এনচিইআৰটিৰ পাঠ্যপুথি প্ৰস্তুত দলত আৰএছএছৰ ব্যক্তি; প্ৰস্তুত কৰিব একাদশ-দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথি
একাদশ, দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথি বিকাশৰ বাবে এনচিইআৰটিৰ নতুন দল গঠন । কমেও চাৰিজন সদস্যৰ আৰএছএছৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক আছে ।

By PTI
Published : August 19, 2026 at 5:48 PM IST
নতুন দিল্লী : শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শিক্ষা বিভাগ আৰু পাঠ্যপুথি প্ৰস্তুত সমিতিত ৰাজনীতিৰ পয়োভৰৰ কথা চৰ্চাত আহিছে । কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত ৰাজনীতিকৰণৰো অভিযোগ উত্থাপন হৈছে । ইয়াৰ উপৰি শিক্ষা খণ্ডত বিশেষকৈ পাঠ্যপুথিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰএছএছৰ ভাবাদৰ্শ প্ৰতিফলিত কৰাৰ চেষ্টা চলোৱা হৈছে বুলিও বিভিন্ন পক্ষই সমালোচনা কৰিছে ।
কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ মাধ্যমত আৰএছএছৰ গোপন এজেণ্ডা পূৰণৰ বাবে চেষ্টা চলাই অহা বুলিও অভিযোগ উত্থাপিত হৈছে । এইবাৰ তেনে আন এক সিদ্ধান্তক লৈ চৰ্চা চলিছে । এনচিইআৰটিয়ে সাংস্কৃতিক শিপা, ভাৰতীয় জ্ঞান ব্যৱস্থা আৰু অন্তৰ্ভুক্তিক একত্ৰিত কৰাৰ দায়িত্বৰে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথি বিকাশৰ বাবে নতুন দল গঠন কৰিছে । ইয়াৰে কমেও চাৰিজন সদস্যৰ আৰএছএছৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক আছে ।
দলটোক নৱেম্বৰৰ ভিতৰত একাদশ শ্ৰেণীৰ পাঠ্যপুথি আৰু অহা বছৰৰ জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিখন প্ৰস্তুত কৰিবলৈ কোৱা হৈছে ৷ পাঠ্যপুথি প্ৰণয়নৰ দলটোৰ নেতৃত্ব দিব কৰ্ণাটকস্থিত ডিমড ইউনিভাৰ্চিটি নিটেৰ উপ-সভাপতি তথা শৈক্ষিক আৰু ৰাজনৈতিক বিশ্লেষক সন্দীপ শাস্ত্ৰীয়ে ।
পাঠ্যপুথি বিকাশ দলটোৰ সদস্যসকলৰ ভিতৰত আৰএছএছৰ সৈতে জড়িত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) আৰু বিজেপিৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে নথিভুক্ত পটভূমি থকা কমেও চাৰিজন শিক্ষাৰ লগত জড়িত ব্যক্তি আৰু শিক্ষাবিদ আছে । বৰ্তমান শিক্ষা মন্ত্ৰণালয়ৰ জ্যেষ্ঠ পৰামৰ্শদাতা যদুনাথ দেশপাণ্ডেৰ এবিভিপিত দীৰ্ঘদিনীয়া সাংগঠনিক পটভূমি আছে ।
সংগঠনটোৰ নিজা তথ্যত তেওঁক পূৰ্বতে মহাৰাষ্ট্ৰৰ যুটীয়া ৰাজ্যিক সাংগঠনিক সম্পাদক হিচাপে চিনাক্ত কৰা হৈছে । পৰৱৰ্তী সময়ত তেওঁ এবিভিপিৰ মুম্বাই-কংকন গাঁথনিত সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ লিংকডইন প্ৰফাইলত তেওঁক বিজেপিৰ ৰাজনৈতিক পৰামৰ্শদাতা হিচাপেও উল্লেখ কৰা হৈছে ।
