সমগ্ৰ ভাৰতত বাৰিষাৰ আগমন, বতৰ বিজ্ঞান কেন্দ্ৰৰ ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা জাৰি
আগন্তুক সপ্তাহটোত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ কেইবাখনো উপকূলীয় ৰাজ্যৰ লগতে মাছমৰীয়াসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কবাণী জাৰি কৰা হৈছে ৷

Published : July 3, 2026 at 10:55 PM IST
নতুন দিল্লী: সমগ্ৰ দেশতে এতিয়া বাৰিষাৰ আগমন ঘটিছে ৷ বিশেষকৈ দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত বাৰিষাৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে ৷ অৱশ্যে পশ্চিম ৰাজস্থানৰ একাংশ অঞ্চলতহে এতিয়াও বৰষুণ অহাৰ কোনো চিন-মোকাম দেখা নাই ।
উত্তৰ-পশ্চিম বংগোপ সাগৰৰ ওপৰত সতেজ নিম্নচাপৰ বাবে বাৰিষাৰ আগমন ক্ষীপ্ৰ হৈছে । যাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ(আইএমডি)ই আগন্তুক সপ্তাহত দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ আশংকা ব্যক্ত কৰিছে ৷ আনহাতে, একাংশ অঞ্চলত বান, ভূমিস্খলন, ধুমুহা আৰু সাগৰীয় ঢৌৰ লগতে জোৱাৰ অহাৰো সম্ভাৱনা জাৰি কৰিছে ৷
বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী অনুসৰি, পৰৱৰ্তী দুই-তিনিদিনত দক্ষিণ-পশ্চিম ভাৰতৰ ৰাজস্থান, গুজৰাট, হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ আৰব সাগৰৰ কিছু অংশত পৰিস্থিতি অনুকূল হৈ থাকিব ৷

বাৰিষাৰ আগমন, প্ৰায় সমগ্ৰ দেশতে পৰিব প্ৰভাৱ
আইএমডিয়ে কয় যে পৰৱৰ্তী দুই-তিনিদিনত দক্ষিণ-পশ্চিম ভাৰতৰ ৰাজস্থান, গুজৰাট, হাৰিয়ানা আৰু পঞ্জাৱৰ বাকী অংশত বাৰিষাৰ বৰষুণ হ’ব ৷ তাৰপিছতে সমগ্ৰ দেশতে বাৰিষাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷
বতৰ বিজ্ঞানীসকলে কয় যে এই বৰষুণৰ ফলত ভূমিভাগৰ আৰ্দ্ৰতা বৃদ্ধি পাব আৰু খাৰিফ শস্য সিঁচাৰ ক্ষেত্ৰত ই সহায়ক হ’ব । কিন্তু কিছুমান অঞ্চলত নেৰানেপেৰাকৈ হ’বলগীয়া বৰষুণেও বান, ভূমিস্খলন, শস্যৰ ক্ষতিৰ সম্ভাৱনাও বৃদ্ধি কৰিব ৷
বাৰিষাই সম্প্ৰতি পোৰবন্দৰ, বল্লভ বিদ্যানগৰ, নীমুচ, টংক, ভিৱানী আৰু ভটিন্দাৰ দৰে অঞ্চলসমূহক স্পৰ্শ কৰাৰ ফলত পশ্চিম ৰাজস্থানৰ এটা সৰু অংশতহে ইয়াৰ প্ৰভাৱ পৰিছে ৷ বতৰৰ পৰিস্থিতি অধিক অনুকূল হৈ পৰাৰ লগে লগে আগন্তুক দিনসমূহত বাকী থকা অঞ্চলসমূহত বাৰিষাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷

