ছত্তীশগড়ত ১৪ মাওবাদী নিহত: এ কে ৪৭, ইনছাছ ৰাইফল, এছ এল আৰ উদ্ধাৰ
বস্তাৰত ২০২৫ বছৰটোত ২৫৬ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ ।

Published : January 3, 2026 at 2:17 PM IST
ছুকমা (ছত্তীশগড়): ২০২৬ বৰ্ষৰ আৰম্ভণিতেই ছত্তীশগড়ৰ ছুকমা জিলাত নক্সাল বিৰোধী অভিযানত আৰক্ষীৰ বৃহৎ সফলতা । দক্ষিণ অঞ্চল বিজাপুৰ আৰু ছুকমাত নক্সাল বিৰোধী অভিযানত নিৰাপত্তাৰক্ষীয়ে ১৪ জন নক্সালবাদীক হত্যা কৰিছে । ছুকমাত ১২জন আৰু বিজাপুৰত দুজন নক্সালবাদী নিহত হয় । গুলীয়াগুলীৰ স্থানৰ পৰা আৰক্ষীয়ে এ কে ৪৭, ইনছাছ ৰাইফল, এছ এল আৰকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰে । বস্তাৰৰ মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে এই ঘটনাৰ বিষয়ে নিশ্চিত কৰিছে ।
ক’ত সংঘটিত হৈছে এই ঘটনা ?
ছুকমা জিলাৰ দক্ষিণ অঞ্চলত সশস্ত্ৰ মাওবাদীৰ উপস্থিতিৰ বিষয়ে নিশ্চিত তথ্য লাভৰ পিছতেই শনিবাৰে নিৰাপত্তা বাহিনীয়ে ব্যাপক তালাচী অভিযান আৰম্ভ কৰে । পুৱাৰে পৰা চলি থকা এই অভিযানত জিলা আৰক্ষী বাহিনী, ডি আৰ জি (জিলা ৰিজাৰ্ভ গাৰ্ড) আৰু অন্যান্য নিৰাপত্তাৰক্ষীৰ যৌথ দলে অংশগ্ৰহণ কৰে । শেহতীয়া তথ্য অনুসৰি অভিযানৰ সময়ত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত মাজে মাজে গুলীচালনা অব্যাহত আছে ।
গুলীয়াগুলীৰ ঘটনা অব্যাহত :
এই অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে আগবাঢ়ি যোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য় কৰি মাওবাদীয়ে গুলীচালনা কৰে । ইয়াৰ প্ৰত্য়ুত্তৰত নিৰাপত্তা বাহিনীয়ে স্থিতি গ্ৰহণ কৰি দুৰ্গ স্থাপন কৰি অঞ্চলটো নিজৰ দখললৈ আনিবলৈ সক্ষম হয় । বন্দুকৰ গুলীৰ শব্দই চাৰিওফালৰ গ্ৰাম্য অঞ্চলত আতংকৰ সৃষ্টি কৰিছে যদিও ইতিমধ্যে নিৰাপত্তাজনিত কাৰণত গাঁওবাসীক নিৰাপদ অঞ্চলত থাকিবলৈ আহ্বান জনোৱা হৈছে ।
কণ্টা আঞ্চলিক সমিতিৰ সম্পাদকক হত্যা :
এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰা অনুসৰি কিস্তাৰাম থানা এলেকাৰ অন্তৰ্গত পালোডী আৰু পোটাকপল্লীত ডি আৰ জি ছুকমাই অভিযান আৰম্ভ কৰে । এই অভিযানৰ সময়ত কিস্তাৰাম থানা এলেকাৰ পামলুৰৰ সমীপত মাওবাদীৰ সৈতে মুখামুখি হয় । এই ঘটনাত কণ্টা আঞ্চলিক সমিতিৰ সম্পাদক মাংডুকে ধৰি মুঠ ১০ জন নক্সালবাদী নিহত হয় ।
নিহত নক্সালৰ চিনাক্তকৰণ :
এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, নিহত নক্সালসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে উক্ত ঘটনাস্থলীৰ পৰা এ কে ৪৭ আৰু ইনছাছ ৰাইফলকে ধৰি স্বয়ংচালিত বন্দুকো উদ্ধাৰ কৰা হৈছে ।
২০২৫ চনত ২৫৬ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ :
বস্তাৰত আই জিৰ পৰা পোৱা বাতৰি অনুসৰি,২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰৰলৈ বস্তৰ মহানগৰৰ বিভিন্ন জিলাৰ জংঘলত হোৱা সংঘৰ্ষত জোৱানসকলে ঘটনাস্থলৰ পৰা ২৫৬ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে ।
