ETV Bharat / bharat

কয়লাখনিত বিস্ফোৰণ : ন্যায়িক তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত মেঘালয় চৰকাৰৰ

অবৈধ কয়লাখনিৰ বিস্ফোৰণৰ বিষয়টো উচ্চ ন্যায়ালয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি পূব জয়ন্তীয়া পাহাৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ৷

MYNSNGAT COAL MINE COLLAPSE
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (ANI)
author img

By ANI

Published : February 9, 2026 at 4:47 PM IST

3 Min Read
Choose ETV Bharat

শ্বিলং: পূব জয়ন্তীয়া পাহাৰৰ মীনছাং-থাংস্কো অঞ্চলৰ কয়লাখনিত শেহতীয়াকৈ সংঘটিত বিস্ফোৰণৰ পুংখানুপুংখ তদন্তৰ বাবে মেঘালয় চৰকাৰে এক ন্যায়িক তদন্ত আয়োগ গঠন কৰাৰ যো-জা চলাইছে ৷ এই বিস্ফোৰণত কমেও ২৭ জন লোকৰ মৃত্যু ঘটিছিল ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এক্সত প্ৰকাশিত এটা পোষ্টত এনেদৰে উল্লেখ কৰে, ‘‘পূব জয়ন্তীয়া পাহাৰৰ মীনছাং-থাংস্কো অঞ্চলত শেহতীয়াকৈ সংঘটিত হোৱা কৰুণ কাণ্ডৰ তদন্তৰ বাবে চৰকাৰে তদন্ত আয়োগ আইনৰ অধীনত ন্যায়িক তদন্ত আয়োগ গঠন কৰাৰ সিদ্ধান্ত লৈছে ।’’

ইষ্ট জয়ন্তীয়া হিলছ আৰক্ষীয়ে ইয়াৰ পূৰ্বে দেওবাৰে জনাইছিল যে ৫ ফেব্ৰুৱাৰীৰ অবৈধ কয়লা খনিত হোৱা বিস্ফোৰণৰ পিছত অনুসন্ধান আৰু উদ্ধাৰ অভিযান এতিয়াও চলি আছে ৷ আনহাতে গোচৰটো বৰ্তমান উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ৷

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰক্ষী অধীক্ষক বিকাশ কুমাৰে কয় যে উচ্চ ন্যায়ালয়ে এই ঘটনাৰ খবৰ লৈছে আৰু পূব জয়ন্তীয়া পাহাৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক ব্যক্তিগতভাৱে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ।

আৰক্ষী অধীক্ষক কুমাৰে কয়, ‘‘৫ ফেব্ৰুৱাৰীত সংঘটিত হোৱা অবৈধ কয়লাখনিৰ বিস্ফোৰণৰ বিষয়টো সন্মানীয় উচ্চ ন্যায়ালয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি পূব জয়ন্তীয়া পাহাৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক ব্যক্তিগতভাৱে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ যিহেতু বিষয়টো এতিয়াও বিচাৰাধীন, গতিকে এই বিষয়ত আমি বেছি মন্তব্য প্ৰদান কৰিব নোৱাৰো ।’’

বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কো অঞ্চলৰ মাছিংগাটত থকা কয়লাখনিৰ পৰা এতিয়ালৈকে ২৪ টা মৃতদেহৰ ভিতৰত ৬ টা মৃতদেহ সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন(এন ডি আৰ এফ) বাহিনীয়ে ।

যোৱা ৫ ফেব্ৰুৱাৰীত থাংস্কো অঞ্চলৰ মাছিংগাটত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অবৈধ কয়লাখনিৰ ভিতৰত আবদ্ধ হৈ পৰিছিল কেইবাজনো শ্ৰমিক ।

এন ডি আৰ এফৰ ফাৰ্ষ্ট বেটালিয়নৰ কমাণ্ডেণ্ট এইচ পি এছ কাণ্ডাৰীয়ে এ এন আইক জনোৱা মতে, প্ৰাকৃতিকভাৱে থকা এই কয়লাখনিৰ খননত বৃহৎ প্ৰত্যাহ্বান আছে ।

‘‘আমি কয়লা খনিৰ আন দুৰ্ঘটনাতো অংশ লৈছো, যেনে - কয়লাখনিত হোৱা বান ৷ এইধৰণৰ অভিযানত আমি প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছো । এই কয়লাখনি প্ৰায় ১০০ ফুট দ আৰু তাৰ তলত সৰু সৰু সুৰংগ আছে । এই সংকীৰ্ণ অংশবোৰে প্ৰত্যাহ্বানৰ সৃষ্টি কৰে । পূৰ্বে বিষাক্ত গেছৰ আশংকা আছিল । এনেক্ষেত্ৰত মানসিক স্থিৰতাও এক প্ৰত্যাহ্বান আৰু এই সংকীৰ্ণ সুৰংগবোৰ নিৰাপদ হোৱাটো নিশ্চিত কৰাকে ধৰি আন্ধাৰত মৃতদেহ বিচাৰি উলিওৱা আৰু উলিয়াই অনা, এই সকলোবোৰ তীব্ৰ প্ৰত্যাহ্বানজনক’’ - কাণ্ডাৰীয়ে কয় ।

আনহাতে, অভিযানৰ সময়ত এন ডি আৰ এফৰ জোৱানসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে বৰ্ণনা কৰি এন ডি আৰ এফৰ ফাৰ্ষ্ট বেটালিয়নৰ ডেপুটি কমাণ্ডিং অফিচাৰ নৃপেন তিৱাৰীয়ে এ এন আইক এনেদৰে কয়, ‘‘এই ঠাই বহু দূৰৈত আৰু খনিৰ ভিতৰত আবদ্ধ হৈ থকা ভুক্তভোগীসকলৰ বাহিৰে বাকী সকলোৱে এই কাণ্ডৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।’’

লগতে পঢ়ক: মেঘালয়ৰ জয়ন্তীয়া হিলছৰ কয়লাখনিৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৫লৈ বৃদ্ধি

মেঘালয়ৰ কয়লাখনিত ভয়ংকৰ বিস্ফোৰণ, ১৮ গৰাকীৰ মৃতদেহ উদ্ধাৰ