফ) প্লাটুনকে ধৰি ১৭ হাজাৰৰো অধিক জোৱান নিয়োগ কৰা হৈছে ।
ৰাজপথত উদ্ভণ্ডালি, অবৈধ সুৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে জনাইছে আৰু নাগৰিকসকলক দায়িত্বশীলভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে । জৰুৰীকালীন হেল্পলাইন '১০০' আৰু '১১২' ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব বুলি আৰক্ষীয়ে জনাইছে ।
থানেত আইন উলংঘন ৰোধৰ বাবে ৭৩৯ গৰাকী যান-বাহন আৰক্ষীৰ লগতে ৫৪ টা বেৰিকেড আৰু ৫১ টা ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰা হৈছে । এই সন্দৰ্ভত থানেৰ উপ আৰক্ষী আয়ুক্ত পংকজ শিৰসাথে সকীয়াই দিয়ে, "সুৰাপান কৰি গাড়ী চলোৱা, দ্ৰুতবেগত চলোৱা বা ষ্টাণ্টৰ ফলত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে । যান-বাহন আইন মানি চলিব লাগিব ।"
বেংগালুৰু (কৰ্ণাটক)
কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত আৰক্ষীয়ে নৱবৰ্ষৰ পূৰ্বে বিশেষকৈ কেন্দ্ৰীয় ব্যৱসায়িক জিলাত (চিবিডি) এক বিশদ নিৰাপত্তা আৰু যানজঁট পৰিচালনাৰ পৰিকল্পনা ৰূপায়ণ কৰিছে ।
পশ্চিম সংমণ্ডলৰ যুটীয়া আৰক্ষী আয়ুক্ত চি বামচিকৃষ্ণৰ নেতৃত্বত ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত নিৰাপত্তাৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয়, যিয়ে যানজঁট নিয়ন্ত্ৰণ প্ৰট'কলৰ ৰূপৰেখা দাঙি ধৰে । ফেচ ৰিকগনিশ্যন যন্ত্ৰকে ধৰি ৪০০ৰো অধিক আৰক্ষীৰ কেমেৰা নিয়োগ কৰা হৈছে, আনহাতে ৩ হাজাৰতকৈ অধিক ব্যক্তিগত চিচিটিভি নিৰীক্ষণৰ বাবে আৰক্ষী কমাণ্ড চেণ্টাৰৰ সৈতে সংযুক্ত কৰা হৈছে ।
Bengaluru, Karnataka: On security arrangements ahead of the New Year 2026, State Home Minister G. Parameshwar says, “We have already said that celebrations should be held with full responsibility. We will ensure the safety of everyone and see that the New Year is celebrated… pic.twitter.com/3JYVSQjABz
— IANS (@ians_india) December 31, 2025
এম জি ৰোড, ব্ৰিগেড ৰোড, চাৰ্চ ষ্ট্ৰীট, ৰেচিডেন্সি ৰোড আৰু ওচৰৰ ষ্ট্ৰেচকে ধৰি কেইবাটাও ঘন জনবসতিপূৰ্ণ অঞ্চলত চোকা দৃষ্টি ৰখা হৈছে । আৰক্ষীয়ে কেৱল পথচাৰীৰ বাবে জ'ন বলবৎ কৰিছে, বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু অতিমাত্ৰা ভিৰ ৰোধ কৰিবলৈ আৰু জৰুৰীকালীন সঁহাৰি নিশ্চিত কৰিবলৈ নিৰ্দিষ্ট প্ৰৱেশ আৰু প্ৰস্থান স্থান স্থাপন কৰিছে ।
যুটীয়া আয়ুক্ত চি বামচিকৃষ্ণই কয়, "নৱবৰ্ষ উদযাপনত সকলোৰে সুৰক্ষা আৰু সুবিধা নিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে । আমি জনসাধাৰণক সহযোগিতা আৰু নিৰ্দেশনা পালন কৰিবলৈ অনুৰোধ জনাইছো ।"
উচ্চ স্বৰৰ সংগীত বজোৱা, পথ বা বাহনত লাউডস্পীকাৰ, মাজনিশাৰ পিছত উদযাপন জ'নত ঘূৰি ফুৰা আদি নিষিদ্ধ কৰা হৈছে । প্ৰয়োজন হ'লে দ্ৰুত সহায় নিশ্চিত কৰিবলৈ সমগ্ৰ চিবিডিত আৰক্ষীৰ দল, ৰাজহুৱা পৰিবহণ সমন্বয়ক আৰু জৰুৰীকালীন সঁহাৰিদাতা স্থাপন কৰা হৈছে ।
