নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ফলত প্ৰভাৱিত শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ
নীট ইউ পুনৰ অনুষ্ঠিত হ'ব যদিও প্ৰভাৱিত শিক্ষাৰ্থীয়ে মাচুল ঘূৰাই পাব । ২২ জুনৰ ভিতৰত কৰিব লাগিব আবেদন ।

Published : May 28, 2026 at 1:12 PM IST
কোটা: দেশৰ সৰ্ববৃহৎ মেডিকেল প্ৰৱেশ পৰীক্ষা নীট ইউজিৰ (NEET UG 2026) প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে এক গুৰুত্বপূৰ্ণ খবৰ । অহা ২১ জুনত পুনৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । লগতে প্ৰভাৱিত শিক্ষাৰ্থীসকলক প্ৰৱেশ পৰীক্ষাৰ বাবে পূৰ্বে পৰিশোধ কৰা মাচুলো ঘূৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।
ইতিমধ্যে নেশ্ব'নেল টেষ্টিং এজেন্সিয়ে যোৱা ২২ মে'ৰ পৰা নিজৰ অফিচিয়েল ৱেবছাইটত মাচুল ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । প্ৰথমে মাচুল ঘূৰাই বিচৰাৰ বাবে আবেদনৰ সময়সীমা ২৭ মে' নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত মাত্ৰ ১৩ লাখ পৰীক্ষাৰ্থীয়েহে মাচুল ঘূৰাই বিচাৰি আবেদন কৰিবলৈ সক্ষম হয় । অৱশ্যে শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথা বিবেচনা কৰি নেশ্ব'নেল টেষ্টিং এজেন্সিয়ে আবেদন কৰাৰ সময়সীমা ২০২৬ চনৰ ২২ জুনলৈ বৃদ্ধি কৰিছে ।
📢 NEET (UG)-2026 | Fee Refund Update
— National Testing Agency (@NTA_Exams) May 27, 2026
Important announcement for candidates yet to submit bank details for fee refund!
The last date has been extended to 22nd June 2026 (till 11:50 PM) 🗓️
✅ ~13 lakh candidates have already updated their details
⏳ If you haven't yet — don't… pic.twitter.com/Poy22425YK
কোটাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কেৰিয়াৰ কাউন্সেলিং বিশেষজ্ঞ পাৰিজাত মিশ্ৰই কয়, "এনটিএই ২৭ মে' বুধবাৰে নিশা অফিচিয়েল পৰ্টেলত এক অধিসূচনা জাৰি কৰিছিল । এই অধিসূচনা অনুসৰি নীট ইউজিৰ বাবে আবেদন কৰা ২২.৭৯ লাখ প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ১৩ লাখ প্ৰাৰ্থীয়েহে ধন ঘূৰাই বিচাৰি বেংকৰ সবিশেষ দাখিল কৰিছে । ফলস্বৰূপে এই সময়সীমা বৃদ্ধি কৰা হৈছে; শিক্ষাৰ্থীসকলে এতিয়া ২২ জুনৰ নিশা ১১:৫০ বজালৈকে আবেদন পাৰিব ।"
মিশ্ৰই লগতে কয় যে প্ৰাৰ্থীসকলে বেংকৰ সবিশেষ-বিশেষকৈ যিটো একাউণ্টত তেওঁলোকে ধন ঘূৰাই বিচাৰে-ৱেবছাইটত আপলোড কৰিব লাগিব । সংস্থাটোৱে শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ মাচুল সেই একাউণ্টসমূহলৈ প্ৰেৰণ কৰিব; এই সুবিধাৰ বাবে পৰীক্ষাৰ্থীসকলে একাউণ্ট নম্বৰ, নাম, বেংকৰ নাম, আইএফএছচি নম্বৰ আৰু এখন কেনচেল চেকৰ ফটো আপলোড কৰিব লাগিব । চেকখনৰ ফটো আপলোড কৰাটো বাধ্যতামূলক নহয় যদিও তথ্যৰ কোনো ধৰণৰ অমিল হ'লে প্ৰদান কৰা সবিশেষ পৰীক্ষা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে । মিশ্ৰই লগতে কয় যে শিক্ষাৰ্থীসকলে এনটিএৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ নিৰ্দিষ্ট মাচুল ঘূৰাই দিয়া পৰ্টেলত ক্লিক কৰিব লাগিব । পৰ্টেলত তেওঁলোকে তেওঁলোকৰ এপ্লিকেশ্ব'ন নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগ ইন কৰিব লাগিব, তাৰ পিছত তেওঁলোকে প্ৰয়োজনীয় তথ্য পূৰণ কৰিব লাগিব ।
এনটিএয়ে অধিসূচনাত স্পষ্টভাৱে উল্লেখ কৰিছে যে এবাৰ এজন ছাত্ৰই তেওঁলোকৰ বেংকৰ সবিশেষ পূৰণ কৰি জমা দিলে সেই সবিশেষ চূড়ান্ত আৰু শুদ্ধ বুলি গণ্য কৰা হ'ব । তাৰ পিছত তথ্যসমূহ শুধৰণিৰ আৰু কোনো সুযোগ দিয়া নহ'ব ।
ধন ঘূৰাই বিচাৰি আবেদন কৰিবলৈ এই নথি-পত্ৰসমূহৰ প্ৰয়োজন :
- একাউণ্ট নম্বৰ
- একাউণ্ট হ'ল্ডাৰৰ নাম
- বেংকৰ নাম
- আইএফএছচি নম্বৰ
- কেনচেল চেকৰ ফটো
কিমান মাচুল ঘূৰাই পাব ?
পাৰিজাত মিশ্ৰই উল্লেখ কৰে যে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত জেনেৰেল শিক্ষাৰ্থীৰ পৰা ১৭০০ টকা, অ'বিচি আৰু ইডব্লিউএছ শিক্ষাৰ্থীৰ পৰা ১৬০০ টকা, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীৰ পৰা ১০০০ টকা মাচুল সংগ্ৰহ কৰা হৈছিল । এই সমগ্ৰ ধন শিক্ষাৰ্থীয়ে উল্লেখ কৰা বেংক একাউণ্টলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ'ব ।
মাচুল ঘূৰাই দিয়া প্ৰক্ৰিয়া
- এনটিএৰ ৱেবছাইটত থকা মাচুল ঘূৰাই দিয়া (ৰিফান্ণ্ড) লিংকত ক্লিক কৰক
- এবাৰ পৰ্টেল খোলাৰ পিছত আপোনাৰ নীট ইজি এপ্লিকেশ্ব'ন নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগ ইন কৰক
- আপুনি বেংক একাউণ্টৰ সবিশেষ লিখক
- চেক এখনৰ ফটো আপলোড কৰক
লগতে পঢ়ক :
২৫ লাখত নীটৰ প্ৰশ্নকাকত ক্ৰয়, একেটা পৰিয়ালৰ পাঁচ শিক্ষাৰ্থী নীটত উত্তীৰ্ণৰ ৰহস্য

