মেঘালয় কয়লাখনি বিস্ফোৰণত আহত আন ২ জনৰ মৃত্যু : মৃতকৰ সংখ্যা ৩০ লৈ বৃদ্ধি
নিহত লোক দুজন কাছাৰ জিলাৰ কাটিগৰাৰ বাসিন্দা ৷ মেঘালয়ৰ কয়লাখনি বিস্ফোৰণত এই পৰ্যন্ত কাছাৰ জিলাৰ ৮ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷

Published : February 10, 2026 at 1:32 PM IST
শিলচৰ : মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত সংঘটিত হোৱা কয়লাখনি বিস্ফোৰণত আহত আন দুজন লোকৰ সোমবাৰে নিশা মৃত্যু হয় ৷ ইয়াৰ লগতে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমান ৩০ জনলৈ বৃদ্ধি পাইছে ৷ নিহত লোক দুজন ৰামচন্দ্ৰ বৈষ্ণৱ আৰু নিমাৰুদ্দিন (২৬) বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁলোক দুয়োজনেই কাছাৰ জিলাৰ কাটিগৰাৰ বাসিন্দা ৷
মেঘালয়ৰ কয়লাখনি বিস্ফোৰণৰ পাছত তেওঁলোকক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত (এছ এম চি এইচ)ত ভৰ্তি কৰোৱা হৈছিল আৰু সোমবাৰে নিশা এছ এম চি এইচতে চিকিৎসাধীন অৱস্থাত দুয়োৰে মৃত্যু হয় । ইফালে মেঘালয়ৰ কয়লাখনি বিস্ফোৰণত এই পৰ্যন্ত ৮ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷ মৃত আটাইকেইজন কাছাৰ জিলাৰ ।
৫ ফেব্ৰুৱাৰীত মেঘালয়ৰ সীমান্তৱৰ্তী মীনছাংট গাঁৱৰ দুৰ্গম থাংস্কু অঞ্চলত অবৈধভাৱে পৰিচালিত কয়লাখনিত সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা ৷ ইয়াৰ পাছতেই প্ৰশাসনে ক্ষিপ্ততাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু ৯ জন আহত শ্ৰমিকক এছ এম চি এইচত ভৰ্তি কৰোৱা হয় ।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই ঘটনাত শোক প্ৰকাশ কৰি দোষীক শাস্তি দিয়াৰ লগতে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে বিস্ফোৰণৰ কাৰণ জানিবলৈ আৰু দায়িত্ব নিৰ্ধাৰণ কৰিবলৈ ঘটনাৰ ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়ে । আনহাতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও এই ঘটনাত শোক প্ৰকাশ কৰি ৰাজ্যৰ প্ৰতিজন মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছিল ।
(এজেন্সী ইনপুটৰ সহায়ত)

