ETV Bharat / bharat

ম’বাইল সংযোগ সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু ভাৰতী এয়াৰটেলৰ মাজত চুক্তি স্বাক্ষৰ

ভাৰতীয় সেনা আৰু ভাৰতী এয়াৰটেল প্ৰাইভেট লিমিটেডে অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ দূৰৱৰ্তী অঞ্চলসমূহত ম’বাইল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ উদ্দেশ্যে এক বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰিছে ।

MOBILE CONNECTIVITY
এতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী অঞ্চলসমূহত উপলব্ধ হ’ব ম’বাইল ফোনৰ সংযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 14, 2026 at 10:02 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: এতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী অঞ্চলসমূহত উপলব্ধ হ’ব ম’বাইল ফোনৰ সংযোগ । সীমান্তৰ দূৰ-দূৰণিত থকা নাগৰিকৰ সমান্তৰালভাৱে কৰ্তব্যৰত বিভিন্ন সুৰক্ষা বাহিনীৰ লোকৰ বাবেও সুলভ হৈ পৰিব ম’বাইল ফোনৰ দ্বাৰা কৰা বাৰ্তালাপ ।

দেশ গঠন আৰু সামৰিক-নাগৰিক সমন্বয়ৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰতীয় সেনা আৰু ভাৰতী এয়াৰটেল প্ৰাইভেট লিমিটেডে অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ দূৰৱৰ্তী অঞ্চলসমূহত ম’বাইল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ উদ্দেশ্যে এক বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰিছে ।

এই পদক্ষেপৰ জৰিয়তে দহ বছৰৰো অধিক সময় ধৰি যোগাযোগ ব্যৱস্থাৰ পৰা বঞ্চিত হৈ থকা বহু দূৰৱৰ্তী গাঁৱলৈ নিৰ্ভৰযোগ্য ম’বাইল সংযোগ আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে । দেশৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলসমূহত এই উদ্যোগে উন্নয়নৰ এক নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে ।

MOBILE CONNECTIVITY
ভাৰতীয় সেনা আৰু ভাৰতী এয়াৰটেলৰ মাজত চুক্তি স্বাক্ষৰ (ETV Bharat Assam)

ম’বাইল সংযোগৰ সুবিধা লাভ কৰাৰ ফলত স্থানীয় লোকসকলে চৰকাৰী সেৱা, ডিজিটেল শিক্ষা, স্বাস্থ্য সেৱা, বেংকিং আৰু বিত্তীয় অন্তৰ্ভুক্তি আদিৰ সুবিধা অধিক সহজে লাভ কৰিব । লগতে উন্নত যোগাযোগ ব্যৱস্থাই পৰ্যটন খণ্ডক উৎসাহিত কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নতো নতুন গতি আনিব ।

এই সন্দৰ্ভত প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে কয়, ‘‘ভাৰতীয় সেনা আৰু ভাৰতী এয়াৰটেলৰ এই অংশীদাৰিত্ব দূৰৱৰ্তী সীমান্ত অঞ্চলৰ বাসিন্দাসকলক উন্নত যোগাযোগ সুবিধাৰে সবল কৰি তোলাৰ এক যৌথ প্ৰচেষ্টা । নিৰ্ভৰযোগ্য ম’বাইল সংযোগে কেৱল উন্নয়ন আৰু সামাজিক অন্তৰ্ভুক্তিক ত্বৰান্বিত নকৰে, ই সীমান্ত অঞ্চলসমূহক মূলসুঁতিৰ সৈতে অধিক সুদৃঢ়ভাৱে সংযুক্ত কৰাতো সহায় কৰে । এই উদ্যোগে সামৰিক-নাগৰিক সমন্বয়ৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰে আৰু ‘বিকশিত ভাৰত @ ২০৪৭’ৰ দৃষ্টিভংগীৰ সৈতে সম্পূৰ্ণভাৱে সামঞ্জস্যপূৰ্ণ ।’’

ইয়াৰ পৰা স্থানীয় জনসাধাৰণৰ উপৰিও, উন্নীত যোগাযোগ ব্যৱস্থাই সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ জোৱানসকলৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব । উন্নত যোগাযোগ সুবিধাৰ ফলত অভিযান পৰিচালনা আৰু সমন্বয় অধিক সূচল হ’ব ।

সীমান্ত অঞ্চলসমূহত অত্যাধুনিক আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে উন্নয়নমূলক আৰু কৌশলগত লক্ষ্য পূৰণৰ ক্ষেত্ৰত সামৰিক আৰু অসামৰিক অংশীদাৰসকলৰ মাজৰ সমন্বয়ক এই উদ্যোগে পুনৰবাৰ উজ্জ্বলভাৱে প্ৰতিফলিত কৰিছে ।

লগতে পঢ়ক: পথৰ কাষৰ খাৱৈত বাগৰিল পিকআপ ভান, ৮ গৰাকী যাত্ৰীৰ মৃত্যু