ETV Bharat / bharat

অৰুণাচলৰ তেজুত ভূমিস্খলন, দুজন শ্ৰমিকৰ মৃত্যু, পাঁচজনক উদ্ধাৰ

অৰুণাচলৰ লোহিতপুৰত হোৱা ভূমিস্খলনৰ ফলত বিহাৰৰ দুজন শ্ৰমিকৰ মৃত্যু হোৱৰা তথ্য লাভ কৰা গৈছে ৷

Mudslide in Arunachal's Lohitpur
অৰুণাচলৰ তেজুত ভূমিস্খলন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 11:52 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : এইবাৰ অৰুণাচল প্ৰদেশত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, বুধবাৰে লোহিত জিলাৰ লোহিতপুৰত এই ভূমিস্খলনৰ ঘটনাটো সংঘটিত হৈছে, যাৰ ফলত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা গৈছে ।

আনহাতে, এই ভূমিস্খলনৰ ফলত মুঠ ছয়জন শ্ৰমিক মাটিৰ তলত আৱদ্ধ হৈ পৰে ৷ ইয়াৰে এজন শ্ৰমিকে নিজে মাটিৰ তলৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় ৷ কিন্তু বাকী পাঁচজনক ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ(SDRF), ভাৰতীয় সেনা, আৰক্ষী আৰু আন উদ্ধাৰকাৰী দলৰ যৌথ অভিযানত উদ্ধাৰ কৰা হয় ।

বুধবাৰে সংঘটিত এই ঘটনাত উদ্ধাৰ কৰা পাঁচজনৰ ভিতৰত দুজন শ্ৰমিকক অৱস্থা গুৰুতৰ আছিল ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োজন শ্ৰমিককে সেনাবাহিনীৰ এম্বুলেন্সযোগে তেজু জ'নেল জেনেৰেল হাস্পতাললৈ নিয়া হয় । কিন্তু চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে । লোহিত জিলাৰ জিলা গৱেষণা বিষয়া ডাঃ জনোমো ৰণ্ডোৱে এই তথ্য নিশ্চিত কৰিছে ।

তেওঁ উল্লেখ কৰা মতে, মৃত শ্ৰমিক দুজন হৈছে বিহাৰৰ ভাগলপুৰ জিলাৰ শিককুণ্ড গাঁৱৰ বাসিন্দা ২৬ বছৰীয়া ৰাহুল কুমাৰ আৰু ভাগলপুৰ জিলাৰ নৱগছিয়া, প্ৰতাপ নগৰৰ বাসিন্দা প্ৰায় ৩৩ বছৰীয়া বিপিন কুমাৰ । দুয়ো লোহিতপুৰত শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত আছিল ।

ৰাহুল কুমাৰক বুধবাৰে মাটিৰ তলৰ পৰা দুপৰীয়া প্ৰায় ২ বজাত উদ্ধাৰ কৰা হৈছিল আৰু সেই দিনাই আবেলি ৪:৩০ বজাত তেওঁক মৃত বুলি চিকিৎসকে ঘোষণা কৰে ৷ আনহাতে উক্ত দিনাই বিপিন কুমাৰক প্ৰায় ৩:২০ বজাত উদ্ধাৰ কৰা হয় আৰু আবেলি প্ৰায় ৫ বজাত চিকিৎসকে মৃত ঘোষণা কৰে ।

বৰ্তমান মৃতদেহ দুটা তেজু জ'নেল জেনেৰেল হাস্পতালৰ মৰ্গত ৰখা হৈছে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে দুটা অস্বাভাৱিক মৃত্যু (UD) গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে ৷ জিলা প্ৰশাসনে জনোৱা মতে, প্ৰতিকূল পৰিস্থিতিৰ মাজতো SDRF, সেনাবাহিনী, আৰক্ষী আৰু অন্যান্য সংস্থাৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ অভিযান সফলতাৰে সম্পন্ন হয় ।

উল্লেখ্য যে, উদ্ধাৰ অভিযানৰ সময়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া (DDMO), আৰক্ষী অধীক্ষক (SP), উপ-আৰক্ষী অধীক্ষক (DSP), চক্ৰ বিষয়া (CO), SDRF-ৰ জোৱান আৰু আন বিষয়াসকল ঘটনাস্থলীত উপস্থিত থাকি অভিযানৰ তদাৰক কৰে ।

লগতে পঢ়ক : ৰুষ্ট প্ৰকৃতি ! দিল্লী-মহাৰাষ্ট্ৰত ধাৰাসাৰ বৰষুণত অট্টালিকা খহি কেইবাজনো আহত