প্ৰাক্তন প্ৰেমিকৰ ছুৰিকাঘাত!!! পঞ্জাৱৰ ম'হালিত চাঞ্চল্য়কৰ ঘটনা
দুয়োৱে 'পেকাৰ্ছ এণ্ড মুভাৰ্ছ' কোম্পানীত প্ৰায় তিনি বছৰ ধৰি একেলগে কাম কৰিছিল । তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলিও জানিব পৰা গৈছে ।

Published : June 5, 2026 at 8:11 PM IST
মোহালী: মোহালীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । চহৰখনৰ এটা ব্যক্তিগত কোম্পানীৰ কাৰ্যালয়ত এগৰাকী যুৱতীক ছুৰিকাঘাত কৰি হত্যা ৷ হত্যাত অভিযুক্তই এটা সময়ত একেটা কোম্পানীতে কাম কৰিছিল আৰু যুৱতীগৰাকী তেওঁৰ চিনাকি বুলি জানিব পৰা গৈছে । চিচি টিভিৰ ফুটেজত অভিযুক্তই যুৱতীগৰাকীক আক্ৰমণৰ দৃশ্য বন্দী হৈছে ।
আনহাতে, ঘটনাটো সংঘটিত কৰাৰ পিছতে অভিযুক্তয়ো আত্মহত্যাৰ চেষ্টাও কৰে । দুয়োকে ফৰ্টিছ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে যুৱতীগৰাকীক মৃত ঘোষণা কৰে । ইফালে অভিযুক্তৰ অৱস্থা সংকটজনক হৈ আছে । আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

নিহত যুৱতীগৰাকী আৰু হত্যাত অভিযুক্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে । যুৱতীগৰাকীক পাটিয়ালাৰ বাসিন্দা ডিম্পল বুলি চিনাক্ত কৰাৰ বিপৰীতে অভিযুক্তক হৰজিন্দৰ মান ওৰফে হেৰী বুলি চিনাক্ত কৰা হৈছে । দুয়োৱে 'পেকাৰ্ছ এণ্ড মুভাৰ্ছ' কোম্পানীত প্ৰায় তিনি বছৰ ধৰি একেলগে কাম কৰিছিল । তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলিও জানিব পৰা গৈছে । কিন্তু দুয়োৰে মাজত সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছত মতানৈক্যৰ সৃষ্টি হয় ।
ঘটনাটো সন্দৰ্ভত তথ্য প্ৰদান কৰি ডিএছপি হৰচিমৰণ সিং বালে কয়, "কালি সন্ধিয়া ১১২ নম্বৰত আমালৈ এটা ফোন আহে । তাৰ পিছত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে । দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয় । তাত ডিম্পলৰ মৃত্যু হয় আৰু অভিযুক্ত হৰজিন্দৰ সিং হেৰীৰ অৱস্থা সংকটজনক ।"
তেওঁ লগতে কয়, "প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, দুয়োৱেই পাটিয়ালাৰ বাসিন্দা আৰু দুয়োৰে মাজত দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল । কিন্তু পিছত বিচ্ছেদ ঘটে । ইয়াৰ পিছতে দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হয় । ইয়াৰ বাবেই অভিযুক্ত হেৰীয়ে এই ঘটনা সংঘটিত কৰে । প্ৰায় ২৫ বাৰ ছুৰীৰে আঘাত কৰি অভিযুক্তই যুৱতীগৰাকী হত্যা কৰিছিল । আৰক্ষীয়ে এই ঘটনাৰ তদন্ত গুৰুত্বসহকাৰে অব্যাহত ৰাখিছে । ইতিমধ্যে নিহত ডিম্পলৰ পিতৃ-মাতৃ আহিছে আৰু তেওঁলোকৰ বক্তব্য লোৱা হৈছে । কিন্তু অভিযুক্ত হেৰীৰ পিতৃ-মাতৃ বিদেশত থাকে বাবে তেওঁলোকৰ কোনো অহা নাই।"