প্ৰশান্ত দিবেকাৰৰ পুনেস্থিত আৰএছএছৰ সৈতে জড়িত প্ৰতিষ্ঠান জ্ঞান প্ৰবোধিনীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে । ১৯৬২ চনত আৰএছএছৰ সদস্য তথা প্ৰচাৰক বিনায়ক বিশ্বনাথে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল । নেচনেল কাউন্সিল ফৰ টিচাৰ এডুকেচনৰ নেচনেল মিছন ফৰ মেণ্টৰিং পৰ্টেলত দিয়া প্ৰফাইলত দিবেকাৰে তেওঁৰ এই পদ্ধতিক "ভাৰতীয় শিক্ষা দৰ্শনত শিপা থকা" বুলি বৰ্ণনা কৰিছে । লগতে কয় যে তেওঁ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ কাঠামোত অৰিহণা যোগাইছে ।
আন এগৰাকী সদস্য জেএনইউৰ চেণ্টাৰ ফৰ পলিটিকেল ষ্টাডিজৰ অধ্যাপিকা বন্দনা মিশ্ৰ এবিভিপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক । জেএনইউৰ চেণ্টাৰ ফৰ কম্পাৰেটিভ পলিটিক্স এণ্ড পলিটিকেল থিয়ৰীৰ সহযোগী অধ্যাপক ৰবি ৰমেশচন্দ্ৰ শুক্লাই আৰএছএছৰ অন্তৰ্গত ইণ্ডিয়ান ইনষ্টিটিউট অব ডেম’ক্ৰেটিক লিডাৰশ্বিপ-ৰামভৌ মহালগী প্ৰবোধিনীয়ে প্ৰকাশ কৰা ইণ্ডিয়ান জাৰ্নেল অব ডেম’ক্ৰেটিক গৱৰ্নেন্সৰ সম্পাদক মণ্ডলীৰ সদস্য হিচাপে কাম কৰি আহিছে ।
২০২১ চনত দেৱেন্দ্ৰ ফাড়নাভিছ ইয়াৰ সভাপতি হৈছিল । শুক্লাই সাংস্কৃতিক আৰু আধ্যাত্মিক জাতীয়তাবাদক কেন্দ্ৰ কৰি গৱেষণাও হাতত লৈছে । তেওঁ আইচিএছএছআৰৰ পুঁজিৰে চলি থকা জেএনইউ প্ৰকল্প "ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জাতীয়তাবাদ গঢ়ি তোলাত উৎসৱৰ ভূমিকা: কুম্ভ আৰু মাঘমেলাৰ অধ্যয়ন"ৰ প্ৰধান অনুসন্ধানকাৰী ।
এই দলটোত আছে জেএনইউৰ পৰা প্ৰকাশ কন্দপাল, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা নীধি গুপ্তা, চাণক্য বিশ্ববিদ্যালয়ৰ পৰা চেতন সিংহাই, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সুকানশিকা বৎস, ইগনুৰ পৰা সতীশ কুমাৰ, নেচনেল ইউনিভাৰ্ছিটী অব ষ্টাডী এণ্ড ৰিছাৰ্চ গন ল'ৰ পৰা দীবাংশু শ্ৰীবাস্তৱ, জিন্দাল গ্ল’বেল আইন বিদ্যালয়ৰ প্ৰণৱ গুপ্তা, পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ পৰা নন্দ কিশোৰ আৰু উৎকল বিশ্ববিদ্যালয়ৰ পৰা স্বপ্না প্ৰভু ।
আন সদস্যসকলৰ ভিতৰত আছে এনচিইআৰটিৰ সবিতা সাগৰ, বেংগালুৰুস্থিত চৰকাৰী প্ৰথম শ্ৰেণী মহাবিদ্যালয়ৰ পৰা এম এন সুৰেশ কুমাৰ, নৱী মুম্বাই পৌৰ নিগম বিদ্যালয়ৰ পৰা ডায়েনা ইছাবেল, এছএইচভিএনএম চৰকাৰী পিইউ কলেজ ফৰ গাৰ্লছৰ পৰা এন ভৰানী । এনচিইআৰটিৰ ভানথাংপুই খোবুং আৰু সুভাষ সিং ক্ৰমে সদস্য সমন্বয়ক আৰু সহ-সমন্বয়ক হ’ব ।
এনচিইআৰটিৰ এক অধিসূচনা অনুসৰি, দলটোৱে পাঠ্যক্ৰমৰ গোটৰ পৰা সমাজ বিজ্ঞান, ভাষা, ভাৰতীয় জ্ঞান ব্যৱস্থা, পৰিৱেশ শিক্ষা, উদ্ভাৱনীমূলক শিক্ষাবিজ্ঞান আৰু পাঠদান-শিক্ষণ সামগ্ৰীৰ ওপৰত নিৰ্দেশনা বিচাৰিব । ইয়াৰ উপৰি অন্যান্য গ্ৰেডসমূহৰ সৈতে সংযোগ, বিষয়সমূহৰ মাজত আন্তঃশাখা স্থাপন আৰু বহুভাষিক দৃষ্টিভংগীৰ একত্ৰীকৰণ নিশ্চিত কৰিবলৈ অন্যান্য পাঠ্যক্ৰমৰ গোটসমূহৰ পৰামৰ্শ গ্ৰহণ কৰিব ।
এনচিইআৰটিৰ সঞ্চালক দীনেশ প্ৰসাদ ছাক্লানীয়ে জাৰি কৰা অধিসূচনাত কোৱা হৈছে, “সাংস্কৃতিক শিপা, ভাৰতীয় জ্ঞান ব্যৱস্থা, অন্তৰ্ভুক্তি, শৈক্ষিক প্ৰযুক্তি, মূল্যায়ন আদিৰ দৰে বিষয়বস্তুৰ একত্ৰীকৰণৰ তদাৰক কৰিবলৈ প্ৰতিখন পাঠ্যপুথিৰ পৰ্যালোচনা কৰা হ’ব ।”

