ছুলুৰ এয়াৰ বেছত উইং কমাণ্ডাৰ নমাংশ শ্যালক অন্তিম শ্ৰদ্ধাঞ্জলি
ডুবাই এয়াৰ শ্ব'ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল উইং কমাণ্ডাৰ নমাংশ শ্যালৰ । বিশেষ বিমানেৰে ভাৰতলৈ অনা হৈছে নশ্বৰ দেহ ।

Published : November 23, 2025 at 12:18 PM IST
কয়ম্বটুৰ(তামিলনাডু) : ডুবাই এয়াৰ শ্ব'ৰ সময়ত এল চি এ তেজছ দুৰ্ঘটনাত নিহত উইং কমাণ্ডাৰ নমাংশ শ্যালৰ নশ্বৰ দেহ দেওবাৰে পুৱা কয়ম্বটুৰৰ ছুলুৰ এয়াৰ বেছলৈ অনা হয় । ভাৰতীয় বায়ুসেনাৰ বিষয়াগৰাকীৰ নশ্বৰ দেহ বিশেষ বিমানেৰে ভাৰতলৈ অনা হৈছিল । তেওঁৰ সাহস আৰু সেৱাৰ স্বীকৃতি স্বৰূপে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ প্ৰতিৰক্ষা বাহিনীয়েও আনুষ্ঠানিকভাৱে সন্মানৰ প্ৰদান কৰে ।
শুকুৰবাৰে ডুবাই এয়াৰ শ্ব' ২০২৫ত তেজছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ভাৰতীয় বায়ুসেনাৰ বিষয়াগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল । শনিবাৰে সংযুক্ত আৰব আমিৰশ্বাহীত থকা ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিট্টাল আৰু কনছুলেট জেনেৰেল সতীশ শিৱনে উইং কমাণ্ডাৰ নমাংশ শ্যালক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ইউ এ ইত থকা ভাৰতীয় দূতাবাসে এক্সৰ এটা পোষ্টত লিখিছে, "ৰাষ্ট্ৰদূত দীপক মিট্টাল আৰু চি জি সতীশ শিৱনে প্ৰয়াত উইং কমাণ্ডাৰ নমাংশ শ্যালক শ্ৰদ্ধাঞ্জলি জনাইছে । আই এ এফৰ এখন বিশেষ বিমানে তেওঁৰ নশ্বৰ দেহ জন্মভূমি ভাৰতলৈ লৈ যায় । আৰৱৰ প্ৰতিৰক্ষা বাহিনীয়ে ভাৰতীয় সাহসী জোৱানজনলৈ গাৰ্ড অৱ অনাৰেৰে সন্মান প্ৰদৰ্শন কৰে ।"
Ambassador Deepak Mittal and CG Satish Sivan paid their respects to Late Wing Commander Namansh Syal.
— India in UAE (@IndembAbuDhabi) November 22, 2025
A special IAF aircraft transported his mortal remains back to India.
The Emirati Defence Forces honoured the Indian braveheart with a ceremonial guard of honour. pic.twitter.com/iOz6msG8Zt
মৃত্যুৰ পিছত তেওঁ পত্নী, যি এগৰাকী ভাৰতীয় বায়ু সেনাৰ বিষয়া, ৬ বছৰীয়া কন্যা আৰু পিতৃ-মাতৃক এৰি থৈ যায় । ইফালে শ্যালৰ মৃত্যু খবৰ পোহৰলৈ অহাৰ লগে লগে তেওঁৰ জন্ম গাঁৱত শোকৰ ছাঁ পৰে । আত্মীয়, ওচৰ-চুবুৰীয়া আৰু স্থানীয় লোকসকলে দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে ।
শ্যালৰ গাঁৱৰ এজন বাসিন্দা মেহৰ চান্দে সংবাদ মাধ্যমক কয়, "এই দুৰ্ঘটনাৰ বিষয়ে জানি আমি সকলোৱে অতি দুখী । মানুহে তেওঁৰ ঘৰলৈ গৈ পৰিয়ালৰ খবৰ লৈছে আৰু আত্মা সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে । পৰিয়ালটো ইয়াত নাই, কিন্তু পৰিয়ালৰ আন সদস্যসকল ইয়াত আছে । তেওঁ আছিল গাঁৱৰ এজন প্ৰতিভাশালী সন্তান আৰু আমি তেওঁক লৈ গৌৰৱান্বিত ।"
আন এজন বাসিন্দা মদনে কয়, "আমি মানি ল'ব পৰা নাই যে ইমান সাহসী কোনোবা এজন আমাৰ লগত নাই । সমগ্ৰ গাঁও শোকস্তব্ধ হৈছে ।"
লগতে পঢ়ক :ডুবাই এয়াৰ শ্ব'ত দুৰ্ঘটনাত মৃত্যু হোৱা পাইলট নমাংশ শ্যাল কোন ?

