ETV Bharat / bharat

ত্ৰিপাক্ষিক শক্তি অন্বেষণ চুক্তিৰ বিৰোধিতা নগা দল-সংগঠনৰ

নগাসকলে দীৰ্ঘদিনে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ৰাজনৈতিক নিষ্পত্তি সুদৃঢ় কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত হোৱা এই চুক্তিৰ বিৰোধিতা ।

ASSAM NAGALAND BORDER
ত্ৰিপাক্ষিক শক্তি অন্বেষণ চুক্তি স্বাক্ষৰ (X handle @amitshah)
author img

By PTI

Published : June 12, 2026 at 6:14 PM IST

2 Min Read
Choose ETV Bharat

ডিমাপুৰ: অসম-নাগালেণ্ড সীমান্তত শক্তিৰ অন্বেষণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিৰ বিৰোধিতা সাতটাকৈ নগা সংগঠনৰ এটা দলৰ ৷ নগাসকলে দীৰ্ঘদিনে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ৰাজনৈতিক নিষ্পত্তি সুদৃঢ় কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত হোৱা এই চুক্তিৰ বিৰোধিতা কৰিছে দলটোৱে ।

নগা ৰাষ্ট্ৰীয় ৰাজনৈতিক গোটসমূহে(এনএনপিজি) এক বিবৃতিত দৃঢ়তাৰে কয় যে প্ৰাকৃতিক সম্পদৰ ওপৰত মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণ ২০১৭ চনত কেন্দ্ৰৰ সৈতে স্বাক্ষৰিত ‘সন্মত অৱস্থান’ৰ এক অংশ ।

২০১৭ চনত স্বাক্ষৰিত আন এক চুক্তিৰ চৰ্তসমূহৰ উদ্ধৃতি দি দলটোৱে কয় যে শুকুৰবাৰে আনুষ্ঠানিকভাৱে যি চুক্তি স্বাক্ষৰিত হৈছে, সেয়া পূৰ্বে নাগালেণ্ডত প্ৰাকৃতিক সম্পদৰ সন্ধানৰ স্বাৰ্থত কৰা চুক্তিৰ বিৰুদ্ধে অবৈধ আৰু নীতি বহিৰ্ভুত বুলি গণ্য কৰা হ’ব ।

উল্লেখ্য যে, বৃহস্পতিবাৰে কেন্দ্ৰ আৰু অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত শক্তি অন্বেষণ আৰু নিষ্কাশনৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় ।

আনুষ্ঠানিকভাৱে ৰাজনৈতিক নিষ্পত্তি নোহোৱালৈকে কোনো ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে যাতে নগা ভূমিৰ পৰা খাৰুৱা তেল নিষ্কাশন কৰিব নোৱাৰে তাৰ প্ৰতি এনএনপিজি কাৰ্যকৰী সমিতিয়ে নজৰ ৰাখিব বুলি সদৰী কৰে ৷ দলটোৱে নগা ৰাজনৈতিক বুজাবুজিৰ পূৰ্বে তেল নিষ্কাশনক নগাৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি একপ্ৰকাৰৰ প্ৰতাৰণা বুলি অভিহিত কৰিছিল ।

এই দলটোৱে নাগালেণ্ড আৰু অসমৰ মাজত যিকোনো ৰাজহ ভাগ-বাটোৱাৰা ব্যৱস্থাৰো বিৰোধিতা কৰে । তেওঁলোকৰ মতে বিবাদিত ভূ-খণ্ডটো ঐতিহাসিক আৰু আইনগত দুয়োটা দিশতে নগাসকলৰ নিজৰ ভূমিৰ অবিচ্ছেদ্য অংগ ।

উল্লেখ্য যে, সাতটাকৈ নগা ৰাজনৈতিক গোটক লৈ গঠিত এনএনপিজিৰ কাৰ্যকৰী সমিতিয়ে কেন্দ্ৰৰ সৈতে চূড়ান্ত নগা ৰাজনৈতিক নিষ্পত্তিৰ বাবে হোৱা আলোচনামৰ্মে ২০১৭ চনৰ ১৭ নৱেম্বৰত এক চুক্তিত স্বাক্ষৰ কৰে ।

১৯৯৭ চনত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰাৰ পিছৰে পৰা এনএছচিএন-আইএমৰ সৈতেও সমাধানৰ বাবে আলোচনা চলি আহিছে ৷ সেইমৰ্মে ২০১৫ চনত কাঠামো চুক্তিত স্বাক্ষৰিত হয় ৷

২০১৯ চনৰ অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া নগা শান্তি আলোচনাৰ তদানীন্তন আলোচকগৰাকীয়ে আলোচনা সমাপ্ত হোৱা বুলি ঘোষণা কৰিছিল । কিন্তু নগাসকলৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ বাবে এনএছচিএন-আইএমে ধাৰাবাহিকভাৱে কৰি অহা দাবীক কেন্দ্ৰীয় চৰকাৰে মানি লোৱা নাই ।

লগতে পঢ়ক: অসম-নাগালেণ্ড সীমান্তত শক্তিৰ অন্বেষণৰ বাবে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