পহলগামৰ বৰ্বৰ আক্ৰমণৰ বৰ্ষপূৰ্তি, আজিও মাৰ যোৱা নাই আতংক
কাশ্মীৰৰ অন্যতম জঘন্য এই সন্ত্ৰাসবাদী আক্ৰমণত ২৫ জন পৰ্যটকৰ লগতে এজন স্থানীয় লোকসহ মুঠ ২৬ জন নিৰীহ লোকৰ মৃত্যু ঘটিছিল ৷

Published : April 22, 2026 at 6:11 PM IST
শ্ৰীনগৰ/পহলগাম: কাশ্মীৰৰ বৈছাৰণ ঘন পাইন গছৰ অৰণ্যৰে আগুৰি থকা এক বিস্তৃত সেউজীয়া ঘাঁহনি ৷ ২০২৫ চনৰ ২২ এপ্ৰিলত পহলগাম চহৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ দূৰত্বত অৱস্থিত এই সেউজ উপত্যকা মুহূৰ্ততে হৈ পৰিছিল ৰাঙলী ৷ সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলাই তেজৰ ৰঙা নৈ বোৱাই পেলোৱাৰ পিছতে সকলোবোৰ চিৰদিনৰ বাবে সলনি হৈ গ’ল ।
কাশ্মীৰৰ অন্যতম জঘন্য এই সন্ত্ৰাসবাদী আক্ৰমণত ২৫ জন পৰ্যটকৰ লগতে এজন স্থানীয় লোকসহ মুঠ ২৬ জন নিৰীহ লোকৰ মৃত্যু ঘটিছিল ৷ এই ঘটনাৰ এবছৰ পাৰ হ’ল ঠিকেই কিন্তু তাৰ ভয়াৱহতা আজিও সকলোৰে মনত সজীৱ হৈ আছে ৷

এই ঘটনাৰ চাক্ষুস সাক্ষী মহম্মদ ৱাহিদ নামৰ এজন লোক ৷ তেওঁ সেই দিনটোত জীৱিতসকলক উদ্ধাৰ কৰিবলৈ পাহাৰ বগাই যোৱাৰ এবছৰ পূৰ্ণ হ’ল ৷ ওচৰৰ গাঁৱলৈ আত্মীয় এজনক সাক্ষাৎ কৰিবলৈ গৈ ফোনযোগে মেছেজ লাভ কৰাৰ দিনটোৰ কথা আজিও তেওঁৰ মনত সজীৱ হৈ ৰৈছে ৷ এটা চৰ্টকাটৰ মাজেৰে তেওঁ টিলাটোলৈ উঠি যোৱাৰ সময়তে এই ভয়ংকৰ দৃশ্যটো দেখে, যি তেওঁৰ কল্পনাৰ বাহিৰত আছিল ৷
আক্ৰমণটোৰ পিছত উপত্যকাটোত উপস্থিত হোৱা ৱাহিদে কয়, ‘‘প্ৰথমতে মই বুজিব পৰা নাছিলো যে কি হৈছে । মোৰ পৃথিৱীখন নিমিষতে সলনি হৈ গ'ল ।’’ মহম্মদ ৱাহিদ হৈছে স্থানীয় ঘোঁৰাচালক সন্থাৰ সভাপতি, যাৰ অধীনত প্ৰায় সাতশ চালকে কাম কৰি আছে ৷
‘‘আমি ঘূৰি আহিব নোৱাৰিম বুলি ভয় কৰি কলিমা পঢ়িলো । আমাৰ চাৰিওফালে থকা মহিলা আৰু শিশুসকলে কান্দি আছিল । আমি তেওঁলোকক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিলো, তেওঁলোকৰ সুৰক্ষাৰ বাবে আমি তাত আছো বুলি কৈছিলো আৰু দূৰৈৰৰ দোকানৰ পৰা পানী কিনি আনি দিছিলো’’ - বুলি তেওঁ লগতে কয় ৷
ৱাহিদে আক্ৰমণৰ পিছৰ দৃশ্যবোৰ অতি ভয়ংকৰ বুলি বৰ্ণনা কৰে ৷ কিয়নো তাত পৰি ৰোৱা মৃতদেহবোৰ চিনাক্ত কৰিব নোৱাৰাকৈয়ে জ্বলাই দিয়া হৈছিল ৷ আনহাতে জীৱিত লোকসকলে প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ আপোনজনৰ মৃতদেহৰ ফালে একেথৰে চাই আছিল ৷ নিমিষতে কি ঘটিল সেয়া তেওঁলোকে অনুমানেই কৰিব পৰা নাছিল ৷

‘‘মৃতদেহবোৰ চাবলৈ শক্তি নাছিল, সহযোগীসকলক ফোন কৰিছিলো । নিহতসকলৰ মাজত আমি মহাৰাষ্ট্ৰৰ এজন মানুহ পাইছিলোঁ, যিজন এতিয়াও জীয়াই আছে । মোৰ মনত আছে, ঘোঁৰাত উঠি অজ্ঞান হৈ পৰা এগৰাকী মহিলাক । আমি তেওঁক পানী আনি দিছিলো, কিন্তু তেওঁ সেয়া গ্ৰহণৰ পৰিৱৰ্তে বাৰে বাৰে স্বামীৰ সৈতে ফুৰিবলৈ অহাৰ কথাটো কয় আৰু অকলে তাৰ পৰা ঘূৰি যাবলৈ অস্বীকাৰ কৰে’’ - ৱাহিদে কয় ৷
