আজিৰ দিনটোতে জন্ম হৈছিল "উৎসৱৰ দেশ" নাগালেণ্ডৰ : মোদীৰ পৰা ৰাহুললৈকে সকলোৱে জনাইছে শুভেচ্ছা
উত্তৰ-পূবৰ ৰাজ্য নাগালেণ্ডৰ আজি ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । শুভেচ্ছা জনালে ৰাষ্ট্ৰপতিয়েও ৷

By ANI
Published : December 1, 2025 at 12:46 PM IST
নতুন দিল্লী : আজি নাগালেণ্ডৰ প্ৰতিষ্ঠা তথা ৰাজ্যিক দিৱস । এই উপলক্ষে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন নেতাই নাগালেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জনসাধাৰণক উদ্দেশ্যি ৰাজ্যিক দিৱস উপলক্ষে নগা সংস্কৃতিক "সেৱা, সাহস আৰু মমতাত শিপাই থকা" বুলি প্ৰশংসা কৰে । এক্সত এটা পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে নাগালেণ্ডৰ বাবে সমৃদ্ধি আৰু প্ৰগতিৰো কামনা কৰে ।
পোষ্টত তেওঁ লিখিছে, "ৰাজ্যিক দিৱস উপলক্ষে নাগালেণ্ডবাসীলৈ শুভেচ্ছা জনাইছো । সেৱা, সাহস আৰু মমতাৰ শিপাই থকা গৌৰৱময় নগা সংস্কৃতি প্ৰশংসিত । নাগালেণ্ডৰ জনসাধাৰণে বহু ক্ষেত্ৰত নিজকে পৃথক কৰি ৰাখিছে । আগন্তুক বছৰবোৰত ৰাজ্যখনে সমৃদ্ধি আৰু প্ৰগতিৰে আগবাঢ়ি যাওক ।"
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও নাগালেণ্ডৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যখনে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰশংসনীয় অগ্ৰগতি লাভ কৰাৰ বাবে প্ৰশংসা কৰে । এক্সৰ এটা পোষ্টত তেওঁ লিখিছে, "ৰাজ্যিক দিৱসত নাগালেণ্ডবাসীলৈ শুভেচ্ছা ! এক সমৃদ্ধ সংস্কৃতি আৰু সীমাহীন প্ৰাকৃতিক সৌন্দৰ্যৰে ধন্য নাগালেণ্ডে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰশংসনীয় অগ্ৰগতি অব্যাহত ৰাখিছে । ইয়াৰ জনজাতীয় বৈচিত্ৰ্য আৰু অনন্য ঐতিহ্য গৌৰৱৰ উৎস হৈয়েই আছে । মই নাগালেণ্ডৰ জনসাধাৰণৰ উজ্জ্বল, সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ ভৱিষ্যতৰ কামনা কৰিছো ।" ইফালে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই নাগালেণ্ডৰ অধিকাৰ আৰু পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাৰ বাবে ৰাজ্যিক নেতাসকলক স্মৰণ কৰিছে ।
ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ উপৰিও কেইবাগৰাকী ৰাজনৈতিক নেতাই নাগালেণ্ডৰ ৰাজ্যিক দিৱসত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে । ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নাগালেণ্ডবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে । তেওঁ কয়, "নাগালেণ্ডবাসীলৈ ৰাজ্যিক দিৱসৰ শুভেচ্ছা থাকিল ! আপোনালোকৰ সুন্দৰ পাহাৰ, চহকী জৈৱ বৈচিত্ৰ্য আৰু সজীৱ সংস্কৃতিয়ে ভাৰতৰ বৈচিত্ৰ্যত ইমানখিনি অৱদান দিছে । নাগালেণ্ডে বহনক্ষমভাৱে উন্নয়নৰ জৰিয়তে অধিক সফলতা লাভ কৰক । আহক আমি সকলোৱে ইয়াৰ অনন্যতা ৰক্ষা কৰাত সহায় কৰোঁ ।"
ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও নাগালেণ্ডক "উৎসৱৰ দেশ" বুলি অভিহিত কৰি তাত বাস কৰা জনজাতি আৰু জনগোষ্ঠীসমূহৰ মাজত শান্তি আৰু সম্প্ৰীতি অব্যাহত থকাৰ কামনা কৰিছে । খাৰ্গেই এক্সৰ এটা পোষ্টত লিখিছে, "আমি ৬৩ সংখ্যক ৰাজ্যিক দিৱসত নাগালেণ্ডৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ । 'উৎসৱৰ ভূমি' নামেৰে পৰিচিত নাগালেণ্ডে ভাৰতৰ চহকী বৈচিত্ৰ্যক আচৰিত ধৰণে প্ৰতিফলিত কৰিছে । ৰাজ্যখন ইয়াৰ আকৰ্ষণীয় ভূ-প্ৰকৃতি, বীৰ জনগোষ্ঠী আৰু সজীৱ সাংস্কৃতিক পৰম্পৰাৰ বাবে জনাজাত । বিভিন্ন জনজাতি আৰু সম্প্ৰদায়ে একেলগে সমন্বয়, শান্তি আৰু বন্ধুত্বপূৰ্ণভাৱে সমৃদ্ধিৰ উদ্দেশ্যে বাস কৰি যাওক ।" একেদৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ লগতে আন কেইবাগৰাকী নেতাই নাগালেণ্ডৰ ৰাজ্যিক দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জনাইছে ।
উল্লেখ্য যে ১৯৫৭ চনত নগা নেতাসকলে নাগা পিপলছ কনভেনচন (এন পি চি) গঠন কৰি ১৯৬০ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক সাক্ষাৎ কৰিছিল । নাগা হিলছৰ এটা সুকীয়া অঞ্চল গঠনৰ বাবে এন পি চি আৰু কেন্দ্ৰীয় চৰকাৰে ১৬ দফীয়া চুক্তিত স্বাক্ষৰ কৰে । ১৯৬২ চনৰ ৪ ছেপ্টেম্বৰত নাগালেণ্ড গঠনৰ বাবে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে । ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ডক ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হয় আৰু ক'হিমাক ৰাজধানী হিচাপে ঘোষণা কৰা হয় । তেতিয়াৰ পৰাই প্ৰতি বছৰে ১ ডিচেম্বৰ দিনটো নাগালেণ্ডে ৰাজ্যিক দিৱস হিচাপে পালন কৰি আহিছে । ইয়াৰ পূৰ্বে নাগা হিলছ অসমৰ এখন জিলা আছিল ।
লগতে পঢ়ক :নাটকৰ বাবে বহু ঠাই আছে, ইয়াত ডেলিভাৰীৰ প্ৰয়োজন : প্ৰধানমন্ত্ৰী মোদী