চেন্নাই (তামিলনাডু)
চেন্নাই আৰক্ষীয়ে নৱবৰ্ষৰ পূৰ্বে চহৰখনক হাই এলাৰ্টত ৰাখিছে । নিৰাপদ উদযাপন নিশ্চিত কৰিবলৈ সমগ্ৰ চহৰখন আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ১৯ হাজাৰ আৰক্ষী আৰু ১৫০০ হোম গাৰ্ডকে ধৰি ২৫ হাজাৰৰো অধিক জোৱান নিয়োগ কৰিছে ।
বীচ, উপাসনাস্থলী, মল, চিনেমা হল, এণ্টাৰটেইনমেণ্ট জ'নৰ দৰে ভিৰ থকা অঞ্চলত নিৰাপত্তা অধিক কঠোৰ কৰা হৈছে । নিশা ৯ বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । মূল অঞ্চলসমূহৰ ৪২৫ টা স্থানত বাহনৰ তালাচী চলি আছে আৰু আৰক্ষীৰ দলসমূহে বাইক ৰেচিং, বিপজ্জনক ষ্টাণ্ট আৰু অসাৱধানতামূলক চলাচলক লক্ষ্য কৰি লৈছে ।
উপকূলীয় সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপে বুধবাৰে সন্ধিয়াৰ পৰা ১ জানুৱাৰীলৈকে সাগৰত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । মেৰিনা, ইলিয়ট'ছ, নীলাংকাৰাইকে ধৰি বীচসমূহত আৰক্ষীৰ টহল, সহায়ক বুথ, ড্ৰোণৰ দ্বাৰা নিৰীক্ষণ আদিৰ ব্যৱস্থা কৰা হৈছে ।
আৰক্ষীয়ে ক্লাব আৰু হোটেলসমূহক মহিলাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আৰু নাবালকক সুৰাপান কৰা স্থানত প্ৰৱেশ কৰাত বাধা দিবলৈ নিৰ্দেশ দিছে । ৰাজহুৱা আৰু আৱাসিক এলেকাত ফটকা নিষিদ্ধ কৰা হৈছে আৰু আৱাসিক অনুষ্ঠানত লাউডস্পীকাৰৰ বাবে এতিয়া পূৰ্বৰ অনুমোদন বাধ্যতামূলক । এম্বুলেন্স আৰু চিকিৎসা দলসমূহ ষ্টেণ্ডবাইত আছে; আৰক্ষীয়ে মদ্যপান কৰি গাড়ী চলোৱা বা আইন উলংঘাৰ বাবে কঠোৰ পৰিণতিৰ বিষয়ে সতৰ্ক কৰি দিছে ।
কলকাতা (পশ্চিমবংগ)
কলকাতা মেট্ৰ'ৱে অতিৰিক্ত আৰ পি এফৰ জোৱান, কিউ আৰ টি আৰু ডগ স্কোয়াড নিয়োগ কৰি পাৰ্ক ষ্ট্ৰীট, এস্প্লেনেড, মৈদান আৰু ডাম ডামকে ধৰি গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত নিৰাপত্তা শক্তিশালী কৰিছে ।
যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-দক্ষিণ কৰিড'ৰত নিশা ৯.৪০ বজাৰ পিছত অতিৰিক্ত ৮ টা মেট্ৰ' সেৱা চলিব আৰু ইয়াৰ বিপৰীতে যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ২৪ ঘণ্টাই চিচিটিভিৰে নিৰীক্ষণ কৰি থকা হ'ব ।
গুৰুগ্ৰাম (হাৰিয়ানা)
গুৰুগ্ৰাম আৰক্ষীয়ে ৫৪০০ জোৱান নিয়োগ কৰাৰ লগতে সমগ্ৰ মহানগৰীত ৬৮ টা বিশেষ চেকপইণ্ট স্থাপন কৰিছে । পাব, ক্লাব আৰু হোটেললৈ জাননী জাৰি কৰা হৈছে । ডিচিপি (ট্ৰেফিক) ৰাজেশ মোহনে কয়, "সুৰাপান কৰি গাড়ী চলালে জৰিমনা ১০ হাজাৰ টকা আৰু ৩ মাহৰ বাবে অনুজ্ঞাপত্ৰ বাতিল হ'ব ।" কোনো ধৰণৰ উদ্ভণ্ডালি সহ্য কৰা নহ'ব বুলিও সকীয়াই দিছে আৰক্ষী আয়ুক্ত বিকাশ কুমাৰ অৰোৰাই ।
আহমেদাবাদ (গুজৰাট)
আহমেদাবাদ আৰক্ষীয়ে মহিলাৰ সুৰক্ষাৰ বাবে শ্বি টীম (মহিলা আৰক্ষীৰ দল), কিউ আৰ টি, বোমা বিশেষজ্ঞৰ দল আৰু ৪ হাজাৰতকৈ অধিক চিচিটিভি কেমেৰা স্থাপন কৰাকে ধৰি ৯ হাজাৰৰো অধিক জোৱান নিয়োগ কৰিছে ।
