মধ্যপ্ৰদেশত ৭৬৯ দিনত ৩২,৩৯৫ জনৰ চৰম সিদ্ধান্ত; সদনত প্ৰকাশ ভয়ংকৰ তথ্য
মধ্যপ্ৰদেশৰ বিধানসভাত প্ৰকাশ পাইছে এই এক ভয়ংকৰ তথ্য । বিফল ৰাজ্যখনৰ আনন্দ বিভাগ ।

Published : February 20, 2026 at 6:37 PM IST
ভূপাল (মধ্যপ্ৰদেশ) : আপুনি জানেনে কেনেকৈ মানসিক চাপমুক্ত হৈ থাকিব পাৰি আৰু কেনেকৈ সুখেৰে জীয়াই থাকিব পাৰি মধ্যপ্ৰদেশত তাৰ শিক্ষা দিয়া হয় । আনকি মধ্যপ্ৰদেশ চৰকাৰৰ এটা সুকীয়া বিভাগো আছে । যাৰ নাম আনন্দ বিভাগ । কিন্তু ইয়াৰ পাছতো ৰাজ্যখনৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য । শুনিলে আপুনিও আচৰিত হ'ব !
মধ্যপ্ৰদেশত প্ৰতিদিনে গড়ে ৪২ গৰাকী লোকে চৰম সিদ্ধান্ত লৈছে । যোৱা ৭৬৯ দিনত ৰাজ্যখনত ৩২,৩৯৫ গৰাকী লোকে ঋণ, নিবনুৱা সমস্যা, প্ৰেমত প্ৰতাৰণা আদি বিভিন্ন কাৰণত চৰম সিদ্ধান্ত লৈছে । সেইসকলৰ ভিতৰত ১২২৯ জনে কৃষক আৰু কৃষি শ্ৰমিক ।
৯৮৭ গৰাকী শিক্ষাৰ্থীয়ে লৈছে চৰম সিদ্ধান্ত
বিধানসভাত উন্মোচন হৈছে এই ভয়ংকৰ তথ্য । এক প্ৰশ্নৰ উত্তৰত চৰকাৰে এই চাঞ্চল্যকৰ পৰিসংখ্যা প্ৰকাশ কৰিছে । ২০২৩ চনৰ ১৩ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ২০ জানুৱাৰীৰ ভিতৰত ৰাজ্যখনত কিমান এনে ঘটনা সংঘটিত হৈছে সেই কথা বিধানসভাত কংগ্ৰেছৰ বিধায়ক ৰাজন মাণ্ডলয়ে চৰকাৰক প্ৰশ্ন কৰিছিল । তেওঁ জিলাভিত্তিক সবিশেষ আৰু এনে অপমৃত্যুৰ কাৰণ বিচাৰিছিল । মুখ্যমন্ত্রী ড৹ মোহন যাদৱে লিখিত উত্তৰত প্রকাশ কৰে যে ৰাজ্যখনত ২০২৩ চনৰ ১৩ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ২০ জানুৱাৰীৰ ভিতৰত ৭৬৯ দিনৰ ভিতৰত ৩২,৩৮৫ টা চৰম সিদ্ধান্তৰ ঘটনা সংঘটিত হৈছে ৷

