ETV Bharat / bharat

নীট ইউজিৰ পুনৰ পৰীক্ষা : এডমিট কাৰ্ড মুকলি, ডাউনলোডৰ পূৰ্বে বেংক একাউণ্টৰ সবিশেষ পৰীক্ষা কৰাৰ আহ্বান

দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পুনৰবাৰ অনুষ্ঠিত হ’বলগীয়া নীট ইউজি পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ মুকলি কৰে ।

RE-NEET UG admit cards released
নীট ইউজিৰ পুনৰ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 15, 2026 at 12:31 AM IST

3 Min Read
Choose ETV Bharat

কোটা(ৰাজস্থান): পুনৰ অনুষ্ঠিত হ’বলগা নীট ইউজিৰ পৰীক্ষা সমাগত ৷ ২১ জুনত অনুষ্ঠিত হ’বলগা পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই । ছাত্ৰ-ছাত্ৰীসকলে অফিচিয়েল ৱেবছাইট neet.nta.nic.in ত গৈ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব । দিনৰ ২ বজাৰ পৰা ৫.১৫ বজালৈ এই পৰীক্ষা অনুষ্ঠিত হ’ব ।

এনটিএৰ তথ্য অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে আবেদন নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব । এডমিট কাৰ্ডত পৰীক্ষা কেন্দ্ৰ, পৰীক্ষাগৃহত উপস্থিত হোৱাৰ সময় আৰু গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ উল্লেখ কৰা হৈছে ৷ পৰীক্ষাত অৱতীৰ্ণ হ’বলগা ছাত্ৰ-ছাত্ৰীসকলক সকলো তথ্য ভালদৰে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

শিক্ষাৰ্থীসকলক পৰীক্ষা দিয়াৰ পূৰ্বে এডমিট কাৰ্ড আৰু তথ্য বুলেটিনত দিয়া নিয়মসমূহ ভালদৰে পঢ়িবলৈ সংস্থাটোৱে নিৰ্দেশ দিছে । সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱা আৰু প্ৰয়োজনীয় নথি-পত্ৰ কঢ়িয়াই নিয়াটো প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক ।

যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে এডমিট কাৰ্ড ডাউনলোড কৰাত কোনো অসুবিধাৰ সন্মুখীন হয়, তেন্তে তেওঁলোকে এনটিএৰ হেল্পলাইন ০১১-৪০৭৫৯০০০ বা ০১১-৬৯২২৭৭০০ ত যোগাযোগ কৰিব পাৰিব । ইয়াৰোপৰি neetug2026@nta.ac.in লৈ ই-মেইল প্ৰেৰণ কৰি প্ৰয়োজনীয় সহায় লাভ কৰিব পাৰিব ।

পৰীক্ষাৰ বাবে মাত্ৰ এটা সপ্তাহ বাকী থকাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক নিজৰ প্ৰস্তুতিত মনোনিৱেশ কৰিবলৈ সংস্থাটোৱে পৰামৰ্শ জাৰি কৰিছে ৷

বেংক একাউণ্ট পৰীক্ষণৰ বাবে অনুৰোধ

নীট ইউজিত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড ডাউনলোড কৰাৰ পূৰ্বে বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ।

সংস্থাটোৱে জনোৱা মতে, বহু প্ৰাৰ্থীয়ে আবেদনৰ সময়ত বেংক একাউণ্টৰ ভুল বা অসম্পূৰ্ণ তথ্য দাখিল কৰিছিল, যাৰ ফলত মাচুল ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে । এনটিএয়ে বেংক একাউণ্টৰ তথ্যৰ সত্যাসত্য নিৰূপণ কৰাৰ লগতে সংশোধনৰ বাবে এক বিশেষ উইণ্ড’ৰ ব্যৱস্থা কৰিছে ।

এনটিএৰ মতে, প’ৰ্টেলত লগ ইন কৰাৰ পূৰ্বে প্ৰাৰ্থীসকলে তেওঁলোকৰ সম্পূৰ্ণ নাম, বেংক একাউণ্ট নম্বৰ, আইএফএছচি ক’ড আৰু বাতিল কৰা এখন চেকৰ স্কেন কৰা কপি সাজু কৰি ৰখা উচিত । ইয়াৰ ফলত বেংকৰ সবিশেষ আপডেট কৰাৰ প্ৰক্ৰিয়া দ্ৰুত আৰু সহজ হৈ পৰিব ।

সংস্থাটোৱে উল্লেখ কৰিছে যে প’ৰ্টেলটোত লগ ইন কৰা বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে চাৰ্ভাৰত অতিৰিক্ত লোডৰ সৃষ্টি কৰিব পাৰে ৷ গতিকে সকলো প্ৰয়োজনীয় নথি-পত্ৰ আগতীয়াকৈ সাজু কৰি ৰখাটোৱেই উত্তম ।

মাচুল ঘূৰাই দিয়াত নহয় কোনো সমস্যা

সংস্থাটোৱে স্পষ্ট কৰি দিছে যে মাচুল হিচাপে ঘূৰাই দিয়া ধন কেৱল বেংক একাউণ্টৰ সঠিক তথ্য উপলব্ধ হ’লেহে প্ৰাৰ্থীৰ একাউণ্টত জমা কৰা হ’ব । যিসকল ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে বেংকৰ ভুল তথ্য প্ৰদান কৰিছিল, তেওঁলোকে এই সুযোগতে নিজৰ তথ্য আপডেট কৰা উচিত যাতে ভৱিষ্যতে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

জমা দিয়াৰ পূৰ্বে পৰীক্ষা কৰক

এনটিএই প্ৰাৰ্থীসকলক জমা দিয়াৰ পূৰ্বে প্ৰদান কৰা সকলো তথ্য ভালদৰে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে । যিকোনো ভুলৰ বাবে ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াত বিলম্ব হ’ব পাৰে । প্ৰাৰ্থীসকলক কেৱল অফিচিয়েল ৱেবছাইট, neet.nta.nic.in আৰু এনটিএৰ অফিচিয়েল যোগাযোগ চেনেলত প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক সংস্থাটোৱে আহ্বান জনাইছে ৷

লগতে পঢ়ক: পথৰ কাষৰ খাৱৈত বাগৰিল পিকআপ ভান, ৮ গৰাকী যাত্ৰীৰ মৃত্যু