ETV Bharat / bharat

মুম্বাইৰ 26/11 ৰ বিভীষিকা: ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি, ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশ্বই নজৰ ৰখাৰ দাবী গৃহমন্ত্ৰীৰ

যিকোনো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি শক্তিশালী ভাৰত গঢ়াৰ দিশত আগবাঢ়ি যাবলৈ সকলোকে আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ৷

MUMBAI TERROR ATTACK ANNIVERSARY
মুম্বাইস্থিত হোটেল তাজৰ বাহিৰৰ দৃশ্য (File photo (ANI))
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 12:06 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দেশবাসীয়ে আজিও পাহৰিব পৰা নাই ২৬/১১ ৰ ক’লা অধ্যায় ৷ ২০০৮ চনৰ আজিৰ দিনটোতে মুম্বাইত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত ১৬৬ জন লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও ৩০০ ৰো অধিক লোক আহত হৈছিল ৷ এই ভয়ংকৰ কাণ্ডৰ ১৭ বছৰ সম্পূৰ্ণ হ’ল ৷

উক্ত দিনটোৰ ভয়াৱহ স্মৃতি সজীৱ কৰি দেশে সোঁৱৰণ কৰিছে সন্ত্ৰাসবাদৰ বলি হোৱা প্ৰতিগৰাকী লোকক ৷ বুধবাৰে পুৱা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে এই আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ সৈতে যুঁজি পৰম ত্যাগ কৰা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

‘‘২৬/১১ ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ বৰ্ষপূৰ্তিত আমাৰ দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকললৈ মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ । জাতিয়ে তেওঁলোকৰ পৰম ত্যাগক কৃতজ্ঞতাৰে স্মৰণ কৰে । আহক আমি সন্ত্ৰাসবাদৰ সকলো প্ৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰোঁ । আহক, আমি সকলোৱে মিলি এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ সংকল্প লৈ প্ৰগতিৰ পথত আগবাঢ়ি যাওঁ’’ - সামাজিক মাধ্যম এক্সত ৰাষ্ট্ৰপতিগৰাকীয়ে বুধবাৰে পুৱা এনেদৰে পোষ্ট কৰে ৷

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আক্ৰমণটোত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ কয় যে সন্ত্ৰাসবাদৰ প্ৰতি মোদী চৰকাৰৰ শূন্য সহনশীলতাৰ নীতি স্পষ্ট । গৃহমন্ত্ৰী শ্বাহে পুনৰ কয়, ‘‘সমগ্ৰ বিশ্বই ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ শলাগ লৈ ব্যাপক সমৰ্থন আগবঢ়াইছে ।’’

মুম্বাইৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই শ্বাহে ইনষ্টাগ্ৰামত এক পোষ্টযোগে কয় যে সন্ত্ৰাসবাদ কেৱল এখন দেশৰ বাবেই নহয়, বৰং সমগ্ৰ মানৱ জাতিৰ বাবে অভিশাপ । আন এক বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে কয়, ‘‘২০০৮ চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীয়ে মুম্বাইত কাপুৰুষালিৰে আক্ৰমণ চলাই জঘন্য আৰু অমানৱীয় কাৰ্য সংঘটিত কৰিছিল ।’’

‘‘মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈ প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এই বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা সাধাৰণ নাগৰিকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদিছো ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী চৰকাৰৰ শূন্য সহনশীলতা নীতি স্পষ্ট আৰু সমগ্ৰ বিশ্বই ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ শলাগ লৈছে আৰু ব্যাপক সমৰ্থন আগবঢ়াইছে’’ - কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয় ৷

ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে দেশৰ জনতাৰ সুৰক্ষাৰ হকে চৰম ত্যাগ কৰা শ্বহীদসকলক পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে ৷ আপাৰ মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় চৌহদত শ্বহীদ স্মৃতিসৌধত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু ৰাজ্যিক মন্ত্ৰী আশীষ শ্বেলাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, য’ত শীৰ্ষ আৰক্ষী বিষয়াসকলো উপস্থিত থাকে ।

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা আৰক্ষীৰ পৰিয়ালৰ লোকসকলেও শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা অহা দহজনীয়া সন্ত্ৰাসবাদীৰ এটা দলে মুম্বাইৰ একাধিক স্থানত একেলগে আক্ৰমণ চলাইছিল । পাকিস্তানৰ মদদপুষ্ট সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT)ৰ সশস্ত্ৰ সদস্যসকলে সমুদ্ৰপথেৰে মুম্বাইত প্ৰৱেশ কৰি তাজমহল পেলেচ হোটেল, অবেৰয় ট্ৰাইডেণ্ট হোটেল, চি এছ টি ৰে’ল ষ্টেচন আৰু নৰিমন হাউচকে ধৰি কেইবাটাও কটকটীয়া নিৰাপত্তা বেষ্টনীৰে আবৃত অঞ্চলত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছিল ।

লগতে পঢ়ক: ২৬/১১ৰ ৰক্তাক্ত নিশা ২০ গৰাকী গৰ্ভৱতী মহিলাৰ জীৱন ৰক্ষা কৰা এগৰাকী সাহসী নাৰ্ছ