ETV Bharat / bharat

মণিপুৰৰ প্ৰাক্তন আৰক্ষী বিষয়াক হত্যা কৰি চৰম সিদ্ধান্ত ল'লে ভতিজাকে

সৰুৰে পৰা তেওঁক নিজৰ পুত্ৰৰ দৰে তুলি তালি ডাঙৰ কৰিছিল প্ৰাক্তন আৰক্ষী বিষয়া আকোইজাম শান্তিকুমাৰে ।

NEPHEW SHOOTS DEAD RETIRED COP
অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আকোইজাম শান্তিকুমাৰ (Photo Source: Manipur Police)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 8:49 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : মণিপুৰৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই দত্তক লৈ পুত্ৰৰ দৰে ডাঙৰ-দীঘল কৰা ভতিজাকে অৱশেষত সেইগৰাকী আৰক্ষী বিষয়াকেই গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । মণিপুৰৰ ৰাজধানী পশ্চিম ইম্ফলৰ চিংজামেই মায়েংবাম লেইকাইত সংঘটিত হৈছে এই ঘটনা । অভিযোগ অনুসৰি বৰদেউতাক তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক ঘৰতে আক্ৰমণ কৰি হত্যা কৰাৰ কিছু সময়ৰ পিছতে ভতিজাকে নিজকে গুলীয়াই নিজকে শেষ কৰে ।

অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজন আকোইজাম শান্তিকুমাৰ আৰু তেওঁ ভতিজাকক আকোইজাম কিষাণ (২৫) বুলি চিনাক্ত কৰা হৈছে ।

এই নৃশংস কাণ্ডই সমগ্ৰ স্থানীয় অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দত্তক লোৱা পুত্ৰই কিয় এই ঘটনা সংঘটিত কৰিলে আৰু তাৰ পাছত কিয় নিজেই চৰম সিদ্ধান্ত বাছি ল'বলৈ বাধ্য হ'ল, তাকে লৈ সকলোৰে মাজত কৌতুহলৰ সৃষ্টি হৈছে ।

আৰক্ষী সূত্ৰই জনোৱা মতে, কিষাণে শুকুৰবাৰে বিয়লি নিজৰ দত্তক পিতৃক লক্ষ্য কৰি ছয় জাঁই গুলী চলাইছিল আৰু ঘটনাস্থলীতে শান্তিকুমাৰৰ মৃত্যু হয় । ঘটনা সংঘটিত হোৱা কিছু সময়ৰ পাছতেই কিষাণে ঘৰৰ ওপৰলৈ উঠি গৈ নিজেই নিজক গুলীয়াই শেষ কৰে ।

ইম্ফল পশ্চিম জিলাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক General Diary (GD) এণ্ট্ৰি কৰিছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত চলাই পৰিয়ালৰ সদস্য আৰু প্রতিবেশীৰ বক্তব্য সংগ্ৰহৰ লগতে ঘটনাৰ সঠিক ক্ৰম উন্মোচনৰ চেষ্টা কৰি আছে ।

পশ্চিম ইম্ফলৰ মহকুমা আৰক্ষী বিষয়া এন ইমঞ্চাই কয়, "যিগৰাকী লোকে প্ৰাক্তন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰে তেওঁ প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ নিজা কনিষ্ঠ ভাতৃৰ পুত্ৰ । সৰুৰে পৰা তেওঁক নিজৰ পুত্ৰৰ দৰে তুলি তালি ডাঙৰ কৰিছে । প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে তেওঁৰ তিনিগৰাকী জীয়ৰী আৰু এজন পুত্ৰক এৰি থৈ যায় ।"

লগতে পঢ়ক : মেঘালয়ৰ ডাঠ অৰণ্যৰ মাজত উদ্ধাৰ অসমৰ ব্যৱসায়ীৰ মৃতদেহ

তিতাবৰৰ মেধাসম্পন্ন অন্তঃসত্বা ছাত্রীক ৰডেৰে মৰিয়াই হত্যা কৰা হৈছিল ! ফৰেনচিকৰ সন্দেহ

নগাঁৱত লোমহৰ্ষক ঘটনা: তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ বয়োজ্যেষ্ঠ দম্পতী