যদি আমি এই পৰিসংখ্যা দৈনিক হিচাপে চাওঁ তেন্তে ৰাজ্যখনৰ ৪২ গৰাকী লোকে জীৱনৰ ওপৰত আশা এৰি দি প্ৰতিদিনে মৃত্যুক আকোৱালি লৈছে । সেইসকল লোকৰ ভিতৰত কৃষক আৰু কৃষি শ্ৰমিকো আছে । এই সময়ছোৱাত ৰাজ্যৰ ৫৬২ গৰাকী কৃষক আৰু ৬৬৭ গৰাকী কৃষি শ্ৰমিকে চৰম সিদ্ধান্ত লৈছে । অৱশ্যে খেতিৰ লোকচানৰ বাবে মাত্ৰ দুজন কৃষকে চৰম সিদ্ধান্ত লোৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও ৯৮৭ গৰাকী শিক্ষাৰ্থীয়েও চৰম সিদ্ধান্ত লৈছে ।
ভূপালত ১২৮৪ গৰাকী, ইন্দোৰত ১৭৯১ গৰাকী লোকৰ চৰম সিদ্ধান্ত
ভূপালৰ চহৰাঞ্চলত ১০৭৪ গৰাকী আৰু গ্ৰামাঞ্চলত ২১০ গৰাকী লোকে নিজকে শেষ কৰি দিছে । ইয়াৰ উপৰিও গোৱালিয়ৰত ৮৮৯ গৰাকী, শিৱপুৰীত ৬৮২ গৰাকী, শ্বেওপুৰত ৮২ গৰাকী, দতিয়াত ২৮৬, ইন্দোৰ গ্ৰাম্যত ৪৭৭ গৰাকী, ইন্দোৰ চহৰত ১৩১৪ গৰাকী, ধৰত ৯৯৪ গৰাকী, ঝাবুৱাত ৪১০ গৰাকী, আলিৰাজপুৰত ৫৬৮ গৰাকী, খাৰগণত ১০৩৯ গৰাকী, গুণাত ৫১৬ গৰাকী, অশোকনগৰত ২৯৫ গৰাকী, মূৰেণাত ৫৭০ গৰাকী, ভিন্দত ৫১০ গৰাকী, খাণ্ডৱাত ৫৯৮ গৰাকী, বড়ৱানীত ৭০২ গৰাকী, ৰাতলামত ৬৩২ গৰাকী, মন্দসৌৰত ৪৩০ গৰাকী, নীমচত ২৯৭ গৰাকী, জবলপুৰত ১১৯২ গৰাকী, কাটনিত ৫৩২ গৰাকী লোক চৰম সিদ্ধান্ত লোৱাৰ তথ্য প্ৰকাশ কৰিছে চৰকাৰে ।

ইয়াৰ উপৰিও চৰকাৰৰ তথ্য অনুসৰি নৰসিংহপুৰত ৬৪০, ছিণ্ডৱাৰাত ৮৪৩, বুৰহানপুৰত ৩০৮, উজ্জয়িনীত ৬৯৫, দেৱাসত ৬৮৪, ছাজাপুৰত ২৫৪, আগৰ মালৱাত ১২৫, পান্ধুৰ্ণাত ১৪৪, ছিয়নীত ৪৫৫, সাগৰত ১০৭৫, পান্নাত ৫৪৪, দামোহত ৫৫৮, ছটাৰপুৰত ৬৮১, মণ্ডালাত ৫৫৪, ডিন্দোৰীত ২৪৯, ৰেৱাত ৭৩২, মৌগঞ্জত ৫০, সতনাত ৮৩৮, মেহৰত ২৯৬, সিধিত ৮০৫, চিংৰৌলীত ৮০৮, শ্বাহদোলত ৬৫০, অনুপপুৰত ৪১১, উমৰীয়াত ৩৪৯, নৰ্মদাপুৰত ৬০৫ , হৰদাত ২১১, ৰাইচেনত ৮০৩ গৰাকী লোকে চৰম সিদ্ধান্ত লৈছে । ইয়াৰ উপৰিও এই তালিকাত আন জিলাসমূহো অন্তৰ্ভুক্ত আছে ।

কংগ্ৰেছৰ অভিযোগ- মৃত্যুৰ কাৰণ লুকুৱাই ৰখা হৈছে
লোকসকলৰ এনে সিদ্ধান্তৰ বিভিন্ন কাৰণ উল্লেখ কৰা হৈছে যেনে আৰ্থিক সমস্যা, অসুস্থতা, প্ৰেমৰ সম্পৰ্ক, পাৰিবাৰিক বিবাদ, হতাশা, নিবনুৱা সমস্যা আদি । ইফালে কংগ্ৰেছৰ বিধায়ক নীতেন্দ্ৰ সিং ৰাথোৰে কয়, "ৰাজ্যৰ এই চৰম সিদ্ধান্ত লোৱা ঘটনাৰ পৰিসংখ্যা চিন্তনীয় । প্ৰত্যাহ্বান আৰু অসুবিধাৰ বিৰুদ্ধে যুঁজিবলৈয়ে এই জীৱনটো । অৱশ্যে চৰকাৰে ইয়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত । মৃত্যু হোৱাসকলৰ ভিতৰত আছে ১২২৯ গৰাকী কৃষক আৰু কৃষি শ্ৰমিক । দুখৰ বিষয় যে ৰাজ্যৰ অন্নদাতাসকলেও মৃত্যুৰ পথ বাছনি কৰিছে ।"
লগতে পঢ়ক :মন্দিৰৰ প্ৰধান পুৰোহিতৰ মহিলাৰে লিভ-ইন সম্পৰ্ক, জন্ম হ'ল সন্তানো : উদ্বেগ উচ্চ ন্য়ায়ালয়ৰ

