ETV Bharat / bharat

নিৰুদ্দেশ হোৱা নাওৰ সন্ধান ওলাল: ৯ টা মৃতদেহ উদ্ধাৰ, এতিয়াও নিৰুদ্দেশ ৬ মাছমৰীয়া

২ জুলাইত সাগৰত মাছ ধৰিবলৈ ওলাই যোৱা ১৫ জন মাছমৰীয়া নিৰুদ্দেশ হৈ আছিল ৷

Missing Bengal Trawler Recovered With Nine Bodies; Six Fishermen Still Untraced
মাছ ধৰিবলৈ সাগৰলৈ যোৱা সময়তে ১৫ জন মাছমৰীয়া নিৰুদ্দেশ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 4:43 PM IST

4 Min Read
Choose ETV Bharat

কলকাতা: প্ৰায় দহদিন পূৰ্বে মাছ ধৰিবলৈ সাগৰলৈ যোৱা সময়তে ১৫ জন মাছমৰীয়া নিৰুদ্দেশ হৈছিল ৷ এই ঘটনাৰ দহ দিনৰ পাছত নিৰুদ্দেশ হোৱা "জয় মা কালী" নামৰ নাওখন পশ্চিমবংগৰ কাকদ্বীপৰ সমীপত উদ্ধাৰ হৈছে । এই নাওখনৰ ভিতৰৰ পৰা ৯টা মৃতদেহ উদ্ধাৰ হৈছে । এতিয়াও বাকী ছয়জন মাছমৰীয়া নিৰুদ্দেশ হৈ আছে ৷ যুদ্ধকালিনভাৱে অনুসন্ধান অভিযান চলি আছে ।

জানিব পৰা মতে, ২ জুলাইত ১৫ জন মাছমৰীয়াই মাজ সাগৰত মাছ ধৰিবলৈ ওলাই গৈছিল ৷ সেই তেতিয়াৰে পৰা আটাইকেইজন লোক নিৰুদ্দেশ হৈ আছিল ৷ ব্যাপক অনুসন্ধান অভিযান চলোৱাৰ পাছতো বৰ্তমান পৰ্যন্ত ছয়জন মাছমৰীয়াৰ নিৰুদ্দেশ হৈ আছে ৷ নিৰুদ্দেশ হোৱা মাছমৰীয়াৰ ভিতৰত তিনিজন হৈছে ওড়িশাৰ বালাসোৰ জিলাৰ ভোগৰাই ব্লকৰ উলুডা গাঁৱৰ লোক ।

Missing Fishing Trawler Jai Maa Kali Found from Kakdwip
নিৰুদ্দেশ হোৱা "জয় মা কালী" নামৰ নাওখন পশ্চিমবংগৰ কাকদ্বীপৰ সমীপত উদ্ধাৰ (ETV Bharat)

একেটা পৰিয়ালৰ তিনি ভাতৃ ক্ৰমে - জয়ৰাম মাঝি, ৰবীন্দ্ৰ মাঝি আৰু জগন্নাথ মাঝি এতিয়াও নিৰুদ্দেশ হৈ আছে ৷ যোৱা ২ জুলাইত আন মাছমৰীয়াৰ সৈতে নাওখনত উঠি মাজ সাগৰত মাছ ধৰাৰ বাবে পশ্চিমবংগৰ শংকৰপুৰ বিলৰ পৰা ওলাই গৈছিল । ৫ জুলাইৰ পাছত নাওখনৰ সৈতে সকলো যোগাযোগ হেৰাই গৈছিল । ইয়াৰ পাছত পৰিয়ালসমূহৰ মাজত উদ্বিগ্নতা বাঢ়ি আহিছিল । পত্নী, সন্তান, পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন প্ৰতিদিনে বন্দৰলৈ গৈ আপোনজনৰ খবৰ ল’বলৈ চেষ্টা কৰিছিল ৷ কিন্তু সদায় বিমুখ হৈ উভতি আহিব লগাত পৰিছিল ৷ লাহে লাহে যিমানে দিন বাঢ়ি গৈছিল, সিমানেই আটায়েৰে মাজত উৎকণ্ঠা বৃদ্ধি পাইছিল ৷

Missing Fishing Trawler Jai Maa Kali Found from Kakdwip
নিৰুদ্দেশ হোৱা "জয় মা কালী" নামৰ নাওখন পশ্চিমবংগৰ কাকদ্বীপৰ সমীপত উদ্ধাৰ (ETV Bharat)

