সেনাৰ প্ৰশিক্ষণ কেন্দ্ৰত মেনিংগোক’ক্কেল সংক্ৰমণৰ সন্দেহ : চৰকাৰৰ সতর্কতা জাৰি
চৰকাৰে প্ৰতিৰোধমূলক নিৰ্দেশনা জাৰি কৰি হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ, শ্বাস-প্ৰশ্বাসজনিত নিয়ম মানি চলিবলৈ, লক্ষণ দেখা পালে বা ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ পৰামৰ্শ দিছে ।

Published : February 27, 2026 at 11:17 PM IST
গুৱাহাটী: শ্বিলঙস্থিত এটা সেনা প্ৰশিক্ষণ কেন্দ্ৰত সন্দেহজনক মেনিংগোক’ক্কেলৰ সংক্ৰমণৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি জনস্বাস্থ্য সতর্কতা জাৰি কৰিছে মেঘালয় চৰকাৰে ।
চৰকাৰী সূত্ৰই জনোৱা মতে, দুজন অগ্নিবীৰ প্ৰশিক্ষণাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দেহজনক মেনিংগোক’ক্কেল সংক্ৰমণৰ ফলত হোৱা বুলিয়েই সন্দেহ কৰা হৈছে । এই ঘটনাই ৰাজ্যখনৰ স্বাস্থ্য বিভাগক সজাগ কৰি তুলিছে ।

মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এক চৰকাৰী বিবৃতিত কয় যে ৰাজ্যিক চাৰ্ভেইলেন্স ইউনিটক সতৰ্ক কৰা হৈছে আৰু বৰ্তমান এটা সক্ৰিয় এপিডেমিঅ’ল’জিকেল অনুসন্ধান আৰম্ভ কৰা হৈছে । শ্বিলঙৰ পূব খাছী হিলচ্ জিলাত চাৰ্ভেইলেন্স ইউনিটে ৰাজ্যিক ইউনিটৰ সৈতে সমন্বয় স্থাপন কৰি ঘটনাসমূহৰ বিশদ অনুসন্ধান, প্ৰয়োগশালাৰ ফলাফল পৰ্যালোচনা আৰু জিলাখনত নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ কামসমূহ কৰি আছে ।
চৰকাৰী কৰ্তৃপক্ষই জনায় যে প্ৰভাৱিত এলেকাসমূহৰ সংস্পৰ্শত থকা লোকসকলক চিনাক্ত কৰি পৃথকীকৰণ কৰা হৈছে । লগতে সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট স্থানসমূহত ফিউমিগেশ্যন কাৰ্য সম্পন্ন কৰা হৈছে । এতিয়ালৈকে আন কোনো ঠাইৰ পৰা নতুন সন্দেহজনক ঘটনা পোৱা হোৱা নাই বুলিও বিভাগে স্পষ্ট কৰিছে ।

স্বাস্থ্য বিভাগে কয়, ‘‘পৰিস্থিতি সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণত আছে আৰু মানৱ সমাজ আতংকিত হোৱাৰ কোনো কাৰণ নাই । মানদণ্ড অনুসৰি সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।’’
নাগৰিকসকলক অসুস্থ অৱস্থাত অথবা ভিৰ থকা ঠাইত মাস্ক ব্যৱহাৰ কৰা, নিয়মিতভাৱে হাত ধোৱা, কাঁহ-হাঁচিৰ সময়ত নিয়ম মানি চলা আৰু অত্যধিক ভিৰ পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে । প্ৰচণ্ড জ্বৰ, তীব্ৰ মূৰৰ বিষ, বমি, ছাল ৰঙা পৰা অথবা আন কোনো লক্ষণ দেখা পালে তৎক্ষণাত ওচৰৰ স্বাস্থ্যকেন্দ্ৰত যোগাযোগ কৰিবলৈও আহ্বান জনোৱা হৈছে ।
চৰকাৰে জনসাধাৰণক শান্ত আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই ভুৱা তথ্য প্ৰচাৰ নকৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছে । স্বাস্থ্য বিভাগে জনাইছে যে মানদণ্ড অনুসৰি সকলো প্ৰতিৰোধ আৰু নিৰীক্ষণ ব্যৱস্থা অব্যাহত ৰখা হৈছে ।
লগতে পঢ়ক: বিনামূলীয়াকৈ হ’ব হৃদৰোগত আক্ৰান্ত শিশুৰ অস্ত্ৰোপচাৰ

