ETV Bharat / bharat

বিহাৰৰ নদীত উটি আহিছে মানুহৰ লগতে ম'হ, গৰু, গাহৰি, ছাগলীৰ মৃতদেহ

গণ্ডক নদীৰ কালিঘাটত মৃতদেহ দেখি বুকু কঁপি উঠিছে নৈপৰীয়াৰ ।

Nepal Flood Dead Bodies Floating In Gandak River In Hajipur
বিহাৰৰ নদীত উটি আহিছে বৃহৎ পৰিমাণৰ কাঠ-মৃতদেহ (IANS/ ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 29, 2026 at 3:07 PM IST

|

Updated : August 29, 2026 at 5:16 PM IST

3 Min Read
Choose ETV Bharat

বৈশালী (বিহাৰ): নেপালত হঠাতে অহা বানপানীয়ে সৃষ্টি কৰা ধ্বংসলীলাৰ প্ৰভাৱ ভাৰততো পৰিছে । এই প্ৰভাৱ বিহাৰৰ নদীত দেখা পোৱা গৈছে । বিহাৰৰ নদীত উটি আহিছে বৃহৎ পৰিমাণৰ কাঠ, জীৱ-জন্তু আৰু মানুহৰ মৃতদেহ ।

এই সন্দৰ্ভত হাজীপুৰৰ গণ্ডক নদীৰ কালিঘাটত উপস্থিত থকা প্ৰাক্তন ৱাৰ্ড কাউন্সিলাৰ তথা ধৰ্মীয় ন্যাস ব’ৰ্ডৰ সদস্য দীনেশ সাহনীয়ে কয়, "নদীত উটি অহা মৃতদেহৰ সংখ্যা অগণন ।" নদীত এইদৰে উটি অহা মৃতদেহ দেখি বুকু কঁপি উঠা বুলি তেওঁ কয় ।

বিহাৰৰ নদীত উটি আহিছে বৃহৎ পৰিমাণৰ কাঠ-মৃতদেহ (ETV Bharat)

নদীৰ পানীৰ সোঁত বৃদ্ধি

নদীৰ এই দৃশ্য় প্ৰত্যক্ষ কৰি দীনেশ সাহনীয়ে কয় যে তিব্বতৰ পৰা নেপাললৈ বিয়পি পৰা দুৰ্যোগৰ বাবে গণ্ডক নদীত সোঁত বেছি হৈছে ৷ বহুতে নদীত কাঠ সংগ্ৰহ কৰিবলৈ উঠিপৰি লগা বুলি উল্লেখ কৰি তেওঁ কয় যে কালিঘাট নদীত প্ৰায় ৫০ জন লোকে নদীত কাঠ সংগ্ৰহৰ বাবে পানীত নামিছিল । সেই সময়ত তেওঁলোকে কাঠৰ লগত মৃতদেহো ওপঙি থকা প্ৰত্য়ক্ষ কৰে ।

প্ৰাক্তন ৱাৰ্ড কাউন্সিলাৰগৰাকীয়ে প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ কয়, "প্ৰশাসনিক উদাসীনতা আৰু গাফিলতি স্পষ্ট হৈ পৰিছে । ইমানবোৰ মানুহ আৰু প্ৰাণীৰ মৃতদেহ নদীত ওপঙি থকাৰ পিছতো প্ৰশাসনৰ কোনো দায়িত্বশীল বিষয়াই এই বিষয়ে গুৰুত্ব প্ৰদান কৰা নাই ।"

ধ্বংসাৱশেষৰ সৈতে ওপঙি আছে মৃতদেহ

বিহাৰৰ হাজীপুৰৰ গণ্ডক নদীত এই ভয়ংকৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে । ধ্বংসাৱশেষৰ কাষেৰে কাঠ, জন্তুৰ মৃতদেহ আৰু মানুহৰ মৃতদেহ ওপঙি আছে । এই ভয়ংকৰ দৃশ্যই স্থানীয় নাৱৰীয়া আৰু নৈপৰীয়া লোকসকলক আতংকিত কৰি তুলিছে ।

উটি আহিছে বহু মৃতদেহ

হাজীপুৰৰ গণ্ডক নদীত কাঠ সংগ্ৰহ কৰা বিকাশ সাহনীয়ে কয়, "নদীখনত জীৱ-জন্তু আৰু মানুহৰ মৃতদেহ দেখা গৈছে । পুৱা ৯ বজাৰ পৰা নদীত জন্তু আৰু মানুহৰ শৰীৰ ওপঙি আছে । মৃতদেহৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই যদিও বহু সংখ্যক মৃতদেহৰ সন্ধান পোৱা গৈছে ।"

নাৱৰীয়া বিকাশ সাহনীয়ে কয়, "মানুহৰ লগতে ম'হ, গৰু, গাহৰি, ছাগলীৰ মৃতদেহো উটি আহিছে । এখন ভয়ংকৰ ছবি দেখিছো । এই ভয়ংকৰ নদীৰ দৃশ্যই স্থানীয় নাৱৰীয়া আৰু নদীৰ পাৰত বাস কৰা লোকসকলক আতংকিত কৰিছে ।"

এটা পৰিয়ালৰ পাঁচ সদস্য নিৰুদ্দেশ

নেপাল মতিহাৰীৰ এটা পৰিয়ালৰেই পাঁচজন সদস্য সন্ধানহীন হৈছে । পাঁচোজনেই মতিহাৰীৰ আদাপুৰ থানাৰ অন্তৰ্গত ছাপৰা গাঁৱৰ বাসিন্দা । আদাপুৰৰ বাসিন্দা বুধন শ্বাহে পৰিয়ালৰ সৈতে নেপালৰ তাৰাৱতী অঞ্চলৰ বাটাৰৰ এটা ভাৰাঘৰত বাস কৰিছিল ।

কামৰ পৰা উভতি অহা বুধন শ্বাহৰ মনটো সেমেকি উঠিছিল । বানপানীৰ সময়ত বুধন শ্বাহ কাম কৰিবলৈ ওলাই গৈছিল । ঘূৰি আহোতে সকলো ধ্বংস হৈ গ’ল । আশা কুমাৰী আৰু ৰূপা কুমাৰীকে ধৰি তেওঁৰ তিনিগৰাকী কন্যাক বানপানীৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়ে ।

শ শ ভাৰতীয়ৰ মৃত্যু

নেপাল ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি মৃত্যু ৫৮৬ জনৰ ভিতৰত ৩২০ জন ভাৰতীয় নাগৰিক । এতিয়াও বহুতো সন্ধানহীন হৈ আছে ।

লগতে পঢ়ক:নেপালত সন্ধানহীন অসমৰ ১২জন: তালিকা দিলে মুখ্যমন্ত্ৰীয়ে

নেপালৰ বান : মন্ত্ৰী-ঋতুপৰ্ণৰ সন্ধান এতিয়াও ওলোৱা নাই

ধাৰাসাৰ বৰষুণৰ বাবে নেপালত সাময়িকভাৱে স্থগিত উদ্ধাৰ অভিযান

Last Updated : August 29, 2026 at 5:16 PM IST