সবৰমতী ৰিভাৰফ্ৰণ্ট, চি জি ৰোড, এছ পি ৰিং ৰোড আৰু এলিছব্ৰিজত বিশেষ তালাচীৰ ব্যৱস্থা কৰা হৈছে, য'ত সুৰাপান কৰি গাড়ী চলোৱা, অতি বেগেৰে গাড়ী চলোৱা আৰু বিপজ্জনক ষ্টাণ্টৰ বিৰুদ্ধে আইন কঠোৰভাৱে বলবৎ কৰা হৈছে ।
পাটনা (বিহাৰ)
বিহাৰৰ মুখ্য সচিব প্ৰত্যয় অমৃতে জনবহুল স্থান, বজাৰ আৰু চাৰিআলিত আইন-শৃংখলা কঠোৰ বলবৎ কৰাৰ নিৰ্দেশ দিয়ে । তেওঁ কৈছে, "৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ ভিতৰত আইন-শৃংখলা কঠোৰভাৱে বলবৎ কৰিব লাগিব ।" আৰক্ষী সঞ্চালক প্ৰধান বিনয় কুমাৰে নৱবৰ্ষ উদযাপনৰ সময়ত বাইকাৰ গেং আৰু অবৈধ সুৰাৰ ব্যৱহাৰ বৃদ্ধি হোৱা বুলি সকীয়াই দি বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলত অধিক সতৰ্কতাৰ আহ্বান জনাইছে ।
চণ্ডীগড়
চণ্ডীগড় যান-বাহন আৰক্ষীয়ে নিশা ৯.৩০ বজাৰ পৰা পুৱা ২ বজালৈ কেইবাটাও ব্যস্ত এলেকাক যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে । সুৰাপায়ী চালকৰ বিৰুদ্ধে ঠায়ে ঠায়ে তালাচী চকী স্থাপন কৰা হৈছে ।
আৰক্ষীয়ে সকীয়াই দিছে যে ৰাজহুৱা স্থানত সুৰাপান, শব্দ প্ৰদূষণ আৰু উদ্ভণ্ডালি কৰিলে কঠোৰ আইনী ব্যৱস্থা আৰু সম্ভাৱ্য অনুজ্ঞাপত্ৰ বাতিলৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব ।
বৈষ্ণো দেৱী মন্দিৰ (জম্মু)
শ্ৰীমাতা বৈষ্ণো দেৱী মন্দিৰত ভক্তৰ ভিৰ পৰিচালনাৰ বাবে বৰ্ধিত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । আইজিপি জম্মু ভীম সেন টুটিয়ে কয় যে ৫৫০ টাতকৈও অধিক চি চি টিভি কেমেৰাই সকলো নিৰীক্ষণ কৰি আছে ।
VIDEO | Vaishno Devi Shrine Board CEO, Sachin Kumar Vaishya on preparations ahead of New Year said,
— Press Trust of India (@PTI_News) December 31, 2025
" we focus of security of the pilgrims along with arrangements. we have done all the preparations accordingly... it is very encouraging for us that many people are coming here..."… pic.twitter.com/fcMdH2OHWz
পুৰী আৰু ভুৱনেশ্বৰ (ওড়িশা)
জগন্নাথ মন্দিৰত লাখ লাখ ভক্তৰ আগমনৰ সম্ভাৱনা আছে । যাৰ বাবে পুৰীত বেৰিকেড, ট্ৰেফিক ডাইভাৰচন, চি চি টিভিৰ নিৰীক্ষণৰ লগতে ৬০ টা আৰক্ষী প্লাটুন নিয়োগ কৰা হৈছে । পুৰীৰ আৰক্ষী অধীক্ষক প্ৰতীক সিঙে কয়, "মন্দিৰ, বীচ আৰু পৰ্যটনস্থলীৰ সমীপত উপযুক্ত বেৰিকেডিং কৰা হৈছে ।"
ভুৱনেশ্বৰত আৰক্ষীয়ে সকীয়াই দিছে যে সুৰাপান কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, একে সময়তে মহিলাৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু ইভেণ্টৰ সময়সীমা বলবৎ কৰা হ'ব ৷ দেশৰ মুখ্য চহৰসমূহৰ লগতে প্ৰতিখন চহৰতে আৰক্ষীয়ে কঠোৰ নিৰাপত্তা গঢ়ি তুলিছে ।
লগতে পঢ়ক :দেশজুৰি ধৰ্মঘট ফুড ডেলিভাৰী কৰ্মচাৰীৰ: আপুনি সময়মতে নাপাবও পাৰে খাদ্য

