হাতত গীটাৰ লৈ সংগীত পৰিৱেশন মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ
৩০ মেট্ৰিক টন সতেজ মাটিকঁঠাল বিক্ৰীৰে সামৰণি পৰিল মেঘালয় মাটিকঁঠাল মহোৎসৱৰ ৷

Published : July 13, 2026 at 1:40 PM IST
গুৱাহাটী: আশানুৰূপ বিক্ৰী, নতুন খুচুৰা ব্যৱসায়িক অংশীদাৰিত্ব আৰু জনসাধাৰণৰ বিপুল সঁহাৰিৰ মাজেৰে দেওবাৰে ৰাজধানী দিল্লীৰ দিল্লী হাটত চতুৰ্থ সংখ্যক মেঘালয় মাটিকঁঠাল মহোৎসৱৰ সফলতাৰে সামৰণি পৰে । এইবছৰ মহোৎসৱত ৩০ মেট্ৰিক টন সতেজ মেঘালয়ৰ মাটিকঁঠাল বিক্ৰী হয় ।
মেঘালয় মহোৎসৱৰ ২০২৩ৰ প্ৰথম সংস্কৰণত ৭.৭ মেট্ৰিকৰ বিপৰীতে ২০২৫ চনত ১৫.৪ মেট্ৰিক টন মাটিকঁঠাল বিক্ৰী হৈছিল । এইবাৰ তাৰ তুলনাত প্ৰায় দুগুণ মাটিকঁঠালৰ বিক্ৰী বৃদ্ধি পাইছে । এই সাফল্যই মেঘালয়ৰ মিঠা সোৱাদ, মনোমোহা সুগন্ধি আৰু কম অম্লযুক্ত উচ্চমানৰ মাটিকঁঠালৰ চাহিদা বৃদ্ধি কৰাৰ লগতে কৃষকৰ বাবে অধিক শক্তিশালী বজাৰ দিয়াত ৰাজ্য চৰকাৰৰ সফল প্ৰচেষ্টাকো প্ৰতিফলিত কৰিছে ।
সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই দিল্লীবাসীক উৎসৱলৈ আগবঢ়োৱা বিপুল সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । মহোৎসৱৰ সামৰণি অনুষ্ঠানত এক অপূৰ্ব দৃশ্য দেখিবলৈ পোৱা গ'ল । মুখ্যমন্ত্রী কনৰাড কে চাংমাই নিজে হাতত গীটাৰ তুলি লৈ ‘মেঘালয় গ্ৰাছৰুটছ মিউজিক প্ৰ’গ্ৰাম (CM-MGMP)ৰ শিল্পীসকলৰ সৈতে গীত পৰিৱেশন কৰে ।



তেওঁৰ সংগীত পৰিবেশনে মহোৎসৱৰ সামৰণি ক্ষণটোক অধিক আকৰ্ষণীয় কৰি তোলে । মেঘালয় গ্ৰাছৰুটছ মিউজিক প্ৰগ্ৰামৰ শিল্পীসকলৰ সৈতে সংগীত পৰিৱেশন কৰি তেওঁ কয়, “আমাৰ ‘মেঘালয় গ্ৰাছৰুটছ মিউজিক প্ৰগ্ৰাম’ত ৭,০০০ৰো অধিক শিল্পী জড়িত আছে ।" উল্লেখ্য যে এইবাৰৰ মহোৎসৱত সকলো সামগ্ৰী সম্পূৰ্ণৰূপে বিক্ৰী হয় । লগতে মেঘালয়ৰ থলুৱা খাদ্যই দৰ্শনাৰ্থীক বিশেষভাৱে আকৰ্ষণ কৰে । লাকাডং হালধি, আদা, কঁঠালৰ চিপছ, মৌ আদি থলুৱা সামগ্ৰীৰ প্ৰচুৰ চাহিদা দেখা যায় ।

