ETV Bharat / bharat

বিড়ম্বনা ! চৰকাৰে একাউণ্টত ১০ হাজাৰকৈ ভৰাই দি এতিয়া ঘূৰাই বিচাৰিছে নগেন্দ্ৰ-বলৰাম-ৰামসাগৰহঁতৰ পৰা

যাৰ পৰিয়ালত জীৱিকাৰ সৈতে কোনো মহিলাই জড়িত নহয়, তেওঁৰ একাউণ্টতো চৰকাৰী ধন সোমাইছিল ।

Mahila rojgar yojana money mistakenly received 10000 in men account of darbhanga refuse to return
চৰকাৰে ধন ঘূৰাই বিচৰা জাননী লাভ কৰাৰ পাছতে বিপাঙত পৰিছে হিতাধাৰীসকল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 16, 2025 at 7:07 PM IST

4 Min Read
Choose ETV Bharat

দৰভাংগা (বিহাৰ) : আপোনাৰো একাউণ্টত সোমাইছে নেকি চৰকাৰী ধন, যদিহে চৰকাৰী ধন সোমাইছে তেন্তে সেই ধন খৰচ কৰাৰ পূৰ্বে দহবাৰ চিন্তা কৰক । কাৰণ শেহতীয়াকৈ লাভ কৰা তথ্য মতে, চৰকাৰে প্ৰথমে ধন দি ৰাইজক ভালৰি লগাই পিছত, সেই ধন ঘূৰাই বিচাৰিছে ।

চৰকাৰে ধন ঘূৰাই বিচৰা জাননী লাভ কৰাৰ পাছতে বিপাঙত পৰিছে হিতাধাৰীসকল । আনহাতে, আন এক আশ্চৰ্যকৰ কথা হ'ল যে মহিলাৰ বাবে অহা টকা সোমাইছে বহু পুৰুষৰ একাউণ্টত । চৰকাৰৰ এই তথ্য পোহৰলৈ অহাৰ পাছতে চকু কপালত উঠিছে সধাৰণ ৰাইজৰ । অৱশ্যে এয়া অসমত হোৱা নাই । এই ঘটনা সংঘটিত হৈছে বিহাৰত ।

"মই বিশেষভাৱে সক্ষম ব্যক্তি । নিৰ্বাচনৰ পূৰ্বে মোৰ একাউণ্টত ১০ হাজাৰ টকা সোমাইছিল। চৰকাৰী আঁচনিৰ অধীনত পোৱা বুলি ভাবিছিলো, গতিকে সেই টকা মই খৰচ কৰিলো । এতিয়া টকা ঘূৰাই দিবলৈ জাননী আহি আছে । ক'ৰ পৰা ধন ঘূৰাই দিম এতিয়া ? চৰকাৰে এই বিষয়ে অলপ মন কৰক। " এয়া দৰভাংগাৰ নাগেন্দ্ৰ ৰামৰ ভাষ্য ।

mahila rojgar yojana money mistakenly received 10000 in men account of darbhanga refuse to return
অক্ষমতা প্ৰমাণপত্ৰ (ETV Bharat)

ক'ৰ পৰা পইচা দিম ?

নগেন্দ্ৰৰ দৰে বলৰাম সাহনীয়েও এক জাননী লাভ কৰিছে । তেওঁকো তেওঁৰ একাউণ্টলৈ অহা ১০ হাজাৰ টকা ঘূৰাই দিবলৈ কোৱা হৈছে । বলৰামে কয়, "ষঠ পূজাৰ আগতে একাউণ্টত টকা সোমাইছিল । গতিকে পূজাত খৰচ কৰিলো । মই ক'ৰ পৰা টকা দিম এতিয়া ? চৰকাৰে এই বিষয়ে অলপ মন কৰা উচিত; মোক হাৰাশাস্তি কৰা হৈছে ।"

আমাৰ হাতত টকা নাই, গতিকে আমি কেনেকৈ ঘূৰাই দিম ?

নগেন্দ্ৰ আৰু বলৰামৰ দৰে ৰামসাগৰ কুমাৰেও এই বিষয়ত দুখ প্ৰকাশ কৰিছে । দহ হাজাৰ টকা তেওঁৰ একাউণ্টলৈও ট্ৰেন্সফাৰ হৈছিল । সেয়ে তেওঁকো টকা ঘূৰাই দিবলৈ কোৱা হৈছে ।

তেওঁ কয়, "চৰকাৰে প্ৰথমে টকাখিনি দিয়ে আৰু তাৰ পিছত আমাক ঘূৰাই দিবলৈ কয় । এইটো কেনেকুৱা নিয়ম ? আমাৰ হাতত টকা নাই, গতিকে আমি কেনেকৈ ঘূৰাই দিম ?"

