ETV Bharat / bharat

নতুন শ্ৰমিক সংহিতা : গ্ৰেচুইটিৰ বাবে ৰ’ৱ নালাগে পাঁচ বছৰ, এবছৰতে পাব

এই নতুন শ্ৰমিক সংহিতাই শ্ৰমিকসকলৰ সুবিধা বৃদ্ধি কৰাৰ লগতে গিগ শ্ৰমিকক আইনী স্বীকৃতি প্ৰদান কৰিছে ।

New Labour Codes
প্ৰতিনিধিত্বমূলক ছবি (ANI)
author img

By ANI

Published : November 22, 2025 at 9:04 AM IST

|

Updated : November 22, 2025 at 1:18 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : বৰ্তমানৰ ২৯ খন শ্ৰম আইন সলনি কৰাৰ লক্ষ্যৰে অনা হৈছে ভাৰতৰ নতুন শ্ৰম সংহিতা । এই নতুন শ্ৰম সংহিতাই প্ৰথমবাৰৰ বাবে গিগ (স্বতন্ত্ৰৰীয়াকৈ কাম কৰা শ্ৰমিক) আৰু প্লেটফৰ্ম (অনলাইন) শ্ৰমিকসকলক আনুষ্ঠানিক সুৰক্ষা প্ৰদান কৰিব ।

লগতে শ্ৰমিক কল্যাণত যথেষ্ট উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে । চাৰিখন সংহিতাই একেধৰণৰ মজুৰিৰ নিয়ম, শক্তিশালী সুৰক্ষা মান আৰু বিভিন্ন খণ্ডৰ নিয়োগকৰ্তাৰ বাবে সৰলীকৃত ব্যৱস্থা প্ৰৱৰ্তন কৰে ।

নতুন ব্যৱস্থাৰ অধীনত সকলো শ্ৰমিকে ন্যূনতম মজুৰি লাভ কৰিব, প্ৰতি মাহৰ ৭ তাৰিখৰ ভিতৰত দৰমহা পাব, অতিৰিক্ত সময়ৰ বাবে দুগুণ মজুৰি লাভ কৰিব আৰু বাধ্যতামূলক নিযুক্তি-পত্ৰ লাভ কৰিব । ইয়াৰ উপৰি শ্ৰমিকসকলে বিনামূলীয়াকৈ বাৰ্ষিক স্বাস্থ্য পৰীক্ষাও লাভ কৰিব আৰু নিৰ্দিষ্ট সময়ৰ কৰ্মচাৰীসকলে এবছৰৰ অবিৰত সেৱাৰ পিছত গ্ৰেচুইটিৰ বাবে যোগ্য হ’ব ।

মহিলা শ্ৰমিকসকলে সমান দৰমহা, বৰ্ধিত সুৰক্ষা ব্যৱস্থাৰ সৈতে সন্মতিভিত্তিক নৈশ শ্বিফ্টত নিয়োগ, ২৬ সপ্তাহৰ দৰমহাযুক্ত প্ৰসূতিকালীন ছুটী আৰু সমগ্ৰ উৎপাদন, খনি, সেৱা আৰু আই টিৰ বিস্তাৰিত সুযোগকে ধৰি সম্প্ৰসাৰিত অধিকাৰ লাভ কৰিব ।

এক ডাঙৰ পৰিৱৰ্তনত গিগ আৰু প্লেটফৰ্মৰ কৰ্মী যেনে ডেলিভাৰী পাৰ্টনাৰ, পৰিবহণ সেৱাত জড়িত চালক আৰু অন্যান্য এপ ভিত্তিক কৰ্মীয়ে প্ৰথমবাৰৰ বাবে আইনী স্বীকৃতি লাভ কৰিছে । এগ্ৰিগেটৰ প্লেটফৰ্মসমূহে এক সামাজিক সুৰক্ষা পুঁজিলৈ ৫ শতাংশ পৰ্যন্ত অৰিহণা যোগাব, যাৰ ফলত বীমা, দুৰ্ঘটনাৰ ক্ষতিপূৰণ আৰু অন্যান্য সুবিধাসমূহ ৰাজ্যসমূহে নিজে বহন কৰিব পাৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংস্কাৰক আদৰণি জনাই X পোষ্টত লিখিছে, "ভাৰতৰ নতুন শ্ৰম সংহিতাই আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু গিগৰ প্ৰতিজন শ্ৰমিকৰ অধিকাৰ শক্তিশালী কৰিছে । এই সংস্কাৰে আমাৰ কৰ্মশক্তিৰ বাবে উন্নত মজুৰি, সুৰক্ষা আৰু মৰ্যাদা নিশ্চিত কৰে । বিকশিত ভাৰতৰ দিশত এক বৃহৎ অগ্ৰগতি ।"

আনহাতে, কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী মনসুখ মাণ্ডব্যই X পোষ্টত লিখিছে, "প্ৰথমবাৰৰ বাবে ভাৰতৰ শ্ৰম কাঠামোত গিগ আৰু প্লেটফৰ্মৰ শ্ৰমিকসকলক স্বীকৃতি দিয়া হৈছে । নতুন সংহিতাসমূহে ন্যূনতম মজুৰি, সময়মতে মজুৰি প্ৰদান, সামাজিক সুৰক্ষা আৰু সকলো শ্ৰেণীৰ শ্ৰমিকৰ বাবে সুৰক্ষিত কৰ্মস্থলীৰ নিশ্চয়তা প্ৰদান কৰিছে ।"

উল্লেখ্য যে, গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহে পূৰ্বতেই একেধৰণৰ সংস্কাৰ ৰূপায়ণ কৰিছে ইয়াৰ দ্বাৰা অধিক বিনিয়োগ, আনুষ্ঠানিক নিয়োগ বৃদ্ধি আৰু দ্ৰুত ঔদ্যোগিক বৃদ্ধিৰ প্ৰতিবেদন লাভ কৰা হৈছে ।

এই সংস্কাৰক ক্ৰমবৰ্ধিত প্ৰতিযোগিতামূলক বিশ্ব পৰিৱেশ আৰু বিশ্বজুৰি শুল্ক সম্পৰ্কীয় ব্যাঘাতৰ মাজত বিনিয়োগত বৈচিত্ৰ্য অনা আৰু ইয়াক উৎসাহিত কৰাৰ ভাৰতৰ প্ৰচেষ্টাৰ প্ৰেক্ষাপটতো লক্ষ্য কৰিব পাৰি ।

অৱশ্যে শ্ৰমিক আৰু ট্ৰেড ইউনিয়নসমূহে এই সংস্কাৰৰ প্ৰতি মিশ্ৰিত সঁহাৰি দিছে । বাওঁপন্থী আৰু কংগ্ৰেছৰ সৈতে জড়িত ইউনিয়নসমূহে সংস্কাৰ পেকেজৰ কিছু অংশৰ সমালোচনা কৰিয়েই আছে । লগতে সংকেত দিছে যে ইয়াৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰ লগে লগে চৰকাৰে প্ৰতিৰোধৰ সন্মুখীন হ’ব পাৰে ।

লগতে পঢ়ক : ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত উজলিল অসমৰ চাহ, শিল্পকলা
Last Updated : November 22, 2025 at 1:18 PM IST