ETV Bharat / bharat

দেশজুৰি নিৰুদ্দেশ হৈছে হাজাৰ হাজাৰ শিশু-কিশোৰ: ব্যতিক্ৰম মাথো মিজোৰাম

অসমৰ ২৮৮০টি শিশু-কিশোৰ ক'ত হেৰাল? সৰ্বাধিক নিৰুদ্দেশৰ ঘটনা পশ্চিমবংগত ৷

MISSING CHILDREN OF INDIA AT A GLANCE
প্ৰতিনিধিত্বমূলক ফটো (File photo- ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 26, 2026 at 4:50 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ’ চমুকৈ এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ভয়াৱহ তথ্য ৷ হত্যা, ঘৰুৱা হিংসা, যৌন নিৰ্যাতন, ধৰ্ষণ তথা নাৰীজনিত অপৰাধৰ ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰি থকা সবিশেষ প্ৰতিবেদন এনচিআৰবিত প্ৰকাশ হৈছে ৷ আপোনালোকে জানেনে ২০২৪ ৰ প্ৰতিবেদন অনুসৰি অসম তথা উত্তৰ-পূবত কিমান সংখ্যক শিশু-কিশোৰ অপহৰণৰ চিকাৰ বা নিৰুদ্দেশ হৈছে ?

শিশু তথা কিশোৰ নিৰুদ্দেশ হোৱাৰ ঘটনা এক চিন্তনীয় বিষয় ৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা কেতবোৰ ঘটনাৰ খবৰে আমাক দুঃচিন্তাৰ মাজলৈ ঠেলি দিয়ে ৷ কেতিয়াবা পাৰ্কত, কেতিয়াবা স্কুল-বজাৰ বা ফুৰিবলৈ যাওঁতে সন্তানৰ অপহৰণ বা নিৰুদ্দেশৰ ঘটনা সংঘটিত হয় ৷ ২০২৪ বৰ্ষটোত ভাৰতবৰ্ষত কিমান এনেকুৱা ঘটনা সংঘটিত হৈছে সেই সম্পৰ্কত আমাৰ এই প্ৰতিবেদন ৷

আপুনি জানি আচৰিত হ’ব, ২০২৪ চনত ভাৰতৰ পৰা মুঠ ১৪৭১৭৫ গৰাকী শিশু-কিশোৰ নিৰুদ্দেশ হৈছে ৷ নিৰুদ্দেশ হোৱা শিশুবোৰ সকলো ১৮ বছৰৰ তলৰ ৷ এনচিআৰবিৰ প্ৰতিবেদনত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷

1) শেহতীয়া তথ্য অনুসৰি সমগ্ৰ দেশতে বৰ্তমান কিমান শিশু (১৮ বছৰৰ তলৰ) নিৰুদ্দেশ হৈছে ?

2024 চনৰ এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি, ভাৰতত মুঠ ১৪৭১৭৫ গৰাকী শিশু-কৈশোৰ নিৰুদ্দেশ হৈছে ৷ নিৰুদ্দেশ হোৱা শিশুসকল ১৮ বছৰৰ তলৰ ৷ ইয়াৰে ভিতৰত ল’ৰাৰ সংখ্যা ৩৫৮৯৫জন, ছোৱালী ১১১২৭১জনী আৰু তৃতীয় লিংগৰ শিশু ৯টা ৷

ল’ৰাছোৱালী তৃতীয় লিংগৰ শিশুমুঠ
35895111271 9147175

2) নিৰুদ্দেশ হোৱা সকলো ল'ৰা-ছোৱালীৰ ভিতৰত কিমান ল'ৰা আৰু কিমান ছোৱালী আছে ?

2024 চনৰ এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি মুঠ 147175 টা শিশু সন্ধানহীন হৈছে । ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা মুঠ 134820 টা শিশু নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে । ইয়াৰ ভিতৰত আছে 32127 জন ল’ৰা, 1,02686 গৰাকী ছোৱালী আৰু 7 জন তৃতীয় লিংগৰ শিশু ।

ইয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা মুঠ 12,355 টা শিশু নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা গৈছে । ইয়াৰ ভিতৰত আছে 3768 জন ল’ৰা, 8585 গৰাকী ছোৱালী আৰু 2 টা তৃতীয় লিংগৰ শিশু ৷

এনচিআৰবিৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, ল’ৰা আৰু তৃতীয় লিংগৰ শিশুৰ তুলনাত নিৰুদ্দেশ হোৱা ছোৱালী শিশুৰ সংখ্যাই অধিক ৷ আৰক্ষী থানাতো ছোৱালী শিশু সন্ধানহীন হোৱা গোচৰৰ সংখ্যা আধিক ৷

3) শেহতীয়া তথ্য অনুসৰি ৰাজ্য অনুসৰি নিৰুদ্দেশ হোৱা শিশুৰ সংখ্যা ক’ত, কিমান, জানো আহক...