mahila rojgar yojana money mistakenly received 10000 in men account of darbhanga refuse to return
চৰকাৰী জাননী (ETV Bharat)

১০,০০০ টকা পুৰুষৰ একাউণ্টলৈ ট্ৰেন্সফাৰ :

বিহাৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগতে প্ৰায় ৭৫ লাখ মহিলাই মুখ্যমন্ত্ৰীৰ মহিলা নিয়োগ আঁচনিৰ অধীনত পোনপটীয়াকৈ ১০,০০০ টকাকৈ আত্মসংস্থাপনৰ বাবে লাভ কৰিছিল । অৱশ্যে দৰভাংঙা জিলাৰ জালে ব্লকৰ প্ৰজেক্ট মেনেজাৰে বিভাগটোলৈ লিখা এখন পত্ৰত এক নতুন তথ্য পোহৰলৈ আহিছে । এই ধনৰ বৃহৎ পৰিমাণ মহিলাৰ পৰিৱৰ্তে পুৰুষৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছিল, যিটো বিভাগে এতিয়া ঘূৰাই বিচাৰিছে ।

ৰিফাণ্ড লেটাৰ জাৰি :

আহিয়াৰী গাঁৱৰ কেইবাজনো পুৰুষ হিতাধিকাৰীক জীৱিকাৰ দ্বাৰা ৰিফাণ্ড লেটাৰ জাৰি কৰা হৈছে । এজন ব্যক্তি, যাৰ পৰিয়ালত জীৱিকাৰ সৈতে কোনো মহিলাই জড়িত নহয়, তেওঁৰ একাউণ্টতো চৰকাৰী ধন সোমাইছিল ।

বেছিভাগ পুৰুষ হিতাধিকাৰীয়ে কয়, "আমি ফৰ্মখন পূৰণ কৰা নাছিলো, টকাও বিচৰা নাছিলো । টকা আহিলে আমি খৰচ কৰিলো । এতিয়া ক'ৰ পৰা পাম ? আমাৰ আৰ্থিক অৱস্থা বেয়া, টকা ঘূৰাই দিবলৈ অক্ষম । চৰকাৰে এই ধনৰাশি ৰেহাই দিব লাগে ।"

এইটো বিশেষভাৱে সক্ষম লোকৰ প্ৰতি অন্যায় :

এই বিষয়ক লৈ ক্ষোভ প্ৰকাশ কৰে পঞ্চায়ত সমিতিৰ সদস্য লল্লন পাছৱানে । তেওঁ বিশেষভাৱে সক্ষম লোকৰ একাউণ্টলৈ ধন হস্তান্তৰ কৰা আৰু তাৰ পিছত তেওঁলোকক ঘূৰাই দিয়াৰ দাবী কৰাটো অন্যায় বুলি অভিহিত কৰে ।

লল্লন পাছৱানে কয়, "এয়া বিশেষভাৱে সক্ষম লোকৰ প্ৰতি অন্যায় । চৰকাৰে এই ধন মাফ কৰিব লাগিব, নহ'লে আমি প্ৰতিবাদ কৰিম ।"

আৰ জে ডিয়ে লক্ষ্য লৈছে :

এই বিষয়ত এটা পোষ্টত আৰ জে ডিয়ে লিখিছে যে বিহাৰৰ এন ডি এৰ নেতা আৰু বিষয়াসকলে ভোট ঘোচ দি ক্ষমতা অৰ্জন কৰিবলৈ ইমানেই উত্ৰাৱল হৈ আছিল যে তেওঁলোকে গ'মেই নাপালে কেনেকৈ ইমান ভয়ংকৰ ভুলটো হৈ গ'ল । তেওঁলোকে ইমানেই বেছি উত্ৰাৱল হৈ আছিল যে মহিলাৰ একাউণ্টৰ সলনি পুৰুষৰ একাউণ্টলৈ ১০,০০০ টকা পঠিয়াইছিল গ'মেই নাপালে ।

"এতিয়া দহ হাজাৰ টকা ঘূৰাই দিবলৈ পুৰুষলৈ প্ৰেমৰ চিঠি লিখা হৈছে । বিহাৰত ভোক, মুদ্ৰাস্ফীতি, প্ৰব্ৰজন, নিবনুৱা সমস্যা ইমানেই বেছি হৈছে যে এই হাজাৰ টকা জমা হোৱাৰ মুহূৰ্ততে খৰচ হৈ গ'ল । দুখীয়া মানুহে এই ঋণ ঘূৰাই নিদিয়ে । তেওঁলোকক প্ৰথমে ভোট ঘূৰাই দিব লাগিব ।" আৰ জে ডিয়ে কয় ৷

লগতে পঢ়ক : ওৰামক লগ ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী তুলিলে অগপৰ সাংসদে