১৯ বছৰীয়া যুৱক-যুৱতীয়ে কৰিব নোৱৰা কাম কৰিছে ১৯ মহীয়া শিশুৱে !
মাত্ৰ ১৯ মাহ বয়সতে ফ্লেছকাৰ্ডৰ সহায়ত ১৭০ তকৈ অধিক বস্তু চিনাক্ত কৰিব পৰা এটি শিশু ।

Published : June 28, 2026 at 1:15 PM IST
গিৰ সোমনাথ : সাধাৰণতে ডেৰ বছৰৰ পৰা দুবছৰ বয়সৰ ভিতৰত এটা শিশুৱে কথা ক'বলৈ শিকে । কিন্তু আজি আমি এটা বিস্ময় শিশুৰ কথা ক'ব বিচাৰিছোঁ যিয়ে কথা ক'বলৈ শিকা বয়সত বিশ্ব অভিলেখ কৰিছে । সকলোকে আচৰিত কৰি ১৭০ টাতকৈও অধিক বস্তু চিনাক্ত কৰি অসাধাৰণ স্মৃতিশক্তি আৰু চিনাক্তকৰণ ক্ষমতাৰ পৰিচয় দিছে শিশুটোৱে ।
জুনাগড়ৰ বাসিন্দা আৰু বৰ্তমান চুৰাটত বাস কৰা কৰ্ণ পৰমাৰে মাত্ৰ ১ বছৰ ৮ মাহতে অনন্য প্ৰতিভাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে । তাৰ এমাহ পিছতে কৰ্ণ পৰমাৰে ইণ্টাৰনেশ্বনেল বুক অৱ ৰেকৰ্ডছৰ 'ছুপাৰ টেলেণ্টেড কিড' শীৰ্ষক সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে । এই কৃতিত্বৰ বাবে শিশুটোক পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে । ২০২৬ চনৰ ১৪ মাৰ্চত এই স্বীকৃতি প্ৰদান কৰা হয় ।

ইমান কম বয়সতে কৰ্ণই ইংৰাজী বৰ্ণমালা, ফল-মূল, শাক-পাচলি, বনৰীয়া আৰু ঘৰচীয়া জীৱ-জন্তু, চৰাই, বিভিন্ন বাহন, জাতীয় পতাকা আদি বহুতো বস্তু সহজেই চিনাক্ত কৰিব পাৰে । তেওঁ ফ্লেছকাৰ্ডৰ সহায়ত প্ৰতিটো বস্তুৰ নাম সঠিকভাৱে চিনাক্ত কৰে ।
কৰ্ণৰ পিতৃ মিথুনভাই পৰমাৰে কয়, "আমি কৰ্ণক জন্মৰ পৰাই মোবাইল ফোন আৰু ডিজিটেল স্ক্ৰীণৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিছো । বৰ্তমান তেওঁ ১৭০ টাতকৈও অধিক বস্তু সহজেই চিনাক্ত কৰিব পাৰে । ইমান কম বয়সতে তেওঁৰ প্ৰতিভাই যি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে সেয়া আমাৰ সমগ্ৰ পৰিয়ালটোৰ বাবে গৌৰৱ আৰু আনন্দৰ বিষয় ।"
কৰ্ণৰ এই সফলতাৰ আঁৰত আছে মাতৃ নেহালবেন পাৰমাৰৰ অক্লান্ত প্ৰচেষ্টা, ধৈৰ্য আৰু সমৰ্পণ । তেওঁ কৰ্ণক মোবাইলৰ পৰা আঁতৰাই ৰাখিছিল আৰু কিতাপ, ফ্লেছকাৰ্ড, শিক্ষামূলক খেল, দৈনন্দিন অধ্যয়নৰ জৰিয়তে তেওঁৰ স্মৃতিশক্তি আৰু জ্ঞানৰ বিকাশত সহায় কৰিছে । যিটো যুগত সৰু ল'ৰা-ছোৱালীয়ে মোবাইল ফোন আৰু ডিজিটেল পৰ্দাৰ প্ৰতি দ্ৰুতগতিত আকৰ্ষিত হয়, সেই যুগত কৰ্ণৰ এই সফলতাই অভিভাৱকসকললৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিথে । সঠিক পথ প্ৰদৰ্শন আৰু মানসম্পন্ন সময়ে শিশুৰ প্ৰতিভাক বিকশিত কৰিব পাৰে বুলিও প্ৰমাণ হৈছে ।
কৰ্ণৰ পিতৃয়ে চুৰাটত বাৰক'ড প্ৰিণ্টাৰৰ ব্যৱসায় চলাই আছে । পৰিয়ালটো মূলতঃ জুনাগড় জিলাৰ আম্বালিলা গাঁৱৰ যদিও কৰ্ণৰ গৃহ চহৰ আমৰেলি জিলাৰ কেৰিয়াচাদ গাঁও । কৰ্ণৰ এই দ্বৈত সাফল্যই চুৰাট, জুনাগড়, আমৰেলি আৰু সমগ্ৰ গুজৰাটক গৌৰৱান্বিত কৰিছে ।
কণমানি কৰ্ণই নিজৰ অসাধাৰণ প্ৰতিভাৰ জৰিয়তে প্ৰমাণ কৰিছে যে বয়স কেতিয়াও প্ৰতিভাৰ ক্ষেত্ৰত বাধা নহয় । আজি সকলোৱে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে আৰু আশা কৰিছে যে কৰ্ণই ভৱিষ্যতে বিশ্ব মঞ্চত ভাৰতৰ বাবে অধিক গৌৰৱ কঢ়িয়াই আনিব ।
লগতে পঢ়ক :
ট্ৰাম্পৰ নামেৰে হায়দৰাবাদত পথ; ভাৰতক ধন্যবাদ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