এই আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ নেতৃত্বত জম্মু-কাশ্মীৰ প্ৰশাসনে বৈছাৰণকে ধৰি প্ৰায় ৫০ টাকৈ পৰ্যটনস্থলী বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে ।
অৱশ্যে পৰৱৰ্তী সময়ত প্ৰায়বোৰ পৰ্যটনস্থলী পুনৰায় মুকলি কৰা হৈছে যদিও আক্ৰমণৰ পিছৰে পৰা বৈছাৰণ বন্ধ হৈ আছে । আজি এবছৰ পাছতো ৱাহিদে জীৱন নিৰ্বাহৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়তো সন্ত্ৰাসবাদীৰ আক্ৰমণৰ দৃশ্যবোৰ তেওঁৰ মনত সজীৱ হৈ আছে । তেওঁ কয়, ‘‘বৈছাৰণ পুনৰ খুলিলেও মোৰ তালৈ যাবলৈ মন নাযায় । মই মোৰ ঘোঁৰা বা গাধক দি আন কাৰোবাক জীৱিকা উপাৰ্জন কৰিবলৈ পঠিয়াব পাৰো ।’’
লাহে লাহে কাশ্মীৰলৈ উভতিবলৈ লৈছে পৰ্যটক ৷ পৰ্যটকৰ সুৰক্ষা নিশ্চিত আৰু সন্ত্ৰাসবাদীৰ যিকোনো ভাবুকি নিষ্ক্ৰিয় কৰিবলৈ পহলগাম আক্ৰমণৰ বৰ্ষপূৰ্তিৰ পূৰ্বে সমগ্ৰ কাশ্মীৰত প্ৰশাসনে নিৰাপত্তা অধিক শক্তিশালী কৰে । পৰ্যটনস্থলীকে ধৰি আন কেতবোৰ গুৰুত্বপূৰ্ণ স্থানত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।
বুধবাৰে শ্ৰীনগৰৰ লাল চ’কত থকা আইকনিক ক্ল’ক টাৱাৰৰ কাষেৰে খোজকাঢ়ি যোৱাৰ সময়ত মুম্বাইৰ পৰ্যটক অজয় পাৱাৰে ইটিভি ভাৰতক কয় যে তেওঁ পহলগাম ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰিছে ।

তেওঁ কয়, ‘‘এয়া আমাৰ প্ৰথমটো কাশ্মীৰ ভ্ৰমণ । আমি কাইলৈ বা শুকুৰবাৰলৈ পহলগামলৈ যোৱাৰ পৰিকল্পনা কৰিছো । পহলগাম আক্ৰমণৰ পিছত বহুতে ইয়ালৈ আহিবলৈ ভয় কৰিছিল ৷ কিন্তু আমি ভাবিছিলো যে আমি ইয়ালৈ আহি ঠাইটুকুৰা ভ্ৰমণ কৰিব লাগে ।’’
পাৱাৰৰ সৈতে ফুৰিবলৈ অহা বিকাশ গুপ্তাই কয় যে তেওঁলোকে লাল চ’ক ভ্ৰমণ কৰি ভাল পাইছে । তেওঁ লগতে কয়, ‘‘এয়া আমাৰ প্ৰথমটো কাশ্মীৰ ভ্ৰমণ । আমি ডাল লেকলৈও ফুৰিবলৈ যাম ।’’ পহলগাম ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি বুলি সোধাত গুপ্তাই কয় যে তেওঁলোকে কেইদিনমানৰ পিছত পৰিস্থিতিৰ ৰেহৰূপ চাইহে পহলগাম ফুৰাৰ পৰিকল্পনা কৰিব ৷
উল্লেখ্য যে, পহলগামৰ এই আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক অভিযানে কেইবাটাও বৃহৎ সফলতা লাভ কৰিছে ৷ উপত্যকাৰ ওপৰৰ অংশত চলা ‘অপাৰেশ্যন মহাদেৱ’ ত তিনিটাকৈ সন্ত্ৰাসবাদীক হত্যা কৰা হৈছিল । তাৰপিছৰে পৰা কেন্দ্ৰীয় শাসিত ৰাজ্যখনত প্ৰায় ৪৬ টা সন্ত্ৰাসবাদী নিহত হৈছে ।