২০২৫ চনত এনকাউণ্টাৰৰ পিছত অনুসন্ধানৰ সময়ত আৰু আত্মসমৰ্পণ কৰা নক্সালসকলৰ পৰা মুঠ ৬৬৫টা অস্ত্ৰ উদ্ধাৰ কৰা হয় । ২০২৫ চনত ১৫৬০ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে । ২০২৫ চনত ছুকমাৰ বিজাপুৰৰ নাৰায়ণপুৰত ৫২টাতকৈও অধিক নতুন নিৰাপত্তা শিবিৰ মুকলি কৰা হয় ।
ছত্তীশগড়ত নক্সাল বিৰোধী আভিযান :
১২ নৱেম্বৰ, ২০২৫: বিজাপুৰ ৰাষ্ট্ৰীয় উদ্যানত সংঘৰ্ষত ৬ নক্সালবাদীৰ মৃত্যু ।
২১ মে’ ২০২৫: নক্সালৰ শীৰ্ষ নেতা বাসৱৰাজুকে ধৰি ২৮ জন নক্সালবাদীক হত্যা ।
১৫ মে’, ২০২৫: বিজাপুৰৰ কাৰেগুটা পাহাৰত ৩১ জন নক্সালবাদী নিহত ।
১২ এপ্ৰিল, ২০২৫: দন্তেৱাড়া-বিজাপুৰ সীমান্তত সংঘৰ্ষ, ৩ জন নক্সালবাদীৰ মৃত্যু ।
৩১ মাৰ্চ, ২০২৫: দন্তেৱাড়া-বিজাপুৰ সীমান্তত ৪৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা মহিলা নক্সালবাদীৰ মৃত্যু ।
২৯ মাৰ্চ, ২০২৫: ছুকমাত নক্সালবাদীৰ গুলিয়াগুলীৰ ঘটনাত উদ্ধাৰ ১৭টা মৃতদেহ, ঝিৰাম কাণ্ডত জড়িত নক্সালবাদীও নিহত, তাত আছিল ২৫ লাখ টকাৰ পুৰস্কাৰ ।
২০ মাৰ্চ, ২০২৫: বিজাপুৰ আৰু কাংকেৰত দুটাকৈ নক্সাল সংঘৰ্ষত নিহত হয় ৩০ জন নক্সালবাদী ।
৯ ফেব্ৰুৱাৰী, ২০২৫: বিজাপুৰ জিলাত নিৰাপত্তা বাহিনীয়ে ৩১জন মাওবাদীক হত্যা কৰে ।
২০-২১ জানুৱাৰী ২০২৫: গৰিয়াবন্দ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত ১৬জন মাওবাদী নিহত ।
১৯ জানুৱাৰী, ২০২৫: নিষিদ্ধ চিপিআই (মাওবাদী) সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চলাপাঠীসহ ১৪জন মাওবাদীক হত্যা ।
১৬ জানুৱাৰী, ২০২৫: বিজাপুৰ জিলাত সংঘটিত ভয়াৱহ সংঘৰ্ষত ১৮ জন মাওবাদী নিহত ।
২২ নৱেম্বৰ, ২০২৪: ছুকমা জিলাত গুলিয়াগুলীৰ ঘটনাত ১০জন মাওবাদী নিহত ।
০৪ অক্টোবৰ ২০২৪: আবুঝামদত সংঘটিত গুলিয়াগুলীৰ ঘটনাত ৩৮ জন নক্সালবাদী নিহত ।
১০ মে’, ২০২৪: বিজাপুৰ জিলাত সংঘটিত হোৱা এই ঘটনাত ১২ জন নক্সালবাদী নিহত ।
১০ মে’, ২০২৪: বিজাপুৰ জিলাত সংঘটিত গুলিয়াগুলীৰ ঘটনাত ১২ জন নক্সালবাদী নিহত ।
১৬ এপ্ৰিল, ২০২৪: কাংকেৰ জিলাত সংঘটিত ভয়াৱহ সংঘৰ্ষত ২৯ জন নক্সালবাদী নিহত ।
০২ এপ্ৰিল ২০২৪: বিজাপুৰ জিলাত ১৩ জন মাওবাদী নিহত ।
৭ ফেব্ৰুৱাৰী ২০১৯: বিজাপুৰ জিলাত ভয়াবহ গুলিয়াগুলীৰ ঘটনাত ১০ জন মাওবাদীৰ মৃত্যু ।
৬ আগষ্ট ২০১৮: ছুকমা জিলাত ১৫ জন মাওবাদী নিহত ।
২ মাৰ্চ, ২০১৮: বিজাপুৰ জিলাত আৰক্ষীৰ সৈতে হোৱা মুখামুখিত ১০জন মাওবাদী নিহত ।
২৭ নৱেম্বৰ, ২০১৪: ছুকমা জিলাত চি আৰ পি এফৰ সৈতে হোৱা সংঘৰ্ষত ১৫জন মাওবাদী নিহত, ২৫জন গুৰুতৰভাৱে আহত ।
২৩ নৱেম্বৰ, ২০১০: দন্তেৱাড়া জিলাৰ জাগৰগুণ্ডা অঞ্চলৰ আশামপুৰা গাঁৱৰ সমীপত চি আৰ পি এফ, ১১১ বেটেলিয়ন আৰু ৰাজ্যিক আৰক্ষী জোৱানৰ সৈতে হোৱা ভয়াৱহ সংঘৰ্ষত ২০ জন নক্সালৰ মৃত্যু ।
১৮ ফেব্ৰুৱাৰী ২০০৮: বিজাপুৰ জিলাত দুটা পৃথক ঘটনাত ১৩ জন নক্সাল আৰু ৬ জন চি আৰ পি এফ জোৱান নিহত ।
২০০৭ চনৰ ১০ জুলাই: দন্তেৱাড়া জিলাত ২০ জন মাওবাদী নিহত, ৯ জন নিৰাপত্তাৰক্ষী আহত ।

