ETV Bharat / bharat

মমতা বেনাৰ্জীৰ ভতিজীৰ ৰহস্যজনক মৃত্যু: চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

অভিযোগ আছিল, তেওঁ অনৈতিকভাৱে চাকৰি লাভ কৰিছিল । কলকাতা হাইকোর্টৰ নির্দেশৰ পিছত প্রকাশিত চাকৰি বাতিলৰ তালিকাত তেওঁৰ নামো থকা বুলি জানিব পৰা গৈছে ।

MAMATA BANERJEE NIECE DIES
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 1, 2026 at 4:46 PM IST

3 Min Read
Choose ETV Bharat

ৰামপুৰহাট (পশ্চিমবংগ) : বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজীৰ ৰহস্যজনক মৃত্যু ! আৰক্ষীৰ সন্দেহ, মমতাৰ মোমায়েকৰ ল'ৰা নীহাৰ মুখাৰ্জীৰ কন্যা বৃষ্টি মুখাৰ্জীয়ে বীৰভূমৰ ৰামপুৰহাটৰ কুসম্বা গাঁৱৰ নিজৰ ঘৰত চিপ লৈ চৰম পদক্ষেপ গ্ৰহণ কৰে ।

মঙলবাৰে পুৱা তেওঁৰ ঘৰৰ দ্বিতীয় মহলাৰ এটা কোঠাত উদ্ধাৰ হয় তেওঁৰ চিপ লোৱা মৃতদেহ । লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে । এই খবৰ পোৱাৰ লগে লগে ৰামপুৰহাট থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰামপুৰহাট চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

আৰক্ষীৰ সূত্ৰই ইংগিত দিয়ে যে প্ৰাথমিক তদন্তত এয়া আত্মহত্যাৰ কাৰণ হিচাপে অনুমান কৰা হৈছে । কিন্তু বৃষ্টিয়ে এই চৰম পদক্ষেপ লোৱাৰ আঁৰৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । ঘটনা সন্দৰ্ভত ৰামপুৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে প্ৰাথমিক শিক্ষক আৰু গ্ৰুপ-চি কৰ্মচাৰী নিযুক্তি সন্দৰ্ভত দুৰ্নীতিৰ অভিযোগৰ সন্মুখীন হৈছিল বৃষ্টি মুখাৰ্জী ।

অভিযোগ আছিল যে তেওঁ অসৎ পন্থা অৱলম্বন কৰি বা অনিয়মৰ জৰিয়তে চাকৰি লাভ কৰিছিল । কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বিদ্যালয় সেৱা আয়োগে প্ৰকাশ কৰা নিযুক্তি বাতিলৰ তালিকাত তেওঁৰ নামো উল্লেখ কৰা বুলি জানিব পৰা গৈছে । ৬০৮ নং ক্ৰমিক নম্বৰত তেওঁৰ নাম লিখা আছিল । কিন্তু ব্যক্তিগত কাৰণত যোগদান কৰাৰ কিছু সময়ৰ পিছতে তেওঁ পদত্যাগ কৰিছিল ।

স্থানীয় সূত্ৰই লগতে প্ৰকাশ কৰিছে যে বৃষ্টি আৰু তেওঁৰ স্বামীৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া কেইবামাহো ধৰি চলি আছিল । ৰামপুৰহাট আৰক্ষী থানাৰ অধীনস্থ আয়াশ গাঁৱৰ এটা পৰিয়ালত বিবাহপাশত আবদ্ধ হোৱা বৃষ্টিৰ এটা ১২ বছৰীয়া সন্তান থকা বুলি জানিব পৰা গৈছে । এই পাৰিবাৰিক পৰিস্থিতিৰ সৈতে তেওঁৰ মৃত্যুৰ কিবা সম্পৰ্ক আছে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰি আছে ।

উল্লেখ্য যে মমতা বেনাৰ্জীৰ পূৰ্বপুৰুষৰ ঘৰ ৰামপুৰহাট ব্লক-১ৰ চকাইপুৰ গাঁৱত । মোমায়েকৰ ঘৰ তেওঁৰ ঘৰৰ কাষতে কুসুম্বা গাঁৱত । তাত তেওঁৰ ককাক অনিল মুখাৰ্জী আৰু মোমায়েকৰ ল'ৰা নীহাৰ মুখাৰ্জীৰ পৰিয়ালে বাস কৰে । কুসুম্বা গাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শৈশৱৰ বহু স্মৃতি জড়িত হৈ আছে । বৃষ্টিৰ মৃত্যুৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । আৰক্ষীয়ে উল্লেখ কৰা মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ কাৰণ সম্পৰ্কে অধিক স্পষ্ট তথ্য পোৱা যাব ।

লগতে পঢ়ক :নেপালৰ বান : এটা ঘৰৰ পৰাই উদ্ধাৰ ২৪টা মৃতদেহ, মৃতকৰ সংখ্যা ১০০৩ জনলৈ বৃদ্ধি
লগতে পঢ়ক :নেপালৰ বান: উত্তৰ প্ৰদেশত গণ্ডক নদীৰ পৰা উদ্ধাৰ ৪ নেপালীৰ মৃতদেহ