ETV Bharat / bharat

আঁচনি আৰু আইনৰ নাম সলনি কৰাত মোদী চৰকাৰ বিশেষজ্ঞ : জয়ৰাম ৰমেশ

শেহতীয়াকৈ মোদী চৰকাৰে MGNREGA-ৰ নাম সলনি কৰাত ক্ষুব্ধ হৈ পৰিছে বহু কংগ্ৰেছী ।

Congress MP Jairam Ramesh on MGNREGA renaming
মোদী চৰকাৰক কটাক্ষ সাংসদ জয়ৰাম ৰমেশৰ (ANI)
author img

By ANI

Published : December 13, 2025 at 4:57 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চয়তা আইন (MGNREGA)ক “পূজ্য বাপু গ্ৰামীণ ৰোজগাৰ যোজনা” নামেৰে নামকৰণ কৰা হৈছে । যাক লৈ শনিবাৰে কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে ভাৰতীয় জনতা পাৰ্টী (BJP)ক কটাক্ষ কৰে । ‘মহাত্মা গান্ধী’ নামটোৰ সৈতে তেওঁলোকৰ কি সমস্যা আছে বুলিও প্ৰশ্ন উত্থাপন কৰে ।

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক বাৰ্তালাপত জয়ৰাম ৰমেশে কয়, "প্ৰধানমন্ত্ৰী মোদী চৰকাৰ আঁচনি আৰু আইনৰ নাম সলনি কৰাত বিশেষজ্ঞ; কোনেও ইয়াৰ তুলনা কৰিব নোৱাৰে । নিৰ্মল ভাৰত অভিযানৰ নাম সলনি কৰি স্বচ্ছ ভাৰত অভিযান আৰু গ্ৰাম্য এল পি জি বিতৰণ কাৰ্যসূচীৰ নাম সলনি কৰি উজ্জ্বলা কৰিলে ৷ পেকেজিং, ব্ৰেণ্ডিং, নামকৰণৰ ক্ষেত্ৰত তেওঁলোক বিশেষজ্ঞ । আশ্চৰ্যজনকভাৱে পণ্ডিত নেহৰুক ঘৃণা কৰিলেও মহাত্মা গান্ধীকো ঘৃণা কৰা যেন লাগে । মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন ২০০৫ চনৰ পৰা প্ৰযোজ্য হৈ আছে ৷ আৰু এতিয়া আপোনালোকে ইয়াৰ নাম সলনি কৰি পূজ্য বাপু নিয়োগ নিশ্চয়তা আঁচনি কৰি লৈছে ?"

আনহাতে, কংগ্ৰেছ সাংসদ প্ৰমোদ তিৱাৰীয়েও চৰকাৰক সমালোচনা কৰি মহাত্মা গান্ধীৰ নাম আঁচনিৰ পৰা আঁতৰোৱাৰ ক্ষেত্ৰত আপত্তি দৰ্শায় । লগতে তেওঁ অভিযোগ কৰি কয় যে বিজেপি চৰকাৰৰ মহাত্মা গান্ধীৰ প্ৰতি ঘৃণা আৰু বিতৃষ্ণা আৰু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীক হত্যা কৰা হিন্দু জাতীয়তাবাদী নাথুৰাম গডছেৰ প্ৰতি গভীৰ প্ৰশংসা আছে ।

তেওঁ কয়, "মই নাজানো কিয় বিজেপিৰ মহাত্মা গান্ধীৰ প্ৰতি ইমান ভয়, ঘৃণা আৰু বিতৃষ্ণা আৰু গডছেৰ প্ৰতি প্ৰেম ৷ গান্ধীক বিজেপিয়ে ভয় কৰে ৷ তেওঁলোকে ইয়াৰ (MGNREGA) নাম সলনি কৰি বাপু কৰি লৈছে । একাংশ সাধুৱে নিজকে বাপু বুলি কয়...।"

উল্লেখ্য যে, MGNREGA হৈছে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ এক নিয়োগ আঁচনি, যিয়ে প্ৰতিটো গ্ৰাম্য পৰিয়ালক যিসকলৰ প্ৰাপ্তবয়স্ক সদস্যই অদক্ষ কামৰ বাবে স্বেচ্ছাসেৱক হিচাপে কাম কৰে, তেওঁলোকক বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ নিশ্চিত মজুৰিৰ নিয়োগ প্ৰদান কৰে ।

১৮ বছৰ বা তাতকৈ অধিক বয়সৰ আৰু কোনো গ্ৰাম্য অঞ্চলত বাস কৰা যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে । আবেদনকাৰীয়ে আবেদনৰ তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত নিশ্চিত নিয়োগ লাভ কৰে ।

মজুৰি পোনপটীয়াকৈ আবেদনকাৰীৰ বেংক একাউণ্ট / ডাকঘৰৰ একাউণ্টত জমা কৰা হয় । এসপ্তাহৰ ভিতৰত বা সৰ্বাধিক পোন্ধৰ দিনৰ ভিতৰত মজুৰি দিয়া হয় । পুৰুষ আৰু মহিলাক সমান দৰমহা দিয়া হয় । MGNREGA ই এশ শতাংশ নগৰীয়া জনসংখ্যা থকা জিলাসমূহৰ বাহিৰে সমগ্ৰ দেশকে সামৰি লৈছে ।

লগতে পঢ়ক : সংসদ আক্ৰমণৰ ২৪ বছৰ: শ্বহীদ বীৰসকললৈ শ্ৰদ্ধাঞ্জলি উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, সাংসদসকলৰ