ৰাজ্য নিৰুদ্দেশ হোৱা শিশুৰ সংখ্যা
অন্ধ্ৰ প্ৰদেশ4968
অৰুণাচল প্ৰদেশ 52
অসম2880
বিহাৰ13314
ছত্তীশগড়6491
গোৱা58
গুজৰাট1995
হাৰিয়ানা4926
হিমাচল প্ৰদেশ482
ঝাৰখণ্ড1042
কৰ্ণাটক 2350
কেৰালা2452
মধ্যপ্ৰদেশ19131
মহাৰাষ্ট্ৰ5540
মণিপুৰ85
মেঘালয়105
মিজোৰাম0
নাগালেণ্ড29
ওড়িশা13495
পঞ্জাব3131
ৰাজস্থান8597
ছিকিম19
তামিলনাডু10057
তেলেংগানা2712
ত্ৰিপুৰা281
উত্তৰ প্ৰদেশ6484
উত্তৰাখণ্ড1402
পশ্চিমবংগ22742

উপৰোক্ত তালিকাৰ পৰা জানিব পৰা মতে, সৰ্বাধিক শিশু নিৰুদ্দেশ হোৱা ৰাজ্যখন হৈছে পশ্চিমবংগ ৷ 2024 বৰ্ষত এনচিআৰবিৰ প্ৰতিবেদনত লাভ কৰা তথ্য মতে, 2024 ত পশ্চিমবংগত নিৰুদ্দেশ হোৱা সংখ্যা 22742 টা ।

কম শিশু নিৰুদ্দেশ হোৱা ৰাজ্যখন হৈছে ছিকিম ৷ 2024 ত ছিকিমত নিৰুদ্দেশ হোৱা শিশুৰ সংখ্যা 19 টা । এইবোৰৰ মাজতে এই প্ৰতিবেদনত এক ভাল খবৰ পোহৰলৈ আহিছে ৷ সেয়া হৈছে উত্তৰ-পূবৰ সাতভনী ৰাজ্যৰ অন্যতম মিজোৰামৰ ক্ষেত্ৰত ৷ 2024 ৰ তথ্য মতে, মিজোৰামত কোনো শিশু নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা নাই ।

4) কোন ৰাজ্যত কিমান ল'ৰা আৰু কিমান ছোৱালী নিৰুদ্দেশ হৈছে ?

ৰাজ্যল’ৰা ছোৱালী তৃতীয় লিংগ
অন্ধ্ৰ প্ৰদেশ126637020
অৰুণাচল প্ৰদেশ 6460
অসম64422342
বিহাৰ2567107470
ছত্তীশগড়111953720
গোৱা23350
গুজৰাট51114840
হাৰিয়ানা166532610
হিমাচল প্ৰদেশ1003820
ঝাৰখণ্ড4036390
কৰ্ণাটক118411660
কেৰালা124412080
মধ্য প্ৰদেশ3849152820
মহাৰাষ্ট্ৰ237231653
মণিপুৰ44410
মেঘালয়37680
মিজোৰাম000
নাগালেণ্ড9200
ওড়িশা1573119220
পঞ্জাব103720940
ৰাজস্থান150670910
ছিকিম6130
তামিলনাডু299170651
তেলেংগানা146912421
ত্ৰিপুৰা482330
উত্তৰ প্ৰদেশ234141430
উত্তৰাখণ্ড4219810
পশ্চিমবংগ3692190500

ওপৰৰ তালিকা অনুসৰি সৰ্বাধিক শিশু নিৰুদ্দেশ হোৱা ৰাজ্যখন হৈছে পশ্চিম বংগ ৷ বিগত সময়ছোৱাত ৰাজ্যখনৰ পৰা নিৰুদ্দেশ হোৱা মুঠ 22,742 টা শিশুৰ ভিতৰত ল’ৰা আৰু ছোৱালীৰ সংখ্যা ক্ৰমে 3692 জন আৰু 19050 গৰাকী ৷

2024 ৰ এন চি আৰ বিৰ প্ৰতিবেদন মতে, মধ্যপ্ৰদেশত সৰ্বাধিক ল’ৰা নিৰুদ্দেশ হৈছে, যাৰ সংখ্যা 3849 জন ৷ ইফালে পশ্চিমবংগত ল’ৰাতকৈ নিৰুদ্দেশ হোৱা ছোৱালীৰ সংখ্যাহে সৰ্বাধিক, যাৰ সংখ্যা 19050 গৰাকী ৷ ইয়াৰ বিপৰীতে আন ৰাজ্যৰ তুলনাত মহাৰাষ্ট্ৰত তৃতীয় লিংগৰ শিশু বেছিকৈ নিৰুদ্দেশ হৈছে, নিৰুদ্দেশ হোৱা শিশুৰ সংখ্যা 3 টা ৷

5) শিশু-কৈশোৰ নিৰুদ্দেশ হোৱাৰ মূল কাৰণ কি, প্ৰতি বছৰে কিমান শিশু নিৰুদ্দেশ হৈ আছে ?

