পশ্চিমবংগৰ পৰা প্ৰব্ৰজিত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ অসমৰ গোৱালপাৰাত
অৰুণাচল প্ৰদেশত শ্ৰমিক হিচাপে কৰ্মৰত পশ্চিমবংগৰ হিমাংকৰ পাল (৩৫)ৰ মৃতদেহ উদ্ধাৰ অসমৰ গোৱালপাৰা অঞ্চলৰ এটা ৰে'লপথৰ কাষত ।

Published : January 20, 2026 at 9:19 PM IST
কোচ বিহাৰ : এক চাঞ্চল্যকৰ ঘটনা । প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত পশ্চিমবংগ । জানিব পৰা মতে, পশ্চিমবংগৰ এজন প্ৰব্ৰজিত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে অসমৰ গোৱালপাৰাত । গোৱালপাৰাৰ এটা ৰে’ল লাইনৰ সমীপত উদ্ধাৰ হয় শ্ৰমিকজনৰ মৃতদেহ । এই ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে পশ্চিমবংগৰ সীতালকুছিত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।
স্থানীয় সূত্ৰ অনুসৰি, মৃত লোকজনৰ নাম হিমাংকৰ পাল (৩৫)। তেওঁৰ ঘৰ পশ্চিমবংগৰ শীতলকুছি ব্লকৰ কুৰ্ষামাৰী গাঁৱত । তেওঁক হত্যা কৰি মৃতদেহটো অসমৰ গোৱালপাৰাৰ গাতে লাগি থকা এটা অঞ্চলৰ ৰে’ল লাইনৰ কাষতে পেলাই দিয়াৰ অভিযোগ কৰিছে পৰিয়ালে । সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে । স্থানীয় ৰাইজৰ মাজতো এক ক্ষোভৰ সৃষ্টি হৈছে ।
মৃত লোকজনৰ পৰিয়ালৰ সূত্ৰ অনুসৰি, শীতলকুছিৰ বাসিন্দা হিমাংকৰ পালে ইয়াৰ পূৰ্বেও অৰুণাচল প্ৰদেশত দীৰ্ঘদিন ধৰি শ্ৰমিক হিচাপে কাম কৰিছিল । অৱশ্যে এইবাৰ তাত উপযুক্ত কাম বিচাৰি নোপোৱাৰ বাবে ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয় । ঘৰলৈ ফোন কৰি ঘূৰি আহিব বুলি জনাইছিল হিমাংকৰই । তাৰ পিছত হিমাংকৰই বাছত উঠি কোচ বিহাৰলৈ ৰাওনাও হৈছিল ।
অভিযোগ অনুসৰি, উভতি অহাৰ পথত হিমাংকৰ আৰু বাছ চালকজনৰ লগত কিবা বিষয়ত কাজিয়া হৈছিল । ইয়াৰ পিছতে তেওঁক পৰিকল্পিতভাৱে মাৰপিট কৰি ৰে’লপথত পেলাই দিয়া হয় বুলি পৰিয়ালে দাবী কৰে । সোমবাৰে নিশা হিমাংকৰ মৃতদেহ নিজ ঘৰলৈ অনা হয় ।

হিমাংকৰ ভাতৃ মাণিক পালে কয়, "হিমাংকৰৰ মৃতদেহত আঘাতৰ চিন আছে আৰু সমগ্ৰ ঘটনাটো সন্দেহজনক । এজাহাৰ দাখিল কৰিবলৈ মই অসমৰ স্থানীয় থানালৈ গৈছিলো, য'ত মোৰ ভাইটিৰ মৃতদেহ উদ্ধাৰ হৈছিল । কিন্তু আৰক্ষীয়ে কোনো অভিযোগ গ্ৰহণ নকৰিলে ।"
ইফালে এই খবৰ পোৱাৰ লগে লগে পশ্চিমবংগৰ তৃণমূলৰ প্ৰাক্তন সাংসদ তথা উত্তৰ বংগ ৰাজ্যিক পৰিবহণ নিগমৰ বৰ্তমানৰ অধ্যক্ষ পাৰ্থপ্ৰতিম ৰায় মৃতকৰ ঘৰলৈ যায় । তেওঁ কয়, "৩৫ বছৰীয়া প্ৰব্ৰজিত শ্ৰমিকজন অৰুণাচল প্ৰদেশৰ পৰা বাছেৰে উভতি আহিছিল । তেওঁৰ মৃতদেহটো অসমৰ গোৱালপাৰাত উদ্ধাৰ কৰা হৈছে । পৰিয়ালে দাবী কৰিছে যে তেওঁক হত্যা কৰা হৈছে । তেওঁ উভতি অহা গাড়ীখনৰ চালকৰ সৈতে তেওঁৰ কথা-বতৰা হৈছিল, আনকি ধনৰ লেনদেনও হৈছিল । পিছত পৰিয়ালটোৱে গম পাইছিল যে তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে ।"
পাৰ্থপ্ৰতিম ৰয়ে লগতে কয়, "বিজেপি শাসিত ৰাজ্যসমূহত বংগৰ পৰা প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত বাৰে বাৰে আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । আমি এই বিষয়ে দলৰ শীৰ্ষ নেতৃত্বক অৱগত কৰিছো ।"
যদিও হিমাংকৰ পালৰ পৰিয়ালে পশ্চিমবংগৰ থানাত কোনো অভিযোগ দাখিল কৰা নাই, তথাপিও কোচ বিহাৰ জিলা আৰক্ষীৰ এজন বিষয়াই এই সমগ্ৰ বিষয়টোৰ তদন্ত চলি থকা বুলি জানিবলৈ দিয়ে । বিজেপিৰ কোচ বিহাৰ জিলা সম্পাদক বিৰাজ বসুৱে কয় যে যুৱকজনৰ মৃত্যু কেনেকৈ হ’ল, সেই কথা নজনাকৈ বিজেপিৰ নামত এনে অভিযোগ উত্থাপন কৰাটো উচিত নহয় ।
প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ মুৰ্ছিদাবাদ জিলাৰ এজন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছিল পশ্চিমবংগৰ বেলডাংগা । ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত ৰেলপথ অৱৰোধ কৰা হয় ।
আনকি দুজন সাংবাদিক আৰু দুজন ফটো সাংবাদিকক একেৰাহে দুদিন ধৰি প্ৰহাৰ আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন হৈছিল । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল । এই ঘটনাৰ লগত জড়িত কেইবাজনো লোককো গ্ৰেপ্তাৰ কৰা হৈছে ।

