ETV Bharat / bharat

কাশ্মীৰ বিষয়ত পাকিস্তানেৰে আলোচনাত বহিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান মেহবুবা মুফতিৰ

জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনাই পাক অধিকৃত কাশ্মীৰত শান্তি আছে বুলি দাবী কৰে ।

Mehbooba Mufti
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 6:24 PM IST

3 Min Read
Choose ETV Bharat

শ্ৰীনগৰ: জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাশ্মীৰ উপত্যকাৰ শান্তি পুনৰুদ্ধাৰৰ বাবে পাকিস্তানৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনায় । শ্ৰীনগৰৰ শ্বেৰী-কাশ্মীৰ পাৰ্কত অনুষ্ঠিত দলীয় অনুষ্ঠানত ভাষণ দি মুফতিয়ে কয় যে ২০১৯ চনৰ পিছত জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ মাজত শংকা আৰু ক্ষোভৰ সৃষ্টি হৈছিল ।

‘‘২০১৯ চনৰ পিছত আপুনি জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ মাজত ভয়ৰ সৃষ্টি কৰি দমন কৰিছে । তেওঁলোকে ভয়, আতংকত জীয়াই আছে । কিন্তু যেতিয়া এই ভয় বাঢ়ি যায় তেতিয়া ই খং আৰু ঘৃণালৈ ৰূপান্তৰিত হয় । যিখন দেশৰ প্ৰতি আমাৰ হৃদয়ত প্ৰেম আছে, আমি সেইখন দেশক ঘৃণা কৰাটো আপুনি বিচাৰেনে ? নিশ্চয় নিবিচাৰে । গতিকে যিসকল বন্দীৰ বিৰুদ্ধে কোনো প্ৰমাণিত গোচৰ নাই তেওঁলোকক মুকলি কৰি দিয়ক । ঈদ উল আজহাৰ আগতেই তেওঁলোকক মুকলি কৰি দিয়ক ।’’ মুফতিয়ে কয় ৷

শ্ৰীনগৰৰ বাটামালুৰ টেটু গ্ৰাউণ্ডৰ পৰা নিৰাপত্তা বাহিনীৰ শিবিৰটো প্ৰত্যাহাৰ কৰিব লাগিব আৰু ইয়াক “ডিজনীলেণ্ড”লৈ উন্নীত কৰিব লাগে বুলিও দাবী কৰে মুফতিয়ে ৷ ‘‘শ্রীনগৰ চহৰৰ আমাৰ মাতৃ-ভগ্নীসকলে নিৰাপত্তা বাহিনীক চোৱাতকৈ বিনোদনৰ বাবে তালৈ যোৱা উচিত ৷ জম্মু-কাশ্মীৰক কিয় জেললৈ পৰ্যবসিত কৰিলে ? ইয়াক মুক্ত কৰি দিয়ক ৷” মুফতিয়ে কয় ।

টেটু গ্ৰাউণ্ড হৈছে বাটামালু আৰু শ্ৰীনগৰ অঞ্চলত অৱস্থিত ঐতিহাসিকভাৱে উল্লেখযোগ্য ১৩৯.০৪ একৰজোৰা বিশাল ভূমি । মূলতঃ ১৯২৫ চনত ইয়াক জম্মু-কাশ্মীৰৰ প্ৰথম বিমানবন্দৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল । পিছলৈ ভাৰতীয় সেনাই ইয়াক গেৰিছন, ট্ৰেনজিট কেম্প আৰু পেৰেড গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিছিল । বৰ্তমান এই স্থানখন মেগা পৰ্যটন হাব আৰু বিশ্বমানৰ বিনোদন পাৰ্কলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়া চলি আছে ।

ইয়াৰ পূৰ্বে পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক উৰি-মুজাফ্ফৰাবাদ, পুঞ্চ-ৰাৱালকোটে, কাৰ্গিল-স্কাৰ্ডু, লেহ-ছিংজিয়াং পথ মুকলি কৰিবলৈ আহ্বান জনাইছিল । ‘মোদী জী ভয় আৰু ক্ষোভ বহুত আছে । যদি এই কাশ্মীৰ (ভাৰতৰ কাশ্মীৰ) আৰু সেই কাশ্মীৰৰ (পাক অধিকৃত কাশ্মীৰ) মাজত জনসাধাৰণৰ সংস্পৰ্শ আৰু ব্যৱসায়ৰ অনুমতি দিয়া হয়, তেন্তে ৰাইজৰ মাজত পৰিৱৰ্তন দেখি আপুনি আচৰিত হ’ব ।’’ নেত্ৰীগৰাকীয়ে কয় ।

পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ কথা উল্লেখ কৰি মুফতিয়ে কয় যে কাশ্মীৰৰ এই অংশতকৈ পাকিস্তানৰ কাশ্মীৰত উন্নয়ন কম, কিন্তু “তাত থকা মানুহবোৰে শান্তিৰে বাস কৰে ।”

‘‘কাশ্মীৰৰ প্ৰথমখন মেডিকেল কলেজ ২০০৯ চনত নিৰ্মাণ কৰা হৈছিল । তাত মাত্ৰ তিনিখন মেডিকেল কলেজ আছে । আমাৰ জম্মু-কাশ্মীৰত ডজন ডজন মেডিকেল কলেজ, আই আই টি, আই আই এম, দুখন এইমছ আছে ৷ কিন্তু আমাৰ শান্তি নাই ।’’ মুফতিয়ে কয় ৷

তেওঁ দাবী কৰে যে ভাৰততকৈ পাক অধিকৃত কাশ্মীৰৰ উন্নয়ন কম যদিও তেওঁলোকৰ শান্তি আছে আৰু তেওঁলোকে শান্তিৰে শুব পাৰে । মুফতিয়ে কয়, ‘‘তেওঁলোকক সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন, ইউএপিএ, পিএছএ আৰু এজেন্সীয়ে খেদি নুফুৰে । সেয়েহে তাত কাশ্মীৰৰ মানুহ সুখী । গতিকে যদি ইয়াৰ মানুহ শান্তি আৰু সুখত থকাটো বিচাৰে, তেন্তে চহৰৰ ভিতৰৰ নিৰাপত্তা বাহিনীক প্ৰত্যাহাৰ কৰি বেৰেকলৈ ঘূৰাই পঠিয়াব লাগিব ।’’

লগতে পঢ়ক: নাবালিকা নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ মন্ত্ৰীপুত্ৰ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