ETV Bharat / bharat

সকলো ধৰণৰ সহায় কৰিব ভাৰতে...! নেপালৰ বিধ্বংসী বান সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ পৰা ৰাহুল গান্ধীলৈ সহানুভূতি প্ৰকাশ

নেপালৰ এই দুৰ্যোগৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্নজনে । ভাৰতে সকলো ধৰণে নেপালক সহায় আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰিছে ।

Nepal Flash Flood
নেপালক সহায়ৰ বাবে সাজু ভাৰত (ANI)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 8:08 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: নেপালত উদ্ভৱ হোৱা আকস্মিক বানে তাণ্ডৱৰ সৃষ্টি কৰিছে কেবাখনো জিলাত ৷ শেহতীয়া তথ্য মতে এই দুৰ্যোগৰ ফলত প্ৰায় চাৰিশতাধিক লোক নিৰুদ্দেশ হৈ আছে ৷ ইয়াৰে ২৯১ গৰাকী পৰ্যটক ভাৰত, আমেৰিকা, ব্ৰিটেইন আৰু মালয়েছিয়াকে ধৰি কেবাখনো দেশৰ । ভাৰতৰ প্ৰায় শতাধিক পৰ্যটক নিৰুদ্দেশ হৈ আছে ।

তিব্বতৰ পৰা নামি অহা ভোটেকোশী নৈৰ বাঢ়নী পানীয়ে নেপাল-চীন সীমান্তৰ ৰাছুৱা জিলাৰ টাইমুৰে আৰু ছাইপ্ৰুবেছি অঞ্চলত ব্যাপক ধ্বংসলীলা চলায় । নেপালৰ এই দুৰ্যোগৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্নজনে । ভাৰতে সকলো ধৰণে নেপালক সহায় আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰিছে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এক্সত এটা পোষ্টত কয়, ‘‘আকস্মিক বানে যি বিধ্বংসী ৰূপ ধাৰণ কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত নেপালৰ মাননীয় ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েল আৰু নেপালবাসীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ । এই কঠিন সময়ত নেপালৰ প্ৰতি আমাৰ সংহতি প্ৰকাশ কৰিছোঁ । এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে নেপাল চৰকাৰৰ সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ ভাৰত সাজু ।’’

প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে বাৰ্তালাপ কৰিছে ৷ এক্সত এটা পোষ্টত মোদীয়ে লিখে, ‘‘প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে কথা পাতি নেপালত হোৱা বানপানীৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিলোঁ । এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণে নেপালত থকা ভাতৃ-ভগ্নীসকলৰ সৈতে সংহতিৰে থিয় দিছে । ভাৰতে নেপালক সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদান কৰিবলৈ সাজু । আমাৰ দলসমূহে উদ্ধাৰ আৰু সাহায্যৰ ক্ষেত্ৰত ঘনিষ্ঠ সমন্বয় সাধন কৰি আছে ।’’

দেশৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে এক শোকবাৰ্তা প্ৰকাশ কৰি লিখে- ‘‘নেপালত ক্ষন্তেকীয়া বানৰ ফলত সৃষ্টি হোৱা বিধ্বংসী পৰিস্থিতি আৰু ইয়াত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জনালোঁ । আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু নিৰুদ্দেশ হোৱা সকলোকে যাতে নিৰাপদ আৰু ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰিব পৰা যায়, তাৰ বাবে প্ৰাৰ্থনা জনাইছো ।’’

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও নেপালৰ এই দুৰ্যোগৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ৷ নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘‘নেপালৰ বিধ্বংসী বানপানীৰ ফলত হোৱা ব্যাপক ধ্বংসলীলা আৰু প্ৰাণহানি অতি দুখজনক । এই কঠিন সময়ত নেপালত থকা মোৰ ভাই-ভনীসকলৰ সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে বাৰ্তালাপ কৰি তেওঁক আশ্বাস দিছে যে এই সংকটৰ সময়ত ভাৰতে সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সাহায্য আগবঢ়াবলৈ সম্পূৰ্ণৰূপে সাজু ।’’