বতৰ বিজ্ঞান কেন্দ্ৰয়ো এই সময়ছোৱাত কেইবাখনো ৰাজ্যত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে । ইতিমধ্যে যথেষ্ট পৰিমাণে বৰষুণ হোৱা অঞ্চলসমূহত বান, পানী জমা হোৱা আৰু ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে ৷ বিশেষকৈ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু পশ্চিম ঘাটৰ পাহাৰীয়া অঞ্চলসমূহত এনে পৰিস্থিতি হোৱা দেখা যায় । যাৰ বাবে জনসাধাৰণক সজাগ হৈ থাকিবলৈ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা পৰামৰ্শসমূহ মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ।
বৰষুণ হৈ থকাৰ পিছতো কিয় এতিয়াও গৰম আৰু আৰ্দ্ৰ ?
যদিও বাৰিষাৰ প্ৰভাৱ ভাৰতৰ দক্ষিণ-পশ্চিম অঞ্চলত পৰিছে, তাৰপিছতো কিন্তু একাধিক অঞ্চলত তাপমাত্ৰা অধিক হোৱাৰ লগতে আৰ্দ্ৰতা অব্যাহত আছে । পৰিৱেশবিদ হিচমী হুছেইনৰ মতে, কেৱল বৰষুণেই সদায় তাপমাত্ৰা হ্ৰাস নকৰে ৷ কিয়নো বতৰৰ ক্ষেত্ৰত আৰ্দ্ৰতাই উল্লেখযোগ্য ভূমিকা পালন কৰে ।
দক্ষিণ-পশ্চিম বাৰিষাই আৰব সাগৰ আৰু বংগোপ সাগৰৰ পৰা আৰ্দ্ৰতা কঢ়িয়ায় । প্ৰায়ে বৰষুণৰ শেষ হোৱাৰ কিছু সময়ৰ পিছতে সূৰ্য ওলাই আৰু তিতা মাটি গৰম কৰি বাষ্পীভৱন বৃদ্ধি কৰে । ইয়াৰোপৰি ডাৱৰীয়া নিশাবোৰত ভূমিপৃষ্ঠত তাপ আবদ্ধ হৈ থাকে ৷ ফলস্বৰূপে তাপমাত্ৰা হ্ৰাস নাপায় আৰু আৰ্দ্ৰ আৰু অস্বস্তিকৰ অনুভৱ হয় ।
সমগ্ৰ ভাৰতত বতৰৰ সতৰ্কবাণী
বৃহস্পতিবাৰে ৰাজধানী দিল্লীত হোৱা বৰষুণৰ পিছতে আইএমডিয়ে আগন্তুক কেইদিনমানৰ ভিতৰত সমগ্ৰ উত্তৰ-পশ্চিম ভাৰতত বতৰৰ কাৰ্যকলাপ বৃদ্ধিৰ পূৰ্বাভাস প্ৰকাশ কৰিছে । দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশত নেৰানেপেৰা বৰষুণৰ লগতে ধুমুহা, বজ্ৰপাত আৰু ঘণ্টাত প্ৰায় ৪০–৬০ কিলোমিটাৰ প্ৰচণ্ড বতাহ বলাৰ সম্ভাৱনা জাৰি কৰা হৈছে ।

নাইনিতাল আৰু বাগেশ্বৰৰ দৰে পাহাৰীয়া জিলাসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা জাৰি কৰি বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ উত্তৰাখণ্ডতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । সপ্তাহৰ শেষৰফালে ৰাজস্থানতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷
চলিত সপ্তাহত এই অঞ্চলত বৰষুণৰ মাত্ৰা যথেষ্ট প্ৰবল হোৱাৰ সম্ভাৱনা আছে । মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু বিদৰ্ভত প্ৰবল বৃষ্টিপাতৰ পৰা অতিমাত্ৰা বৰষুণ হোৱাৰ পূৰ্বাভাস জাৰি কৰা হৈছে ৷ বিশেষকৈ ৩-৪ জুলাইত পশ্চিম মধ্যপ্ৰদেশৰ কিছু অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আগন্তুক কেইদিনমানৰ ভিতৰত পূব মধ্যপ্ৰদেশতো প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে ৷ লগতে সমগ্ৰ অঞ্চলটোত ধুমুহা অহাৰ লগতে প্ৰচণ্ড বেগত বতাহ বলিব । নিম্নভূমি আৰু বান অধ্যুষিত এলেকাৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ বিষয়াসকলে পৰামৰ্শ দিছে ।
আনহাতে, সমগ্ৰ পূব ভাৰতত বৰষুণৰ মাত্ৰা তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে । তাৰ ভিতৰত ওড়িশাত সৰ্বাধিক মাত্ৰাত বৰষুণ হ’ব পাৰে ৷ আইএমডিয়ে ৩-৪ জুলাইত ৰাজ্যখনৰ একাধিক অঞ্চলত ধাৰাসাৰ বৃষ্টিপাতৰ পূৰ্বাভাস জাৰি কৰিছে ৷ চলিত সপ্তাহত সমগ্ৰ গংগা সমভূমি, যেনে - পশ্চিমবংগ, ঝাৰখণ্ড আৰু বিহাৰকে ধৰি হিমালয়ৰ পাদদেশত থকা পশ্চিমবংগৰ একাধিক অঞ্চলৰ লগতে ছিকিমতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । উত্তৰ-পশ্চিম বংগোপ সাগৰৰ সমীপত চাপৰ মাত্ৰা অধিক তীব্ৰতৰ হ’ব পাৰে ৷ যাৰ ফলত পৰৱৰ্তী কেইটামান দিনলৈকে সমগ্ৰ পূব আৰু মধ্য ভাৰতত বৰষুণ অব্যাহত থাকিব ৷

আগন্তুক সপ্তাহত সমগ্ৰ উত্তৰ-পূব ভাৰতত ধাৰাবাহিকভাৱে বৰষুণ অব্যাহত থাকিব ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী দিছে ৷ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অবিৰতভাৱে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ বতৰৰ বিধি-পথালিৰ ফলত ৰাজ্যসমূহত বান পৰিস্থিতিৰ লগতে ভূমিস্খলনৰ দৰে সমস্যাই দেখা দিব পাৰে বুলি কেন্দ্ৰটোৱে সতৰ্কতা জাৰি কৰিছে ৷
আনহাতে, পশ্চিম ভাৰততো বাৰিষাৰ প্ৰভাৱ স্পষ্ট পৰিলক্ষিত হোৱাৰ সম্ভাৱনা আছে । সমগ্ৰ গুজৰাট, কংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্ৰৰ লগতে সৌৰাষ্ট্ৰ আৰু কচ্চত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ ৩-৫ জুলাইত একাংশ অঞ্চলত প্ৰবল বৰষুণ হ’ব ৷ সমান্তৰালকৈ ধুমুহা-বতাহ বলাৰো সম্ভাৱনা আছে ৷
দক্ষিণ ভাৰততো বতৰৰ একে প্ৰভাৱ দেখিবলৈ পোৱা যাব ৷ আগন্তুক সপ্তাহত সমগ্ৰ কেৰালা, উপকূলীয় আৰু কৰ্ণাটকৰ ভিতৰুৱা কেইবাটাও অঞ্চল, তেলেংগানা, অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, তামিলনাডু, পুডুচেৰী আৰু ৰায়ালাসীমাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । কেৰালা আৰু কৰ্ণাটকত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকাৰ বিপৰীতে আন কেইবাটাও অঞ্চলত ধুমুহা-বতাহ বলাৰ সম্ভাৱনা আছে ।
সাগৰত মাছ মৰাৰ পৰা বিৰত থাকিবলৈ মাছমৰীয়াসকলক আহ্বান
আইএমডিয়ে মাছমৰীয়াসকলৰ বাবেও সতৰ্কবাণী জাৰি কৰিছে ৷ গুজৰাট, কংকন, গোৱা, কৰ্ণাটক আৰু কেৰালাৰ উপকূলৰ লগতে লক্ষদ্বীপ অঞ্চলৰ উপকূলৰ আৰব সাগৰত প্ৰচণ্ড বতাহ আৰু সামুদ্ৰিক ঢৌৰ বাবে মাছমৰীয়াসকলক সাগৰত নাযাবলৈ পৰামৰ্শ দিছে ৷

বংগোপ সাগৰৰ কেইবাটাও অঞ্চলৰ বাবেও একেধৰণৰ সতৰ্কবাণী জাৰি কৰা হৈছে ৷ ওড়িশা, অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, পশ্চিমবংগকে ধৰি কেইবাটাও অঞ্চলত পৰৱৰ্তী কেইদিনমানৰ ভিতৰত প্ৰচণ্ড বতাহ বলাৰ সম্ভাৱনা আছে । ঘণ্টাত ৪৫-৫৫ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ লগতে ঘণ্টাত ৬৫ কিলোমিটাৰ পৰ্যন্ত বেগত ধুমুহা বতাহ বলাৰ সম্ভাৱনা আছে ৷ যাৰ বাবে মাছ মাৰিবলৈ গ’লে বিপদ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷
বতৰ বিজ্ঞান কেন্দ্ৰই মাছমৰীয়াসকলৰ লগতে উপকূলীয় অঞ্চলৰ বাসিন্দা আৰু সামুদ্ৰিক কাম-কাজৰ সৈতে জড়িত লোকসকলক বতৰৰ সতৰ্কবাণী কঠোৰভাৱে মানি চলিবলৈ আৰু পৰিস্থিতি উন্নতি নোহোৱালৈকে সাগৰত প্ৰৱেশ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।
এই বৰষুণে গৰমৰ পৰা দেশবাসীক সকাহ দিয়াৰ লগতে কৃষিকাৰ্যত সহায় কৰিব বুলি আশা কৰা হৈছে ৷ অৱশ্যে বান, ভূমিস্খলন, ধুমুহা আৰু বতৰৰ সৈতে জড়িত অন্যান্য বিপদৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰই পৰামৰ্শ দিছে ।
লগতে পঢ়ক: গুজৰাটত ওলাইছে শ শ হালধীয়া ভেকুলী: ৰাইজৰ মাজত তীব্ৰ কৌতূহল