আনহাতে, তদন্তৰ সময়ত পোহৰলৈ আহিছে যে দুয়োৱে একেলগে কাম কৰি থকাৰ সময়ত বন্ধুত্ব গঢ়ি উঠিছিল । সময়ৰ লগে লগে এই বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰ হয় আৰু দুয়োৱে এক সম্পৰ্কত সোমাই পৰে ।
কিন্তু কিছুদিন পূৰ্বে দুয়োৰে মাজৰ সম্পৰ্কৰ বিচ্ছেদ হয় । তথ্য অনুসৰি, ইয়াৰ পিছতে হৰজিন্দৰে মানসিক বিষাদত ভুগিবলৈ আৰম্ভ কৰে । তেওঁ ডিম্পলৰ সৈতে পুনৰ সংযোগ স্থাপনৰ চেষ্টা চলাই যদিও সফল নহ’ল । ইয়াৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া অভিযুক্তই কোম্পানীটোৰ কাৰ্যালয়ত উপস্থিত হয় আৰু ডিম্পলৰ সৈতে কোনো এটা বিষয়ত কাজিয়াত লিপ্ত হয় । কৰ্মচাৰীসকলে জনোৱা মতে, কিছু সময় ধৰি দুয়োৰে মাজত তৰ্ক-বিতৰ্ক চলি থাকে ।
এনেদৰে তৰ্কাতৰ্কি কৰি থকাৰ সময়তে হৰবিন্দৰে লুকুৱাই লৈ যোৱা ছুৰী এখন উলিয়াই ডিম্পলক আক্ৰমণ কৰে । এনেদৰে হঠাৎ আক্ৰমণৰ ফলত কাৰ্যালয়ত উপস্থিত থকা আন কৰ্মচাৰীসকল আতংকিত হৈ পৰে আৰু মুহূৰ্ততে হুৱাদুৱা লাগি পৰে । আনহাতে, প্ৰেমিকাক গুৰুতৰভাৱে আহত কৰাৰ পিছত অভিযুক্তয়ো আত্মহত্যাৰ চেষ্টা কৰে । অৱশ্যে তাত সফল নহ'ল আৰু গুৰুতৰভাৱে আহত হয় ।
ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে দুয়োকে মোহালীৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হয় । তাত চিকিৎসকে ডিম্পলক মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে হৰজিন্দৰৰ চিকিৎসা অব্যাহত আছে ।
এই হত্যাকাণ্ডৰ সমগ্ৰ ঘটনাটো কোম্পানীটোত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে । পিছফালৰ পৰা আহি অভিযুক্তই কেনেকৈ কাম কৰি থকা অৱস্থাত যুৱতীগৰাকীক ছুৰীৰে আঘাত কৰি হত্যা কৰে সেয়া স্পষ্টকৈ দেখা গৈছে । কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীয়ে তেওঁক বচাবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও অভিযুক্তই লৰচৰ কৰা নাছিল । ইয়াৰ পিছত তেৱোঁ নিজৰ ডিঙিত ছুৰীৰে আঘাত কৰি আত্মহত্যাৰ চেষ্টা কৰে । আৰক্ষীয়ে চিচিটিভি ফুটেজ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ।
থানা ফেজ-১১ৰ আৰক্ষী বিষয়া অমন বাইদৱানৰ পৰা ফোনযোগে পোৱা তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭.৪০ বজাত আৰক্ষীয়ে এই তথ্য লাভ কৰে । ইয়াৰ পিছত লগে লগে আৰক্ষী আৰু ফৰেনছিক দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় আৰু তেওঁলোকে গুৰুত্বপূৰ্ণ সকলো প্ৰমাণ সংগ্ৰহ কৰে । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, মৃতকৰ পৰিয়ালক এই বিষয়ে অৱগত কৰা হৈছে ।
তেওঁলোক মোহলীত উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ বিবৃতি লিপিবদ্ধ কৰি অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই । অভিযুক্ত আৰু মৃতকৰ মাজৰ সম্পৰ্ক, বিচ্ছেদৰ পিছৰ পৰিস্থিতি আৰু অন্যান্য দিশসমূহৰ কথা মনত ৰাখি এক সম্যক তদন্ত চলোৱা হৈছে ।