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই নেপালৰ জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে ভাৰত চৰকাৰক সাম্ভাব্য সকলো সহায় আগবঢ়োৱাৰ দাবী জনাইছে ৷ এক্সত এটা পোষ্টত খাৰ্গেই কয়, ‘‘নেপালৰ বিধ্বংসী ক্ষন্তেকীয়া বানে স্তম্ভিত কৰিছে । যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ । আমি এই শোকৰ সময়ত নেপালৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিছো ।’’

‘‘১০০ জনতকৈ অধিক ভাৰতীয় নিৰুদ্দেশ হৈ থকাৰ খবৰ পাই আমি গভীৰভাৱে চিন্তিত । তেওঁলোকৰ সন্ধান উলিয়াবলৈ, তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু তেওঁলোকৰ পৰিয়ালক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণৰ বাবে মই ভাৰত চৰকাৰক আহ্বান জনাইছো । ভাৰতে এই কঠিন সময়ত নেপাললৈও সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সাহায্য আগবঢ়াব লাগিব । ভাৰতীয় জাতীয় কংগ্ৰেছে নেপালৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দি ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে ।’’ তেওঁ লগতে কয় ৷

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এক্সত এটা পোষ্টত লিখিছে, ‘‘ভাৰতীয় তীৰ্থযাত্ৰীকে ধৰি শতাধিক লোক নিৰুদ্দেশ হোৱা নেপালৰ ভয়াৱহ ক্ষন্তেকীয়া বানপানীৰ বাবে গভীৰভাৱে চিন্তিত । প্ৰাণ হেৰুওৱা সকলৰ শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনালোঁ । আপোনজনৰ খবৰৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰি থকা পৰিয়ালবোৰৰ সৈতে আমি সংহতিৰে থিয় দিছো ।

ভাৰত চৰকাৰক আহ্বান জনাইছো যে নিৰুদ্দেশ হোৱা ভাৰতীয় নাগৰিকসকলৰ সন্ধান উলিয়াবলৈ আৰু তেওঁলোকৰ নিৰাপদে ঘূৰি অহাটো নিশ্চিত কৰিবলৈ নেপাল কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় সাধন কৰি সকলো প্ৰচেষ্টা চলাওক । নেপালৰ জনসাধাৰণৰ লগতে এই কৰুণ দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলোৰে সৈতে সংহতিৰে থিয় দিছো ।’’

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে নেপালৰ বান পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ তেওঁ লিখিছে, ‘‘নেপালৰ ৰছুৱা অঞ্চলত ভোটেকোশী নদীৰ বানপানীৰ ফলত হোৱা ক্ষতি অত্যন্ত চিন্তনীয় । সকলোৰে সুৰক্ষাৰ বাবে আমি ভগৱান পশুপতিনাথৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । ইয়াৰ বাবেই গণ্ডক আৰু নাৰায়ণী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ আৰু কুশীনগৰ জিলাত বানপানীৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনক সম্পূৰ্ণ সজাগ হৈ প্ৰয়োজনীয় প্ৰস্তুতি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।’’

বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে নেপালস্থিত ভাৰতীয় দূতাবাসৰ এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে- ‘‘নেপালত ক্ষন্তেকীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত ভাৰতীয় নাগৰিকসকলক আগতীয়াকৈ উদ্ধাৰ আৰু সকাহ দিয়াৰ বাবে নেপালত থকা ভাৰতৰ দূতাবাসে নেপাল চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে সমন্বয় সাধন কৰিছে ।’’

ভাৰতীয় দূতাবাসে পোষ্টটোত উল্লেখ কৰিছে- ‘‘আজি নেপালত সংঘটিত হোৱা ক্ষন্তেকীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত ভাৰতীয় নাগৰিকসকলৰ আগতীয়া উদ্ধাৰ আৰু সাহায্যৰ বাবে নেপাল চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ভাৰতৰ দূতাবাস জড়িত হৈ আছে । নেপাল চৰকাৰৰ সমন্বয়ত উদ্ধাৰ আৰু সাহায্যৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰা হৈছে ।’’

লগতে পঢ়ক: নেপালৰ আকস্মিক বানক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী