ETV Bharat / bharat

বু-বু-বা-বাবোৰ সঁচা নেকি ! যাদৱ পৰিয়ালত গণ্ডগোল, পত্নী অপৰ্ণাৰে বিবাহ বিচ্ছেদ ঘোষণা প্ৰতীকৰ

"এনে 'বেয়া আত্মা' মই কেতিয়াও দেখা নাই । অপৰ্ণাক বিয়া কৰোৱাটোৱে মোৰ দুৰ্ভাগ্য ।" সামাজিক মাধ্যমৰ পোষ্টত ক'লে প্ৰতীকে ৷

PRATIK YADAV APARNA YADAV
প্ৰতীকে পত্নী অপৰ্ণাক দিছে বিবাহ বিচ্ছেদৰ বাৰ্তা ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 19, 2026 at 8:53 PM IST

3 Min Read
Choose ETV Bharat

লক্ষ্ণৌ (উত্তৰ প্ৰদেশ) : সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মূলায়ম সিং যাদৱৰ কনিষ্ঠ পুত্ৰ প্ৰতীক যাদৱে তেওঁৰ পত্নী অপৰ্ণা যাদৱ (বিষ্ট)ৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে । ইনষ্টাগ্ৰামত এক আৱেগিক পোষ্টযোগে এই ঘোষণা কৰে প্ৰতীকে ।

এই পোষ্টত প্ৰতীকে অপৰ্ণা যাদৱক স্বাৰ্থপৰ মহিলা আখ্যা দি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে । শেহতীয়াকৈ এই পোষ্টটোৱে ছ’চিয়েল মিডিয়া আৰু ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে ।

প্ৰতীক যাদৱে নিজৰ পোষ্টত অপৰ্ণা যাদৱক A Family Destroyer বুলি অভিহিত কৰিছে । তেওঁ লিখিছে যে অপৰ্ণাই প্ৰতীকৰ পাৰিবাৰিক সম্পৰ্কবোৰ নষ্ট কৰি পেলাইছে আৰু সেয়ে প্ৰতীকে সম্পৰ্কটো যিমান সোনকালে পাৰে শেষ কৰিব বিচাৰে ।

তেওঁ অভিযোগ কৰে যে অপৰ্ণাই কেৱল খ্যাতি আৰু ক্ষমতা লাভৰ প্ৰতিহে আগ্ৰহী আৰু তেওঁৰ মানসিক অৱস্থাৰ প্ৰতি কোনো চিন্তা নাই । পোষ্টটোত প্ৰতীকে লগতে কয় যে তেওঁ কেতিয়াও এনে "বেয়া আত্মা" দেখা নাই । অপৰ্ণাক বিয়া কৰোৱাটোৱে তেওঁৰ দুৰ্ভাগ্য ।

PRATIK YADAV APARNA YADAV
প্ৰতীকে অপৰ্ণাক ক'লে 'Family Destroyer' (ANI)

ইফালে এই পোষ্টটোৱে ৰাজনৈতিক মহলত খলকনি তুলাৰ সময়তে অপৰ্ণা যাদৱৰ ব্য়ক্তিগত সহায়ক হিমাংশু ৰায়ে এক বিবৃতি প্ৰকাশ কৰে । তেওঁ কয় যে প্ৰতীকৰ একাউণ্ট হেক কৰা হৈছে । কোনোবাই এই পোষ্ট কৰিছিল, কিন্তু সেয়া সত্য নহয় । একাউণ্টটো ঘূৰাই আনিবলৈ কিছু সময় লাগিব ।

মন কৰিবলগীয়া যে, ২০১১ চনত প্ৰতীক যাদৱ আৰু অপৰ্ণা বিষ্টৰ বিবাহ হৈছিল । বিবাহৰ পিছত অপৰ্ণা যাদৱে ৰাজনীতিত সক্ৰিয় হৈ পৰিছিল আৰু ২০২২ চনত বিজেপিত যোগদান কৰিছিল । তেতিয়াৰ পৰাই যাদৱ পৰিয়ালৰ ভিতৰত কিছু খেলিমেলিৰ সৃষ্টি হৈছিল বুলি বহু সময়ত বিভিন্ন বু বু বা বা ওলাইছিল । ইয়াৰ পূৰ্বে অপৰ্ণা যাদৱে পৰিয়ালৰ ভিতৰত বৈষম্যৰ অভিযোগ উত্থাপন কৰি সময়ে সময়ে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱক ঠাট্টা-মস্কৰাও কৰিছিল ।

প্ৰতীক যাদৱৰ এই ইনষ্টাগ্ৰাম পোষ্টটো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে আৰু এই সম্পৰ্ক আনুষ্ঠানিকভাৱে শেষ হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । অৱশ্যে অপৰ্ণা যাদৱে এতিয়ালৈকে মুখ খোলা নাই ।

ই টিভি ভাৰতে এই সন্দৰ্ভত অপৰ্ণা যাদৱৰ মতামত জানিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিল । কিন্তু তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নাই । ইফালে তেওঁৰ এগৰাকী সহকৰ্মীৰ সৈতেও ই টিভি ভাৰতে যোগাযোগ কৰিছিল, কিন্তু তেৱোঁ এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে ।

অপৰ্ণা যাদৱে এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব বা পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হয় নে বিষয়টোৱে আইনী প্ৰক্ৰিয়ালৈ গতি কৰে সেয়াহে গুৰুত্বপূৰ্ণ হ’ব । এই বিবাদ কেৱল পাৰিবাৰিক বিষয় নহয়, ৰাজনৈতিকভাৱেও তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো ই পুনৰবাৰ যাদৱ পৰিয়ালৰ ভিতৰত আৰু উত্তৰ প্ৰদেশৰ ৰাজনীতিত এক উত্তেজনাৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : অনুপ্ৰৱেশকাৰীক কংগ্ৰেছৰ ৰঙা দলিচা ! মোদীয়ে কলিয়াবৰত মাৰিলে টিপা মহাৰাষ্ট্ৰ পালেগৈ শিপা