NCERT পাঠ্যপুথি বিতৰ্ক : কেন্দ্ৰীয় চৰকাৰক বিতৰ্কিত অনলাইন অধ্যায় আঁতৰোৱাৰ নিৰ্দেশ শীৰ্ষ ন্যায়ালয়ৰ
দেশৰ শীৰ্ষ আদালতে NCERT-ৰ অনলাইন অধ্যায় আঁতৰোৱাৰ নিৰ্দেশ দিছে । মুখ্য ন্যায়াধীশে কয় যে এই পাঠ্যপুথি এতিয়াও বজাৰত বিক্ৰী হৈ আছে ।

Published : February 26, 2026 at 1:34 PM IST
|Updated : February 26, 2026 at 2:46 PM IST
নতুন দিল্লী : NCERT পাঠ্যপুথি বিতৰ্কত কঠোৰ হৈছে দেশৰ শীৰ্ষ ন্যায়ালয় । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে প্ৰকাশিত পাঠ্যপুথিসমূহ শীঘ্ৰে জব্দ কৰিবলৈ আৰু ডিজিটেল সংস্কৰণ ৱেবছাইটৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিছে । লগতে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (National Council of Educational Research and Training) সঞ্চালক, বিদ্যালয় শিক্ষাৰ সচিবক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি তেওঁলোকৰ বিৰুদ্ধে অৱমাননা বা অন্য ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ'ব সেই বিষয়ে জনাবলৈ কোৱা হৈছে । লগতে উচ্চতম ন্যায়ালয়ে এই পাঠ্যপুথিখন যাতে কোনো কাৰণতে উপলব্ধ নহয় তাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে ।
এই গোচৰটো মুখ্য ন্যায়াধীশ সূৰ্যকান্ত নেতৃত্বাধীন বিচাৰপীঠত উত্থাপন হৈছে । এই বিচাৰপীঠত ন্যায়াধীশ জয়মাল্য বাগচী আৰু বিপুল পাঞ্চোলীও আছে । আৰম্ভণিতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে আমি বিনাচৰ্তে ক্ষমা বিচাৰিছোঁ আৰু বিদ্যালয় শিক্ষাৰ সচিব আদালতত উপস্থিত আছে আৰু এন চি ই আৰ টিয়ে ক্ষমা প্ৰাৰ্থনা প্ৰকাশ কৰিছে ।
আনহাতে, মুখ্য ন্যায়াধীশে এন চি ই আৰ টিৰ প্ৰেছ বিবৃতিৰ কথা উল্লেখ কৰি কয় যে তাত ক্ষমা খোজা সম্পৰ্কত এটা শব্দও উল্লেখ নাই । লগতে সঞ্চালকে যেনেদৰে বিষয়টোক সাৰ-পানী যোগাবৰ বাবে চেষ্টা চলাইছে, মই কেৱল সচিব প্ৰধানক এইটো পৰীক্ষা কৰিবলৈ কৈছিলোঁ যে এনে কোনা প্ৰকাশ হৈছে নে নাই?
বিচাৰপীঠে কয় যে যোগাযোগ মাধ্যমত তেওঁ গ্ৰন্থখনৰ বিষয়বস্তুক ৰক্ষণাবেক্ষণ দি আছে । মুখ্য ন্যায়াধীশে কয় যে এইটো এক গুৰুতৰ ষড়যন্ত্ৰ । মেহতাই কয় যে যি দুগৰাকী ব্যক্তিয়ে এই অধ্যায়টো প্ৰস্তুত কৰিছে, তেওঁলোক এই মন্ত্ৰণালয়ৰ কোনোধৰণৰ কাৰ্যত কেতিয়াও জড়িত হ'ব নোৱাৰিব । চিজেআয়ে কয় যে যদি তেওঁলোকক কোনো ধৰণৰ প্ৰতিবন্ধকতা অবিহনে যাবলৈ দিয়া হয়, তেন্তে ই অতি লঘু কাৰ্যব্যৱস্থা হ'ব । লগতে কয়, "তেওঁলোকে যি গুলী চলালে তাৰ দ্বাৰা আজি ন্যায়পালিকাৰ ৰক্তক্ষৰণ হৈ আছে ।"
মুখ্য ন্যায়াধীশে কয়, "যেতিয়া আমাৰ ওপৰত ক্ৰমাগত আক্ৰমণ হয়, তেতিয়া আমি সেই সময়তো বস্তুনিষ্ঠতা ৰক্ষা কৰিবলৈ জানো । এইটো হৈছে ৰাজহুৱা ক্ষেত্ৰ । ই পৃথক পৃথক সামাজিক মাধ্যম ছাইটত উপলব্ধ । ময়ো ক'ৰবাৰ পৰা এটা প্ৰতিলিপি লাভ কৰিছোঁ ।"
মেহতাই কয় যে ৩২ খন কিতাপ বজাৰলৈ ওলাই গৈছে আৰু সেইকেইখন ঘূৰাই অনা হৈছে । আনহাতে, বাকী কিতাপবোৰ আমি এতিয়াও বিতৰণ কৰা নাই আৰু সম্পূৰ্ণ অধ্যায়টো এটা নতুন দলে পুনৰীক্ষণ কৰিব । মুখ্য ন্যায়াধীশে কয়, "এইটো এক যথেষ্ট চিন্তা-চৰ্চাৰে গ্ৰহণ কৰা পদক্ষেপ । সমগ্ৰ শিক্ষক সমাজক জনোৱা হ'ব আৰু তাৰ পিছতহে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব ।"
"সমগ্ৰ শিক্ষক সমাজক জনোৱা হৈছে যে ন্যায়পালিকা দুৰ্নীতিগ্ৰস্ত, যথেষ্ট গোচৰ পৰি আছে । পিতৃ-মাতৃয়ে পঢ়িব আৰু সমাজৰ এটা অংশও ইয়াৰ পৰা বাদ নপৰিব । ই গভীৰভাৱে শিপাইছে আৰু ইয়াক সঠিকভাৱে পৰিকল্পনা কৰা হৈছে ।" এই বিষয়টো একপক্ষীয় বুলি অনুভৱ কৰা বুলি উল্লেখ কৰি ন্যায়াধীশ বাগচীয়ে কয় ।
ইয়াত সংবিধানৰ ৰক্ষক হিচাপে ন্যায়পালিকাৰ কামৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই আৰু আনকি ন্যায় ব্যৱস্থাত উপনীত হোৱাৰ প্ৰক্ৰিয়া সন্দৰ্ভতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা হোৱা নাই । মুখ্য ন্যায়াধীশে কয়, "আমি এই বিষয়ত তন্নতন্ন অনুসন্ধান বিচাৰিছোঁ । এইটো বিচাৰি উলিওৱাটো মোৰ কৰ্তব্য যে ইয়াৰ আঁৰত কোন আছে । যদি এজনতকৈ অধিক আছে তেন্তে শাস্তি পাবই লাগিব ! জবাবদিহি স্পষ্ট হ'ব লাগে । যেতিয়ালৈকে মই সন্তুষ্ট নহওঁ, তেতিয়ালৈকে আমি এই কাৰ্য বন্ধ নকৰোঁ ।"