জম্মুৰ ঘন অৰণ্যৰ বাবে মাৰ্খোৰ আৰু কাশ্মীৰৰ উচ্চ শিখৰ অঞ্চলৰ বাবে স্ন’ লিঅ’পাৰ্ডছ নামৰ দুটা উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত বিশেষ গোটৰ ব্যৱস্থা কৰা হৈছিল । এই গোটসমূহক অন্ধ্ৰপ্ৰদেশৰ গ্ৰেহাউণ্ডছ কমাণ্ডোত প্ৰশিক্ষণ দিয়া হৈছিল, য’ত নিৰাপত্তা বাহিনীৰ বিশেষ গোটসমূহে মাওবাদীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰশিক্ষণ গ্ৰহণ কৰে ।
We will not forget. We will not forgive. This is our solemn vow. India stands unified against terrorism. We pledge unwavering commitment and resolute determination to eradicate terrorism from the soil of Jammu Kashmir.
— Office of LG J&K (@OfficeOfLGJandK) April 22, 2026
নিৰাপত্তাৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে পুনৰ্গঠনৰ ফলত কাশ্মীৰ আৰু জম্মু উভয়ৰে ঘন বনাঞ্চলৰ পৰা চলি থকা সন্ত্ৰাসবাদীক প্ৰতিহত কৰিবলৈ নিৰাপত্তা যন্ত্ৰত যথেষ্ট পৰিৱৰ্তন কৰা হৈছে ।
শ্বহীদ পৰ্যটকসকলক শ্ৰদ্ধাঞ্জলি জনাই জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কয় যে তেওঁলোকৰ স্মৃতি হৃদয়ত চিৰস্মৰণীয় হৈ ৰ’ব ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ ঐক্যবদ্ধ স্থিতিৰ প্ৰতিশ্ৰুতি দি তেওঁ কয়, ‘‘আমি নাপাহৰো, আমি ক্ষমা নকৰো । আমি জম্মু-কাশ্মীৰৰ মাটিৰ পৰা সন্ত্ৰাসবাদক শিপাৰ সৈতে উঘালিবলৈ দৃঢ়তাৰে প্ৰতিশ্ৰুতি দিছো ।’’
One year on, we remain united against terror & against violence. We remain resolute in our desire to rid J&K of suffering & innocent deaths. We remain committed to doing everything to ensure it never happens again. We also remain in eternal solidarity with the families who lost…
— Omar Abdullah (@OmarAbdullah) April 22, 2026
আনহাতে, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিজ্ঞা কৰি নিহত পৰ্যটকসকলক শ্ৰদ্ধাঞ্জলি জনায় ।
‘‘এবছৰৰ পাছতো আমি সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰুদ্ধে একত্ৰিত হৈ আছো । জম্মু-কাশ্মীৰক দুখ আৰু জীৱন হেৰুওৱাৰ পৰা মুক্ত কৰাৰ আমাৰ সংকল্প অটুট আছে । আমি যাতে আৰু কেতিয়াও এনেকুৱা নহয়, তাৰ বাবে সকলো সম্ভৱপৰ কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । এবছৰৰ আগৰ সেই কাপুৰুষৰ আক্ৰমণত আপোনজনক হেৰুওৱা পৰিয়ালসমূহলৈও আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো । এই সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱাসকলৰ আত্মাই চিৰশান্তি লাভ কৰক’’ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দোৱা জনায় ৷
লগতে পঢ়ক: পহলগাম আক্ৰমণৰ এবছৰ: এটা নৃশংস ঘটনাই সম্পূৰ্ণ সলনি কৰিলে পহলগামৰ ছবি