শেহতীয়া খবৰ অনুসৰি, মাজ সাগৰত এতিয়াও উদ্ধাৰ অভিযান চলি আছে । নিৰুদ্দেশ হোৱা আন মাছমৰীয়াসকলৰ সন্ধান উলিয়াবলৈ বিষয়া আৰু স্থানীয় প্ৰশাসনে একেলগে কাম কৰি আছে । শনিবাৰৰ পৰা সুন্দৰবন বাঘ সংৰক্ষিত বনাঞ্চলৰ উপ-ক্ষেত্ৰ সঞ্চালক চিত্ৰক ভট্টাচাৰ্যৰ নেতৃত্বত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । ৰামগংগা ৰেঞ্জৰ বনকৰ্মচাৰী, সুন্দৰবন আৰক্ষী আৰু স্থানীয় মাছমৰীয়াৰ সহায়ত দেওবাৰে বিয়লি দক্ষিণ ২৪ পৰগনাৰ বক্খালীৰ উপকূলৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত বাঘেৰচৰ অঞ্চলৰ চুলাকাঠি বনাঞ্চলৰ সমীপত উলটি যোৱা নাওখন উদ্ধাৰ হয় ।

উদ্ধাৰ কৰাৰ পাছতেই আন এখন নাৱৰ সহায়ত ক্ষতিগ্ৰস্ত নাওখন টানি পথাৰপ্ৰতিমাৰ গোবৰ্ধনপুৰৰ সীতাৰামপুৰ ঘাটলৈ লৈ যোৱা হয় । তাৰ পাছতে নাওখনৰ ভিতৰৰ অংশত অনুসন্ধান আৰম্ভ কৰা হয় ৷ নিশা নাওখনৰ ইঞ্জিনৰ ওচৰত আবদ্ধ হৈ থকা এজন মাছমৰীয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

Missing Fishing Trawler Jai Maa Kali Found from Kakdwip
মাছ ধৰিবলৈ সাগৰলৈ যোৱা ১৫ জন মাছমৰীয়া নিৰুদ্দেশ (ETV Bharat)

ইয়াৰে পাছত ট্ৰলাৰৰ ভিতৰৰ পানী পাম্প কৰি উলিয়াবলৈ ধৰাৰ লগে লগে ইটোৰ পিছত সিটোকৈ কেবাটাও মৃতদেহ উদ্ধাৰ কৰা হয় । প্ৰথম অৱস্থাত পাঁচটা মৃতদেহ উদ্ধাৰ হয় ৷ পিছত আৰু চাৰিটা মৃতদেহ উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা এই মৃতদেহৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে ।

আশংকা কৰা হৈছে যে উদ্ধাৰ হোৱা নাওখনৰ ভিতৰত বা দুৰ্ঘটনাস্থলীৰ ওচৰত অধিক মৃতদেহ থাকিব পাৰে । সেয়ে জাহাজখনৰ প্ৰতিটো অংশ ভালদৰে পৰিদৰ্শন কৰা হৈছে । ইফালে, নিৰুদ্দেশ হৈ থকা বাকী ছয়জন মাছমৰীয়াক বিচাৰি উলিয়াবলৈ ক’ষ্ট গাৰ্ড, বন বিভাগ আৰু সুন্দৰবন আৰক্ষীৰ যৌথ অনুসন্ধান অব্যাহত আছে ।

Missing Fishing Trawler Jai Maa Kali Found from Kakdwip
মাছ ধৰিবলৈ সাগৰলৈ যোৱা ১৫ জন মাছমৰীয়া নিৰুদ্দেশ (ETV Bharat)

বংগৰ সুন্দৰবন উন্নয়ন মন্ত্ৰী দীপাংকৰ জেনাই কয়, “মৃত মাছমৰীয়াসকলৰ পৰিয়ালৰ সৈতে ৰাজ্য চৰকাৰ আছে ৷ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব । লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ চেক অতি সোনকালে বিতৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক আবেদন জনায় ।’’

লগতে পঢ়ক : মাদুৰাইত চৰকাৰী আৰু ব্যক্তিগত বাছৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত ৬, আহত ৪১

লগতে পঢ়ক : ছিমলাৰ ৰাজপথত প্ৰৱেশ কৰিয়েই ব্ৰিটিছ পৰ্যটকে ভৰিলে জৰিমনা