NHRC কমিটীৰ প্ৰতিবেদন অনুসৰি, বিভিন্ন কাৰণবসত বহু শিশু নিৰুদ্দেশ হৈছে ৷ ইয়াৰে ভিতৰত মূল কিছু কাৰণ হ’ল -

  • পৰিয়ালৰ সদস্যৰ দ্বাৰা অপহৰণ
  • অচিনাকি ব্যক্তিৰ দ্বাৰা অপহৰণ
  • কিছু শিশুৱে নিজেই ঘৰৰ পৰা পলাই যায় নাইবা কেতিয়াবা পৰিয়াল আৰু বিভিন্ন কাৰণৰ বাবে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পলাই যাবলৈ বাধ্য হয়
  • কিছু শিশুৱে অবন্ধুত্বপূৰ্ণ (unfriendly) আৰু শত্ৰুতাপূৰ্ণ পৰিৱেশৰ সন্মুখীন হয় আৰু ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়
  • মাক-দেউতাক নোহোৱা হৈ গ’লেও পৰিয়ালৰ হেঁচাত কিছু শিশু ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ পৰে
  • কিছু শিশুৰ সৰবৰাহকাৰীৰ কৱলত পৰে
  • ঘৰুৱা পৰিৱেশৰ পৰা অতিস্ত হৈ ল’ৰা-ছোৱালী পলাই যায় আৰু নিৰুদ্দেশ হৈ পৰে... ইত্যাদি ৷

ইয়াৰ উপৰিও কিছু কিছু ক্ষেত্ৰত দেখা যায়, কোনো পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নহ’লে অসাধু চক্ৰই তাৰে সুযোগ গ্ৰহণ কৰে ৷ উক্ত পৰিয়ালৰ নিৰ্দিষ্ট শিশুটিক কোনো ভাল কৰ্মত নিয়োজিত বা ভালদৰে পঢ়া-শুনা কৰাব বুলি ঘৰৰ পৰা আঁতৰলৈ লৈ যায় ৷ শেষত যৌনকৰ্মী হিচাপে বা কেতিয়াবা আনৰ ঘৰ, হোটেল, ৰেস্তোৰাঁ বা আন স্থানত ঘৰুৱা সহায়ক বা শিশু শ্ৰমিক হিচাপে কামত লগায় ৷ যিটো অত্যন্ত ভয়ংকৰ হিচাবে পৰিগণিত হৈছে ৷

6) 2020-2024 ৰ ভিতৰত নিৰুদ্দেশ হোৱা শিশু-কৈশোৰৰ বছৰ ভিত্তিক বিশ্লেষণ -

চননিৰুদ্দেশ হোৱা শিশুৰ মুঠ গোচৰউদ্ধাৰ হোৱা শিশুউদ্ধাৰ হোৱা শিশুৰ হাৰমানৱ সৰৱৰাহকাৰী
গোচৰগ্ৰেপ্তাৰ
ল’ৰাছোৱালী মুঠ ল’ৰাছোৱালী মুঠ ল’ৰাছোৱালী মুঠ ল’ৰাছোৱালী মুঠ
2020289767923310823415832487176457354.661.559.7137784522224966
2021312249011312135117845589807682757.265.563.31570130728775755
202233759940791278742025460281805616064.1631819105928785864
202331262255590686855915528330558546088649.75553.11670101526876024
20243589511127114717523902749199882666.667.367.1138491322975904

(উৎস :

https://www.ncrb.gov.in/crime-in-india-year-wise.html?year=2024&keyword=

https://nhrc.nic.in/assets/uploads/minute_of_meeting/1751364506_a56bf3825871a20c27fc.pdf

https://www.ncrb.gov.in/uploads/2022/July/11/custom/crime-in-india/table-15.1-2020.pdf

NCRB reports from 2020 to 2024.)

লগতে পঢ়ক : অসমত নিম্নগামী অপৰাধ: এনচিআৰবিৰ প্ৰতিবেদনে কি কয় ?

লগতে পঢ়ক : NCRB-ৰ এক ভয়াৱহ তথ্য; শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধত দেশৰ ভিতৰত পঞ্চম স্থানত অসম

লগতে পঢ়ক : ২০২৪ বৰ্ষত অসমত কিমানজন লোকৰ দুৰ্ঘটনাত মৃত্যু ঘটিছে; ২০২২-২৩ বৰ্ষৰ তুলনাত কিমান বৃদ্ধি ?