ETV Bharat / bharat

ডিব্ৰুগড় কাৰাগাৰেই স্থায়ী ঠিকনা হ'ব নেকি অমৃতপাল সিঙৰ ?

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তেওঁক পঞ্জাব কাৰাগাৰলৈ স্থানান্তৰিত কৰাত বাধা আৰোপ কৰিছে ।

MP Amritpal Singh will remain in Dibrugarh jail even after NSA ends says Punjab and Haryana High Court
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰেই স্থায়ী ঠিকনা হ'ব নেকি অমৃতপাল সিঙৰ ? (PTI)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 3:12 PM IST

2 Min Read
Choose ETV Bharat

চণ্ডীগড়: যোৱা তিনিবছৰ ধৰি অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা তথা সাংসদ অমৃতপাল সিঙৰ বিৰুদ্ধে আৰোপ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ম্যাদ অন্ত পৰাৰ দিশে আগবাঢ়িছে । ইয়াৰ পৰিপ্ৰেক্ষিতত অমৃতপালৰ সমৰ্থকসকলে সাংসদগৰাকীৰ পঞ্জাবলৈ প্ৰত্যাৱৰ্তনৰ বাবে উৎকণ্ঠিত হৈ আছে ।

কিন্তু পঞ্জাবলৈ উভতি যোৱাৰ বাটত বাধা আছে অমৃতপাল সিঙৰ, কাৰণ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তেওঁক পঞ্জাব কাৰাগাৰলৈ স্থানান্তৰিত কৰাত বাধা আৰোপ কৰিছে । যাৰ বাবে এন এছ এৰ ম্যাদ ওকলাৰ পিছতো সাংসদ অমৃতপাল সিং ডিব্ৰুগড় কাৰাগাৰতে থাকিব লাগিব ।

পঞ্জাব চৰকাৰৰ আৱেদন:

উল্লেখ্য যে পঞ্জাব চৰকাৰে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল কৰিছিল, য'ত সাংসদ অমৃতপাল সিঙক এম এছ এৰ ম্যাদ ওকলাৰ পিছতো আন এখন এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় কাৰাগাৰতে বন্দী কৰাৰ ৰখাৰ বাবে আৱেদন কৰিছিল । আজি অৰ্থাৎ ১৭ এপ্ৰিলত এই গোচৰটোৰ সন্দৰ্ভত মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সঞ্জীৱ বেৰীৰ বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হয় ।

'ৰাজ্যখনৰ বাবে সাংসদ বিপজ্জনক'-শুনানিৰ সময়ত চৰকাৰী অধিবক্তাই আদালতক জনাই, "অমৃতপাল সিঙৰ এন এছ এৰ ম্যাদ ২২ এপ্ৰিলত সমাপ্ত হ'ব । গোপন সূত্ৰৰ তথ্য অনুসৰি, অমৃতপাল সিঙে আইন-শৃংখলাৰ ব্যৱস্থাৰ প্ৰতি ভাবুকি আনিব পাৰে । সেয়ে আঞ্জালা ঘটনাৰ এজাহাৰৰ ভিত্তিত তেওঁক ডিব্ৰুগড় কাৰাগাৰতে বন্দী কৰি ৰাখিব লাগে ।"

কি কয় সাংসদগৰাকীৰ অধিবক্তাই:

সাংসদ অমৃতপাল সিঙৰ অধিবক্তাই কয়, "তেওঁৰ জামিন আদিৰ দৰে আইনী সাহায্য লাভ কৰাটো কঠিন হৈ পৰিছে । অমৃতপাল সিঙে তেওঁৰ বিৰুদ্ধে থকা সকলো গোচৰৰ মোকৰ্দমা একেলগে চলোৱাৰ বাবে আৱেদন কৰিছে ।"

লগতে পঢ়ক: ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত উত্তেজনা : জ্বলিছে বাহন, চলিছে গুলী

বলবৎ হ’ল মহিলা সংৰক্ষণ আইন ২০২৩, কংগ্ৰেছৰ মতে চৰকাৰৰ এয়া আচহুৱা কাৰ্য